নিয়মীয়া বাৰ্তা, গেলেকী, ১১ ছেপ্টেম্বৰ : গেলেকী থানাৰ অন্তৰ্গত হাবি গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হৈছে এজন লোক । গেলেকী হাবি গাঁও নিৱাসী ভপু শইকীয়া (৫১) নামৰ এজন লোকক নিশা একে গাঁৱৰে নিৱাসী হৰিধন গগৈয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণেমৰাৰ চেষ্টা কৰে।
আহত ভপু শইকীয়াৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, কোনো কাৰণ নোহোৱাকৈ নিশা প্ৰায় ৯ বজাত এখন চোকা দা লৈ আহি আক্ৰমণ কৰে হৰিধন গগৈয়ে । হৰিধন গগৈয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত বেয়াকৈ আহত হয় ভপু শইকীয়া নামৰ লোকজন । আহত লোকজনে হাত, ডিঙি আৰু ভৰিত বেয়াকৈ আঘাত পায় । আঘাতপ্ৰাপ্ত ভপু শইকীয়াৰ অধিক ৰক্তক্ষৰণ হোৱা বাবে থিতাতে পৰি যায় । ঘটনাটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ওলাই আহি ততাতৈয়াকৈ আহত লোকজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে আৰু গেলেকী আৰক্ষীক খবৰ দিয়ে ।
পৰৱৰ্তী সময়ত গেলেকী আৰক্ষী উপস্থিত হৈ অভিযুক্তক আটক কৰাৰ লগতে ঘটনাৰ লগত জড়িত সামগ্ৰী জব্দ কৰে । বৰ্তমান আহত ভপু শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে গেলেকী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু আদালতলৈ প্ৰেৰণ কৰিছে ।