নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কা’ বাতিলৰ দাবীত আছুৰ ক’লা পতাকা

আছুৰ হৈ বক্তব্য দিব নোৱাৰিব সমুজ্জ্বলে

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ দেশৰ গৃহমন্ত্রী অমিত শ্বাহে অসমত দুখনকৈ জনসভাত অংশগ্রহণ কৰা দিনটোতে সদৌ অসম ছাত্র সন্থাই ৰাজ্যজুৰি ব্যাপক প্রতিবাদ সাব্যস্ত কৰে৷ ‘কা’ বাতিল, ই আই এ প্রত্যাহাৰ আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদন কার্যকৰী কৰাৰ দাবীত আছুৰ প্রতিখন আঞ্চলিক সমিতিয়ে ‘কা’ৰ প্রতিলিপি দাহ আৰু ক’লা পতাকা উত্তোলন কৰে৷ প্রতিবাদী কার্যসূচীৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰবিৰোধী ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ ৰাজপথ৷ ঠায়ে ঠায়ে আৰক্ষীয়ে আছুৰ প্রতিবাদক বাধা দিয়াৰ লগতে প্রতিবাদকাৰীক আটকো কৰে৷ সদৌ অসম ছাত্র সন্থাৰ আহ্বানমর্মে গুৱাহাটীত সদৌ গুৱাহাটী ছাত্র সন্থাই মহানগৰীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ সন্মুখত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ তদুপৰি সদৌ গুৱাহাটী ছাত্র সন্থাৰ শাখাসমূহ ক্রমে দক্ষিণ গুৱাহাটী ছাত্র সন্থাই দিছপুৰত, পশ্চিম গুৱাহাটী ছাত্র সন্থাই ধাৰাপুৰত, মধ্য গুৱাহাটী ছাত্র সন্থাই গুৱাহাটী ক্লাবত আৰু পূব গুৱাহাটী ছাত্র সন্থাই নুনমাটি, চানমাৰি আৰু জু–ৰোড তিনিআলিত ক’লা পতাকা উৰুৱাই প্রতিবাদ সাব্যস্ত কৰে৷ ক’লা পতাকা উৰুৱাই প্রতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, কেন্দ্রীয় চৰকাৰ হায় হায়, ‘কা’ বাতিল কৰিব লাগিবই, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰিব লাগিবই, অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী সমস্যা সমাধান কৰিব লাগিবই, ই আই এ প্রত্যাহাৰ কৰক আদি শ্লোগানেৰে শ্বহীদ ভৱনৰ সন্মুখত ৰাজভৱন পথ উত্তাল কৰি তোলে৷ এক প্রেছ বিবৃতিত সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক টুটুমণি চৌধুৰীয়ে কয়– অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে ছাত্র সন্থাই শান্তিপূর্ণভাৱে কৰা আন্দোলনত অসম চৰকাৰে আৰক্ষীৰ হতুৱাই বাধা প্রদান কৰিছে৷ ছাত্র সন্থাৰ বিষয়ববীয়াসকলক লাঠীৰে কোবাইছে৷ ক’লা পতাকা উৰুৱাই থকা অৱস্থাত অসমৰ ছাত্র সন্থাৰ কর্মীক থানাত ভৰাই থৈছে৷ অসম চৰকাৰৰ এই কাম ধিক্কাৰজনক৷ ছাত্র সন্থাৰ স্পষ্ট মত– কা বাতিল কৰিবই লাগিব, ই আই এ প্রত্যাহাৰ কৰিবই লাগিব, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰিবই লাগিব, অসম চুক্তি অনুসৰি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিবই লাগিব৷ আজিৰ প্রতিবাদী কার্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ উপ–সভাপতি বিপুল ৰাভা, কার্যনির্বাহক সদস্য ৰাইফউদ্দিন আহমেদ, সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলী আৰু সদৌ গুৱাহাটী ছাত্র সন্থাৰ বিষয়ববীয়া আৰু শাখা, উপ–শাখা আৰু মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র সন্থাৰ বিষয়ববীয়াসকল৷
আছুৰ সাধাৰণ সম্পাদকৰ ঘোষণাঃ সমুজ্জ্বল ভট্টাচার্যই আছুৰ মজিয়াৰ পৰা সম্প্রতি মন্তব্য দিব নোৱাৰিব
ছাত্র সন্থাৰ মজিয়াৰ পৰা ৰাষ্ট্রীয় ৰাজনীতিলৈ যোৱা তথা বর্তমানৰ অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সদৌ অসম ছাত্র সন্থাক তেওঁৰ মাতৃ বুলি কৈছিল৷ কিন্তু আজি এইগৰাকী কুলাংগাৰ পুত্রৰ নির্দেশত শোণিতপুৰৰ জিলা প্রশাসন আৰু আৰক্ষীয়ে বর্বৰভাৱে আছু কম্ক প্রহাৰ কৰা মানেই সর্বানন্দ সোণোৱালে নিজ মাতৃক প্রহাৰ কৰা৷ যোৱা শুকুৰবাৰে ৰাজ্যজুৰি আহ্বান জনোৱা ‘কা’বিৰোধী গণতান্ত্রিক প্রতিবাদৰ অংশ হিচাপে তেজপুৰতো সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাই উলিওৱা জেজাৰ সমদলকাৰী তথা আছু কম্ৰ ওপৰত বর্বৰ লাঠীচালনাৰে কেইবাগৰাকীক আহত কৰা ঘটনা সন্দর্ভত আজি এইদৰে নিজৰ প্রতিক্রিয়া প্রকাশ কৰে আছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷

