নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত ৯ বছৰীয়া নাবালিকাক ধৰ্ষণঃ অভিযুক্ত তীৰ্থ গগৈক গ্ৰেপ্তাৰ

  • ধৰ্ষণত অভিযুক্ত তীৰ্থ গগৈক গ্ৰেপ্তাৰ লাহোৱাল আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৩মাৰ্চ — কিছুদিন পূৰ্বে লাহোৱালৰ এগৰাকী কিশোৰীক চাহ বাগিছাৰ মাজত দলবদ্ধ ধৰ্ষণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাঁওতেই লাহোৱালত পুনৰ আন এক জঘণ্য ধৰ্ষণ কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে লাহোৱালৰ বকুল বেবেজীয়া গাঁৱৰ বাছবাৰী অঞ্চলৰ তীৰ্থ গগৈ ওৰফে এলাইছ ভাইটিয়ে সম্বন্ধীয় এগৰাকী ব্যক্তিৰ ঘৰত এসপ্তাহ ধৰি মিস্ত্ৰীৰ কাম কৰিছিল কিন্তু সেই সুযোগতে ঘৰত কোনো নথকাৰ সুবিধা লৈ ঘৰত অকলে থকা ৯ বছৰীয়া নাবালিকাগৰাকীক যৌন উত্তেজনা মূলক নীলা ছবি আৰু ফটো দেখুৱাই তিনিদিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । আনকি তীৰ্থই নাবালিকা গৰাকীক ধৰ্ষণ কৰাৰ কথা পৰিয়ালৰ লোকক ক’বলৈ মানা কৰিছিল লগতে কেনেবাকৈ যদি নাবালিকা গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰে তেন্তে নাবালিকা গৰাকীৰ লগতে পিতৃ মাতৃক হত্যা কৰিম বুলি ভাবুকি প্ৰদান কৰি আহিছিল ৷ নাবালিকা গৰাকীয়ে ভয়তে পৰিয়ালৰ লোকক অৱগত কৰা নাছিল যদিও নাবালিকা গৰাকীক ধৰ্ষণ কৰি থকাৰ অৱস্থাতে নাবালিকা গৰাকীৰ পিৃতৃয়ে আহি দেখা পোৱাত পাষণ্ডটোক প্ৰহাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়াই ৷ নাবালিকা গৰাকীক পিছত পিতৃ-মাতৃয়ে সোধ-পোছ কৰাত তিনিদিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ কথা লগতে নাবালিকা গৰাকীক ভয় ভাবুকি প্ৰদান কৰাৰ কথা বিৱৰি কোৱাৰ পিছতে নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে কালি পাষণ্ডটোৰ বিৰুদ্ধে লাহোৱাল থানাত গোচৰ দিয়ে ৷ কালিৰ পৰা অভিযুক্তজন পলাই আছিল যদিও লাহোৱাল আৰক্ষীয়ে আজি অতি কৌশলৰে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযুক্তটোৰ বিৰুদ্ধে লাহোৱাল থানাত পঞ্জীয়ন হোৱা গোচৰৰ ধাৰা -376/AB/IPC R/W Section 4 Pocso Act আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কিছু সময় আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতে কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

You might also like