কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে হাজো, দদৰা আৰু শুৱালকুছি থানাৰ আৰক্ষীয়ে কালি এঘাৰগৰাকীকৈ গভাইত ডকাইতক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত কামৰূপৰ বিভিন্ন স্হানৰ পৰা কেইবা কোটি টকাৰ সোণৰ আৰু ৰূপৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি আজি কিছুদিন ধৰি হাজো, শুৱালকুছি আৰু দদৰা আৰক্ষীৰ অন্তৰ্গত এলেকাত মানুহৰ দৰ্জা ভাঙি চুৰি কাৰ্য সংঘটিত হৈ আছিল ৷ শিঙিমাৰীৰ ভগৱান বৰ্মনৰ গৃহতো আজি কিছুদিন পূৰ্বে মানুহ নথকাৰ সুযোগ লৈ দৰ্জা ভাঙি সোণ আৰু ৰূপৰ সামগ্ৰীৰ লগতে নগদ ধনো লুটি নিয়ে ৷ এই সন্দৰ্ভত হাজো থানাত ৩৩/২০২৬ আইপিচি ৩০৫, ৩৩১ নম্বৰত এটি গোচৰ ৰুজু কৰা হৈছিল ৷ ইয়াৰ ভিত্তিতে তদন্ত চলাই প্ৰথমে চাৰিজন সন্দেহযুক্ত গভাইত ডকাইতক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছতে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আন ৭ ডকাইতক গ্ৰেপ্তাৰ কৰা হয় হয় ৷ ইয়াৰে দুগৰাকী জুৱেলাৰীও আছে ৷
ডকাইতৰ দলটোৰ পৰা সকলো কথাৰ সম্ভেদ লাভ কৰাৰ পিছত কালি হাজো আৰু শুৱালকুছি থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে ১২ কিলোগ্ৰাম ৰূপ আৰু ১৯২ টুকুৰা সোণৰ বিভিন্ন অলংকাৰ, ৫০ গ্ৰাম গলোৱা সোণ, নগদ ১,৯৭,০০০ টকা ৷ লগতে জব্দ কৰে চাৰিখন বাইক ৷