নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশ্নকাকত ফাদিল প্রসংগঃ মাৰ্ঘেৰিটাত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

  • ছেবাক ধ্বংস কৰি পুঁ‌জিপতি গোষ্ঠীক অসমৰ শিক্ষা বিভাগটোক গটাই দিয়াৰ যো-জা চলিছে নেকি? প্ৰশ্ন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পাপু দত্তৰ

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: মেট্ৰিক পৰিক্ষাৰ আজি বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল তথা প্রশ্ন কাকত আগতীয়াকৈ ফাদিল হোৱা ঘটনাত তীব্র প্রতিক্ৰিয়া সৃষ্টি হৈছে । ছাত্র মুক্তি সংগ্রাম সমিতিয়েও প্রশ্ন কাকত ফাদিল হোৱা প্রসংগত প্রতিক্ৰয়া প্রকাশ কৰিছে । সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ কায্যকৰী সভাপতি পাপু দত্তই আজি মাৰ্ঘেৰিটা সংবাদমাধ্যমৰ আগত প্রতিক্ৰয়া প্রকাশ কৰি কয় যে অসমেই এনে এখন ৰাজ্য যত প্রশ্ন কাকত আগতীয়াকৈ ফাদিল হয়, উত্তৰ বহী গৰুৱে খায় । শিক্ষা বিভাগ তথা চেবাৰ অকমন্যতাক তীব্র সমালোচনা কৰি প্রশ্ন কাকত ফাদিল হোৱা ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে ৰাজ্যৰ শিক্ষা মন্ত্রী গৰাকীৰ এই ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰো দাবী জনায় | ছেবাক ধ্বংস কৰি পুঁ‌জিপতি গোষ্ঠীক অসমৰ শিক্ষা বিভাগটোক গটাই দিয়াৰ যো-জা চলিছে নেকি? বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পাপু দত্তই প্রশ্ন তোলে। ছাত্র ছাত্রী সকলৰ ভৱিষ্যতক লৈ হেতালি খেলা কোনোপধ্যে গ্রহণ যোগ্য নহয় বুলি অভিযোগ কৰি কয় যে কালি নিশা পৰীক্ষা বাতিল হোৱা বুলি চেবাৰ পক্ষই জনালেও সকলো ছাত্র ছাত্রীয়ে খৱৰ নোপোৱাত আজি পৰীক্ষাৰ্থী সকল পৰীক্ষা কেন্দ্রত আহি উভতি যাব লগা হয় । বহু ছাত্র ছাত্রীৰ পৰীক্ষা কেন্দ্র ঘৰৰ পৰা যথেষ্ট দূৰত হোৱা বাবে অসুবিধা ভোগ কৰিব লগা হয় বুলিও ছাত্র নেতা জনে অভিযোগ কৰে । প্রশ্ন কাকত ফাদিল হোৱা ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাই অন্যথাই ছাত্র মুক্তি সংগ্রাম সমিতিয়ে তীব্র আন্দোলন কৰিব বুলি সকীয়াই দিয়ে । অন্যহাতে আজি মাৰ্ঘেৰিটা ব্লক তিনিআলি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈৰ নেতৃত্বত অৰ্ধশতাধিক আছুৰ সদস্যৰ উপস্থিত শিক্ষামন্ত্ৰীৰ ৰনুজ পেগুৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰী পেগুৰ পদত্যাগৰ দাবী জনায়।

 

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like