🔹 মাদকদ্রব্য সেৱন কৰি কোঙা হোৱাৰ পৰিণতি
🔹 দালাল চক্রই ফুচুলাই কলকাতালৈ নি বিক্রী কৰিছে অংগ
🔹 ধন শেষ হ’লে বেচে পত্নীৰো কিডনী
🔹 নগাঁও জিলা প্রশাসনে অদ্যাপি দিয়া নাই গুৰুত্ব
বিশেষ বার্তা, নগাঁও, ২ নৱেম্বৰ : নগাঁও চহৰৰ সমীপৰ হুজ কৈৱর্ত গাঁৱৰ একাংশ লোকৰ শৰীৰত নাই এটাকৈ কিডনী ৷ দৰিদ্রতাই কোঙা কৰিছে নগাঁৱৰ হুজ কৈৱর্ত গাঁৱৰ অর্ধশতাধিক লোকৰ জীৱন৷ শুনি আচৰিত হ’বলগীয়া কথাটো হ’ল দৰিদ্রতাৰ বাবেই লোকসকলে বিক্রী কৰিছে নিজৰ একোটাকৈ কিডনী ৷- এয়া কিডনী বিক্রী কৰোঁতাসকলৰ ভাষ্য যদিও প্রকৃত কাহিনী শুনিলে সকলোৰে চকু কপালত উঠিব৷
মাদকদ্রব্য সেৱন কৰি আর্থিকভাৱে কোঙা হোৱা লোকসকলে এতিয়া নিজৰ মহামূল্যৱান কিডনী বিক্রী কৰাত লাগিছে৷ কিডনী বিক্রী চক্রই কমিছনৰ টোপ দি গাঁৱৰে একাংশ দালালৰ জৰিয়তে এই দৰিদ্র লোকসকলক ফুচুলাই কলকাতালৈ নি তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকাত কিডনী বিক্রী কৰিবলৈ বাধ্য কৰাইছে বুলি গুৰুতৰ অভিযোগ উঠিছে৷ কোনোজনে নিজৰ কিডনী বিক্রী কৰি লাভ কৰা ধন খৰচ কৰি শেষ কৰাৰ পাছত নিজৰ পত্নীৰ কিডনী বিক্রী কৰিবলৈও কুণ্ঠাবোধ কৰা নাই বুলিও চর্চা হৈছে৷
বহুতেই কমিছনৰ অংকত নিজৰ কিডনী বিক্রী কৰাৰ পাছত আন লোককো কিডনী বিক্রী কৰিবলৈ প্রেৰণা যোগাই দালালি আৰম্ভ কৰাৰ অভিযোগ উঠিছে৷ বিষয়টো ইতিমধ্যে নগাঁও জিলাৰ আয়ুক্তক অৱগত কৰিছে যদিও জিলা প্রশাসনৰ ফালৰ পৰা অদ্যাপি কোনো যোগাত্মক পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে৷ এই সকলো কথা পোহৰলৈ আনিছে হুজ কৈৱর্ত গাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনীয়ে৷
গাঁওৰক্ষী বাহিনীয়ে আয়োজন কৰা এখন ড্রাগছবিৰোধী সজাগতা সভাত বিশিষ্ট সমাজ সচেতক তথা স্থানীয় গাঁওপ্রধান দীপু দাসে সভাত মুকলিকৈ এই কথা প্রকাশ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিছে৷ সময় থাকোঁতেই জিলা প্রশাসনে এই সমস্যাৰ বুজ লৈ হুজ কৈৱর্ত গাঁৱৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা নিদিলে ইয়াৰ ঋণাত্মক প্রভাৱে সমগ্র গাঁওখনৰ দৰিদ্র লোকসকলক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়াৰ আশংকাক নুই কৰিব নোৱাৰি৷ সাম্প্রতিক পৰিস্থিতি আৰু দৰিদ্রতাই কোঙা কৰা নগাঁও চহৰৰ গাতে লাগি থকা হুজ কৈৱর্ত গাঁৱৰ দৰিদ্র লোকেই নিজৰ নিজৰ কিডনী বিক্রী কৰিবলৈ হয়তো আৰু বেছি দিনলৈ অপেক্ষা কৰিবলগীয়া নহ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে৷