উল্লেখ্য যে তেজপুৰ পর্যটন বিভাগৰ প্রশান্তি লজত দেওবাৰে আছুৰ তৰফৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰে৷ এই সংবাদ মেলত অংশগ্রহণ কৰি আছুৰ শীর্ষ নেতা শংকৰজ্যোতি বৰুৱাই যোৱা শুকুৰবাৰে আছু কম্ৰ ওপৰত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ জোৱানে চলোৱা আক্রমণৰ কথা উল্লেখ কৰি এনে অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহ’ব আৰু প্রতিটো লাঠীৰ কোবৰ হিচাপ প্রশাসনে দিব লাগিব বুলিও হুংকাৰ দিয়ে৷ আছু কম্ৰ ওপৰত আৰক্ষীয়ে চলোৱা আক্রমণৰ ঘটনাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগৰ ওচৰ চাপিব বুলিও আজি মন্তব্য কৰে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত চৌর্য বৃত্তিত জডিত বিধায়ক মৃণাল শইকীয়াৰ স’তে আছুৱে চুপতি নকৰে বুলি কৈ বিধায়কগৰাকীৰ পূর্বৰ কু–কীর্তি ফাদিল কৰাৰ বাবেই এতিয়া বিধায়ক শইকীয়াই আছুক আক্রমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰে৷

অগপৰ সভাপতি অতুল বৰা সন্দর্ভত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে অতুল বৰাৰ বাবেই আঞ্চলিক দলটো ধ্বংসমুখী হৈছে আৰু এই ধ্বংসমুখী যাত্রাৰ কফিনত শেষ গজালটো অতুল বৰাই মাৰিলে বুলি উল্লেখ কৰি আছুৰ কর্মকাণ্ডক লৈ মূৰ ঘামোৱাতকৈ নিজৰ দলৰ প্রতিহে অধিক দায়িত্বশীল হ’বলৈ আহ্বান জনায়৷ আনহাতে, গৃহমন্ত্রী অমিত শ্বাহক গুজৰাটৰ বণিয়া আখ্যা দি কোনো কাৰণতে ৰঙা চকু নেদেখুৱাবলৈ সকীয়নি দিয়ে শংকৰজ্যোতি বৰুৱাই৷ অমিত শ্বাহৰ অসম আগমনৰ দিনটোতে গৃহমন্ত্রীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্রসংগক্রমে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী হিমন্ত বিশ্ব শর্মাক আছুৰ আন্দোলন কি সেয়া অমিত শ্বাহক বুজাই দিবলৈ কয়৷ অসমক ৰঙা চকু দেখুৱালে আছুৱেও অমিত শ্বাহক ধমক দিবলৈ বাধ্য হ’ব বুলি আজি সকীয়াই দি অসম চুক্তিৰ ছয় নং দফা কার্যকৰীকৰণত গৃহমন্ত্রীগৰাকীৰ ভূমিকাক সমালোচনা কৰে৷ তেওঁ লগতে কয়– সদৌ অসম ছাত্র সন্থা ৰাজনৈতিকভাৱে উদাসীন নহয়, বৰঞ্চ ৰাজনৈতিক সচেতনতা প্রকাশ কৰিহে অসম জাতীয় পৰিষদৰ নেপথ্যত থাকি সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰি সুবিধাবাদৰ ৰাজনীতি পৰিহাৰ কৰি মূল্যবোধৰ ৰাজনীতি আছুৱে অন্তঃকৰণে বিচাৰে বুলি কয়৷ একালৰ সংগ্রামী সতীর্থ লুৰিণজ্যোতি গগৈক নতুন ৰাজনৈতিক যাত্রাৰ বাবে অভিনন্দন জনাই মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আগবাঢ়ি অহাৰ ক্ষেত্রত অসমৰ ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰি দলীয় আৰু নির্বাচনী বৃত্তৰ বাহিৰত থাকি কাম কৰি যোৱাৰ কথাও উল্লেখ কৰে তেওঁ৷ বর্তমান সাংবিধানিকভাৱে উপদেষ্টা পদত সমুজ্জ্বল কুমাৰ ভট্টাচার্য নাই, কিন্তু ভট্টাচার্য যে পুনৰ আছুৰ উপদেষ্টা পদত অধিষ্ঠিত হ’ব, সেই কথা নিশ্চিত হ’ব কার্যনির্বাহকত৷ সেয়েহে বর্তমান সমুজ্জ্বল কুমাৰ ভট্টাচার্যই আছুৰ মজিয়াৰ পৰা মন্তব্য দিয়াৰ বিপৰীতে সভাপতি–সম্পাদকেহ মন্তব্য দি আহিছে৷ অৱশ্যে ভট্টাচার্যই ব্যক্তিগতভাৱে মন্তব্য দিব পাৰিব বুলি আজি তাৎপর্যপূর্ণ মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতিয়ে৷

You might also like