নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ৯ দিনত ১৬ লাখক ক’ভিড ভেকচিন

আমেৰিকা–ব্রিটেইনতকৈ দেশত দ্রুত ক’ৰোনা টিকাকৰণ

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ  ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রদান অভিযান ১৬ জানুৱাৰীত আৰম্ভ কৰাৰ পাছত ভাৰতে মাত্র ৭ দিনৰ ভিতৰত ১৫ লাখ ৮২ হাজাৰ লোকক ভেকচিন প্রদান কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে আমেৰিকা আৰু ব্রিটেইনেও ক’ভিডৰ  গণ টিকাকৰণ চলাই আছে যদিও ভাৰতৰ দৰে ইমানসংখ্যক লোকক কম দিনৰ ভিতৰতে ভেকচিন প্রদান কৰিবলৈ সক্ষম হোৱা নাছিল৷ মাত্র ৬ দিনৰ ভিতৰত ভাৰতে ১০ লাখ লোকক ভেকচিন প্রদান কৰিছে৷ স্বাস্থ্য মন্ত্রালয়ে আজি এই তথ্য সদৰী কৰিছে৷ ব্রিটেইনে ১৮ দিনত ১০ লাখ লোকৰ টিকাকৰণ সম্ভৱ কৰি তুলিছে৷ সেইদৰে আমেৰিকাৰ ১০ লাখ লোকক ভেকচিন প্রদান কৰিবলৈ সময় লাগিছিল ১০ দিন৷ কিন্তু ভাৰতে ৬ দিনৰ ভিতৰতে সম্ভৱ কৰিছে৷ শনিবাৰে ১.৯১ লাখ লোকৰ টিকাকৰণ সম্ভৱ কৰি তুলিছে ভাৰতে৷ মুঠ টিকাকৰণৰ ১,২৩৮গৰাকী লোকৰ ক্ষেত্রত পার্শ্বক্রিয়া দেখিবলৈ পোৱা গৈছে যদিও ভাৰতৰ ক’ভিড প্রতিৰোধী টিকাকৰণ প্রক্রিয়া বিশ্বজুৰি সফল হিচাপে চিহ্ণিত হৈছে৷

লক্ষণীয়ভাৱে ভাৰতৰ ছিৰাম ইনষ্টিটিউটে প্রস্তুত কৰা ক’ভিশ্বিল্ড ভেকচিন গ্রহণ কৰাৰ পাছত মাত্র ১১গৰাকী লোকহে চিকিৎসাধীন হ’বলগীয়া হৈছে৷ ক’ভিড ভেকচিন গ্রহণ কৰা ছগৰাকী স্বাস্থ্যকর্মীয়ে প্রাণ হেৰুৱাইছে যদিও এই স্বাস্থ্যকর্মীসকলৰ মৃত্যুৰ সৈতে টিকাকৰণৰ কোনো সম্পর্ক নাই বুলি আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে স্পষ্ট কৰি দিছে৷ স্মর্তব্য যে ভাৰতে বৃহৎ টিকাকৰণ প্রক্রিয়া চলাই থকাৰ উপৰি বিভিন্ন দেশলৈ যোগান ধৰিছে ক’ভিশ্বিল্ড ভেকচিন৷ এই ক’ভিশ্বিল্ড ভেকচিন নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, মৰিছাছ আদি দেশক উপহাৰ হিচাপেও আগবঢ়াইছে নতুন দিল্লী প্রশাসনে৷ ইয়াৰ উপৰি বাণিজ্যিক উদ্দেশ্যতো বিভিন্ন দেশক ভাৰতে ক’ভিশ্বিল্ড ভেকচিন যোগান ধৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈছে৷ ব্রাজিল, মৰক্কো আদি দেশে ইতিমধ্যে ভাৰতৰ পৰা সংগ্রহ কৰিছে ক’ভিশ্বিল্ড ভেকচিন৷

You might also like