নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ এখন আদৰ্শ গাঁও, অধিকাংশই মেধাৰ বলত লাভ কৰিলে চৰকাৰী চাকৰি

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ যোৰহাটৰ এখন আদৰ্শ গাঁও। এই গাঁওখনৰ পৰা অলপতে একেলগে আৰক্ষী উপপৰিদৰ্শকৰ চাকৰি লাভ কৰিলে ৭গৰাকী যুৱক-যুৱতীয়ে। যোৰহাটৰ এই গাঁওখনৰ পৰাই ১৮গৰাকী যুৱক-যুৱতীয়ে টেট উত্তীৰ্ণ হৈ চাকৰি কৰি থকাৰ লগতে আন ২০গৰাকী যুৱকে চাকৰি কৰি আছে ভাৰতীয় সৈন্য ৰূপে। বিদেশতো উচ্চ শিক্ষা তথা কৰ্ম কৰি আছে গাঁওখনৰে যুৱক।

এই গাঁওখন হ’ল যোৰহাট জিলাৰ সকাই খঙীয়া গাঁও। জিলাখনৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত গাঁওখন আছে নৈৰ পাৰত আৰু বেছিভাগ মানুহেই কৃষিকৰ্মৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আহিছে।

কিন্তু কৃষক পিতৃ-মাতৃৰ সন্তানসকলে আজি বিভিন্ন দিশত চৰকাৰী কৰ্ম সংস্থাপন লাভ কৰিছে। কষ্টকৰ সংগ্ৰাম আৰু অধ্যৱসায়ৰ মাজেৰে এই গাঁওখনৰ যুৱক-যুৱতীয়ে উচ্চ শিক্ষাৰ লগতে চৰকাৰী চাকৰি লাভ কৰি অসমৰ ভিতৰতে এক আদৰ্শ গাঁৱৰ পৰিচয় কঢ়িয়াবলৈ সক্ষম হৈছে।

এইবাৰো আৰক্ষী উপ-পৰিদৰ্শকৰ চাকৰি একেখন গাঁৱৰে ৭ গৰাকী যুৱক-যুৱতীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত লাভ কৰিছে। আৰক্ষী উপ-পৰিদৰ্শৰ চাকৰি লাভ কৰি সুখী যুৱক-যুৱতীসকলে কয় যে আটায়ে চাকৰিৰ ক্ষেত্ৰত একেলগে পঢ়া-শুনা কৰিছিল আৰু ইয়াৰ ফল তেওঁলোকে পালে।

এটা টকা নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰি আনন্দিত আটাইকেইগৰাকী যুৱক-যুৱতীয়ে ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

You might also like