নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত আনন্দৰ বন্যা, এখন ঐতিহাসিক দলঙৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ  বহু প্ৰত্যাশিত আৰু ঐতিহাসিক দলং নিৰ্মাণ হ’বলৈ গৈ আছে মাজুলীবাসীৰ বাবে । মাজুলীবাসীৰ যন্ত্ৰণা উপলব্ধি কৰি অৱশেষত চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে ৰিম’টৰ বুতাম টিপি মুকলি কৰিলে এই দলংৰ নিৰ্মাণ কাৰ্য। ভিডিঅ’ কনফাৰেন্সযোগে মাজুলীবাসীক সম্বোধন কৰি দলংখন সকলোৰে বাবে সুবিধা তথা সম্ভাৱনাৰ সেতু হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আঠ কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখন মাজুলীবাসীৰ বাবে জীৱন ৰেখাস্বৰূপ। আৰম্ভ হ’ব নিমাতীঘাট আৰু মাজুলী সংযোগী দলঙৰ ।

পুৱা ১০ বজাত মাজুলী অফলামুখ ঘাটতত মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হয়। দক্ষিণপাট সত্ৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা নদী পূজন কাৰ্যসুচীত অংশ গ্ৰহণ কৰে। নদীৰ পাৰত অস্থায়ী পেণ্ডেল সাজি বিগ্ৰহ প্ৰতিষ্ঠা কৰি পূজাৰীয়ে মন্ত্ৰোচ্চাৰণেৰে পূজাৰ কাৰ্যসূচী শেষ কৰে ।

আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাগৰাকী মন্ত্ৰী তথা শীৰ্ষ আমোলা। দলঙৰ ভূমি পূজন সম্পন্ন হোৱাৰ লগে লগে এতিয়া উৎফুল্লিত সমগ্ৰ মাজুলীৰ ৰাইজ ।

You might also like