নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত ইজৰাইলৰ বোমা আক্রমণত নষ্ট চাৰি হাজাৰ ভ্রূণ

🔹 নিঃসন্তান পেলেষ্টাইনী দম্পতীৰ স্বপ্ন থানবান
বিশেষ বাৰ্তা, ১৯ এপ্রিল : হাজাৰ হাজাৰ নিঃসন্তান দম্পতীৰ মনত জাগিছিল আশা৷ সপোন দেখিছিল যে এদিন তেওঁলোকৰো ঘৰ উজলাব নৱজাতক শিশুৱে৷ গতিকে তেওঁলোকে হাতত লৈছিল আইভিএফ ব্যৱস্থাৰ৷ গাজাত কেইবাখনো ফার্টিলিটী ক্লিনিকত শুক্রাণু তথা ডিম্বাণু সংৰক্ষণ কৰি ৰাখিছিল বহু দম্পতীয়ে৷ কিন্তু হামাছ–ইজৰাইলৰ যুদ্ধত সকলো স্বপ্ণ ভাঙি চূৰমাৰ হৈছে তেওঁলোকৰ৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি, গাজাত ইজৰাইলৰ বোমাবর্ষণৰ ফলত চাৰি হাজাৰৰো অধিক ভ্রূণ নষ্ট হৈছে৷ প্রতিবেদন অনুসৰি গাজাত ৯খন আইভিএফ ক্লিনিক আছে৷ এই ক্লিনিকবোৰত শুক্রাণু আৰু ডিম্বাণু সংগ্রহ কৰি ৰখা হয়৷ তেনে এখন ক্লিনিক হৈছে আল–বাছমা আইভিএফ চেণ্টাৰ৷ ৰয়টার্ছৰ সূত্রই সদৰী কৰা অনুসৰি যোৱা ডিচেম্বৰ মাহত গাজাৰ এই বৃহৎ ফার্টিলিটী ক্লিনিকত ইজৰাইলী সেনাই বোমাবর্ষণ কৰে৷ সেই সময়ত ক্লিনিকত তৰল নাইট্র’জেনৰ পাঁচটা টেংক মজুত হৈ আছিল৷ প্রচণ্ড বিস্ফোৰণত এই টেংকবোৰ ফাটি যায় আৰু ইয়াৰ তাপমাত্রাও বৃদ্ধি পায়৷ অতিৰিক্ত উষ্ণতাৰ বাবে টেংকবোৰৰ ভিতৰত থকা চাৰি হাজাৰৰো অধিক ভ্রূণ নষ্ট হৈ যায়৷ ইয়াৰ উপৰি সহস্রাধিক শুক্রাণু আৰু নিঃসিক্ত ডিম্বাণুৰ নমুনাও সংৰক্ষণ কৰা হৈছিল৷ এই সকলোবোৰেই ধ্বংস হৈ যায় ইজৰাইলী বোমাবর্ষণত৷ টেংকত থকা এই ভ্রূণবোৰেই আছিল হাজাৰ হাজাৰ পেলেষ্টাইনী দম্পতীৰ শেষ আশা৷ কিন্তু মাত্র মুহূর্তৰ বোমা আক্রমণতে সেই শেষ আশা থানবান হৈ যায়৷ ১৯৯৭ চনত গাজাত এই ক্লিনিকখন প্রতিষ্ঠা কৰিছিল কেম্ব্রিজৰ পৰা প্রশিক্ষিত স্ত্রীৰোগ বিশেষজ্ঞ বাহালদিন গালায়িনিয়ে৷ এই ঘটনাত গভীৰভাৱে মর্মাহত হৈছে গালায়িনি৷ সংবাদ সংস্থা ৰয়টার্ছক গালায়িনিয়ে জনাইছে যে এই সংবাদ পোৱাৰ পিছতে তেওঁৰ হূদয় থানবান হৈছে৷ গালায়িনিৰ মতে, পাঁচ হাজাৰ প্রাণ আছিল এই আইভিএফ ক্লিনিকত৷ বহু নিঃসন্তান দম্পতীৰ ভৰসা হৈ পৰিছিল এই ক্লিনিক৷ কিন্তু যুদ্ধৰ হিংস্রতাই সকলো কাঢ়ি নিলে বুলি গালায়িনিয়ে আক্ষেপ প্রকাশ কৰিছে৷

You might also like