নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত  অৰুণোদয় ৩.০ৰ আনুষ্ঠানিক শুভাৰম্ভণি মুখ্যমন্ত্রীৰ

অৰুণোদয় আঁচনিৰ বাবে অসমৰ মহিলাসকল শক্তিশালী হৈছে, মুখ্যমন্ত্রী, ২০ জানুৱাৰীৰ ভিতৰত  বি টি আৰৰ মহিলাসকলক দিয়া হব মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চেক, ১ জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে উপহাৰ, ছাত্রৰ বাবে আঁচনি ঘোষণা কৰিব মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কোকৰাঝাৰৰ বডোফা নগৰ গ্রীণ ফিল্ডত আয়োজিত এখন বিশাল জনসভাত বি টি আৰৰ হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ৰ শুভাৰম্ভ কৰে৷ ইয়াৰ জৰিয়তে বি টি আৰৰ ৪.১২ লাখ মহিলা উপকৃত হব৷ এই উপলক্ষে  ওদালগুৰি, চিৰাং, বাক্সা আৰু তামুলপুৰ জিলাত আয়োজিত সভাত কোকৰাঝাৰত অনুষ্ঠিত সভাখনৰ পোনপটীয়া সম্প্রচাৰ কৰা হয়৷

সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা ৭ অক্টোবৰ তাৰিখে বি টি আৰৰ বাহিৰে অসমৰ আন স্থানৰ হিতাধিকাৰীসকলৰ বাবে অৰুণোদয় ৩.০ আৰম্ভ কৰা হৈছিল৷ কিন্তু  পৰিষদীয় নির্বাচনৰ বাবে বি টি আৰৰ হিতাধিকাৰীসকলক  অৰুণোদয় ৩.০ দিব পৰা হোৱা নাছিল৷ নির্বাচনী  প্রচাৰৰ  সময়ত বি টি চিৰ ৰাইজক নির্বাচনৰ পাছতেই অসমৰ আন ঠাইৰ দৰে অৰুণোদয়, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ সুবিধা প্রদান কৰাৰ বাবে দিয়া প্রতিশ্রুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে বি টি চি প্রধান হাগ্রামা মহিলাৰীৰ সৈতে আলোচনামর্মে বি টি আৰৰ ৪ লাখতকৈ অধিক হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷

বিটিআৰত আজি আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ ফলত কোকৰাঝাৰ জিলাত ১২০৮৫৪ গৰাকী, বাক্সা জিলাত ৬০৬৭৬ গৰাকী, চিৰাং জিলাত ৬০৫৪৫ গৰাকী, তামুলপুৰ জিলাত ৬১৫৭৮ গৰাকী আৰু ওদালগুৰি জিলাত ১০৯০৩৪ গৰাকী  হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব৷

বিটিআৰত প্রথমবাৰৰবাবে ৪ লাখৰো অধিক মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি অহা পহিলা জানুৱাৰীৰ দিনা সমগ্র অসমৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা উপহাৰ দিয়া হব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ বর্তমান অসমৰ ৩৮ লাখ মহিলাক অৰুণোদয় আঁচনিয়ে সমাৰি লোৱা বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে অৰুণোদয় আঁচনিৰ বাবেই অসমৰ মহিলাসকল শক্তিশালী হব পাৰিছে৷

আগতে মহিলাসকলে বহুত কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এতিয়া মহিলাসকলে প্রতিমাহৰ ১০ তাৰিখে নিজৰ একাউন্ঢত ১২৫০ টকাকৈ লাভ কৰে৷ ইয়াৰ উপৰি প্রধান মন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে বিনামূলীয়াকৈ প্রদান কৰা চাউল, অসম চৰকাৰে ১১৭ টকাত এক কিলোকৈ দাইল, চেনি আৰু নিমখ দিয়াৰ কথা ভাষণত উল্লেখ কৰি তেওঁ কয় যে  অহা  ১ জানুৱাৰীৰ পৰা ১০০ টকাতে এক কিলোকৈ দাইল, চেনি আৰু নিমখ দিয়া হব৷

চৰকাৰৰ এনে পদক্ষেপৰ ফলত এতিয়া ঘৰ এখন চলাবৰ বাবে মহিলাসকলে কাৰো ওচৰত হাত পাতিবলগীয়া নহয় বুলিও তেওঁ কয়৷ আগতে অসমত দৰিদ্র মানুহৰ বাবে এনে বৃহৎ পৰিসৰৰ আঁচনি গ্রহণ কৰা হোৱা নাছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে জাতি, ধর্ম নির্বিশেষে সকলো দুখীয়া মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে৷

বিটিআৰৰ মহিলাসকলক ২০ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাৰ চেক দিয়া হব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে তামুলপুৰত ইতিমধ্যে চেক বিতৰণ কৰা হৈছে৷  ১৩ ডিচেম্বৰত গোসাঁইগাঁৱত, ১৭ ডিচেম্বৰত দতমাত চেক বিতৰণ কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে৷ নিযুত মইহনা আঁচনিৰ জৰিয়তে কলেজত অধ্যয়ন কৰি থকা ছাত্রীসকলক পঢ়াৰ বাবে আর্থিক সহায়তা আগববাই থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ১ জানুৱাৰীত ছাত্রসকলৰ বাবেও এনেধৰণৰ এখন আঁচনি ঘোষণা কৰা হব৷

সভাত বিত্ত আদি বিভাগৰ মন্ত্রী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, বি টি চি প্রধান হাগ্রামা মহিলাৰী, বিধায়ক ৰবিৰাম নার্জাৰী, বিধায়ক লৰেঞ্চ হছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, প্রাক্তন মন্ত্রী প্রমীলাৰাণী ব্রহ্ম প্রমুখ্যে কেবাগৰাকী গণ্যমাণ্য ব্যক্তি, বিটিচিৰ প্রধান সচিব মুকেশ চন্দ্র চাহুকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ

You might also like