নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকঃ ৩০ মাৰ্চত অনুষ্ঠিত হ’ব আজি বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: প্রশ্নকাকত ফাদিল হোৱাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰা হয়৷ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ এদিন পূর্বে  ৰাজ্যখনৰ বিভিন্ন অঞ্চলত হোৱাটছএপে হোৱাটছএপে বিজ্ঞানৰ প্রশ্নকাকতখন ভাইৰেল হোৱাৰ পাছতে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত৷

ইপিনে আজি বাতিল হোৱা সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা অহা ৩০ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’ব। এই কথা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

You might also like