নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিবাৰী সত্ৰ বৰবাহাত ভয়াৱহ অগ্নিকাণ্ড

কামৰূপৰ নগৰবেৰা মালিবাৰী সত্ৰ বৰবাহা গাঁৱত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় | জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ | বৰবাহাৰ জামালুদ্দিনৰ ঘৰত নিশা এই অগ্নিকাণ্ড সংঘটিত হয় |

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ জুইত প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ লগতে, নগদ ধন, ধান, সোণৰ গহনাপাতি জাহ যায়৷ নিশা শুই থকা অৱস্থাতে সংঘটিত এই অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ লোকসকলৰ | জুইত সমস্ত জাহ যোৱাত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ ফেব্ৰুৱাৰী :

You might also like