আমেৰিকাত ট্রাম্পৰ ঘনিষ্ঠ চাৰ্লি কিৰ্কক গুলীয়াই হত্যা দুৰ্বৃত্তৰ
🔹 আক্রমণকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব : ট্ৰাম্প
নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : আমেৰিকাত ডনাল্ড ট্রাম্পৰ ঘনিষ্ঠ দক্ষিণপন্থী নেতা চাৰ্লি কিৰ্কক গুলীয়াই হত্যা কৰিলে দুষ্কৃতিকাৰীয়ে। বৃহস্পতিবাৰে দুৰ্বৃত্তই নাতিদূৰৈৰ পৰা গুলীয়াই হত্যা কৰে চাৰ্লি কিৰ্কক। উটাহ ভেলী বিশ্ববিদ্যালয় চৌহদত বক্তব্য দি আছিল চাৰ্লি কিৰ্কে। অনুষ্ঠান চলি থকাৰ সময়তে আততায়ীয়ে চাৰ্লি কিৰ্কলৈ লক্ষ্য কৰি গুলীচালনা কৰে।
এই হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে। তেওঁ ঘটনা সন্দৰ্ভত কয়- “এয়া জঘন্য। আমেৰিকাৰ ইতিহাসৰ ই এক অন্যতম ক’লা অধ্যায়। আক্রমণকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব।”
চাৰ্লি কিৰ্কৰ বয়স হৈছিল ৩১ বছৰ। তেওঁ ট্রাম্পৰ অন্যতম সহযোগী আছিল আৰু আমেৰিকাৰ তৰুণ ভোটাৰসকলক ৰিপাব্লিকান পাৰ্টীৰ ফালে আকৰ্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। শেহতীয়াকৈ ‘আমেৰিকান কামবেক টুৰ’ নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিছিল তেওঁ। এই কাৰ্যসূচীৰ অংশ হিচাপে তেওঁ দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত বক্তব্য দিছিল। বৃহস্পতিবাৰে উটাহৰ এই বিশ্ববিদ্যালয়খনত বক্তব্য দি থাকোঁতে এই আক্রমণ সংঘটিত হয়।
চাৰ্লি কিৰ্ক গুলীবিদ্ধ হোৱাৰ লগে লগে ৰক্তাক্ত অৱস্থাত মাটিত ঢলি পৰে। ততালিকে তেওঁক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
এই হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰি ৰাষ্ট্ৰপতি ট্রাম্পে ছ’চিয়েল মিডিয়া ‘ট্ৰুথ’ত লিখিছে- “চাৰ্লি এগৰাকী মহান ব্যক্তি আছিল। সদায় সত্যৰ পক্ষত আছিল তেওঁ। সকলোৰে প্ৰিয় আছিল চাৰ্লি। এনে জঘন্য ঘটনা আমেৰিকাৰ ইতিহাসত এটা ক’লা অধ্যায় হৈ ৰৈ যাব। আক্রমণকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব। লগতে দেশত যিসকলে ৰাজনৈতিক হিংসা বঢ়াইছে, তেওঁলোককো ক্ষমা কৰা নহ’ব।”
ট্রাম্পৰ অভিযোগ- উগ্ৰ বামপন্থীসকলে আমেৰিকাত সন্ত্রাস বঢ়াইছে আৰু এই ধৰণৰ ঘটনা অবিলম্বে বন্ধ হোৱা উচিত।