নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱদূত : এটা কুকুৰৰ ভুকভুকনিত ৬৭জন লোকৰ জীৱন ৰক্ষা

ধৰমপুৰ অঞ্চলৰ অন্তৰ্গত চিয়াথি গাঁৱৰ মানুহবোৰ তেতিয়া গভীৰ টোপনিত আছিল। কুকুৰটোৰ অস্বাভাৱিক আচৰণ লক্ষ্য কৰি গাঁওবাসীয়ে উপলব্ধি কৰে যে নিশ্চয় কিবা বিপদ হৈছে।

তেতিয়া ৩০ জুনৰ নিশা প্ৰায় ১ বজা। অঞ্চলটোত অতি বৰষুণ। বৰষুণৰ ফলত হঠাৎ বান আৰু ভূমিস্খলন। তাৰ পিছত গাঁওখনৰ এটা কুকুৰে ধাৰাবাহিকভাৱে জোৰে জোৰে ভুকিবলৈ আৰম্ভ কৰে।

হিমাচল প্ৰদেশৰ ধৰমপুৰ অঞ্চলৰ অন্তৰ্গত চিয়াথি গাঁৱৰ মানুহবোৰ তেতিয়া গভীৰ টোপনিত আছিল। কুকুৰটোৰ অস্বাভাৱিক আচৰণ লক্ষ্য কৰি গাঁওবাসীয়ে উপলব্ধি কৰে যে নিশ্চয় কিবা বিপদ হৈছে।

কিছু সময়ৰ ভিতৰতে মানুহে নিজৰ ঘৰ এৰি দৌৰি ওলাই আহে— বহুতে নিজৰ সামগ্ৰীও লৈ যাব নোৱাৰিলে। তেওঁলোকে যেতিয়া ওলাই আহে, কিছু সময়ৰ পাছতে এটা ডাঙৰ ভূমিস্খলন গাঁওখন হয়। প্ৰায় দহখন ঘৰ মাটিৰ তলত সমাধিস্থ হয়। মাত্ৰ তিনি-চাৰিটা ঘৰহে ধ্বংসাৱশেষৰ মাজত দেখা পোৱা যায়।

গাঁওবাসীৰ মতে, সেই নিশা কুকুৰটো প্ৰকৃততে দেৱদূত— যিয়ে সময়মতে সতর্ক কৰি ৬৭ লোকৰ প্ৰাণৰক্ষা কৰিলে। উদ্ধাৰ হোৱা লোকসকল এতিয়া ওচৰৰ ত্ৰিয়ম্বলা গাঁৱৰ নাইনা দেৱী মন্দিৰত আশ্ৰয় লৈ আছে।

২০ জুনৰ পৰা হিমাচল প্ৰদেশত বৰষুণ আৰম্ভ হোৱাৰ পাছৰ পৰাই ৭৮জন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত ৫০জনৰ মৃত্যু ভূমিস্খলন আৰু বৰষুণ-সম্পৰ্কীয় দুৰ্ঘটনাত, আৰু ২৮জনৰ মৃত্যু পথ দুৰ্ঘটনাত। মাণ্ডি জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত — ১৫০ৰো অধিক ৰাস্তা বন্ধ হৈ পৰিছে।

কিন্তু এই সকলো ধ্বংসৰ মাজতো, কুকুৰটোৱে সঠিক সময়ত দিয়া সতৰ্কবাণীৰ কাহিনী এটা চেনেহৰ নিদৰ্শন — য’ত এটি সৰু ভুকভুকনিয়ে বহু জীৱন ৰক্ষা কৰিলে।

Niyomiya Barta Desk, Date of Published, 8 July, 2025

You might also like