নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত তিনিচুকীয়াত আছুৰ ন্যায় সমদল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে তিনিচুকীয়া চহৰত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এক ন্যায় সমদল বাহিৰ কৰে ৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ আছুৰ কায্যালয়ৰ পৰা থানা চাৰিআলিলৈকে বাহিৰ কৰা সমদলটোৰ সময়ত জুবিন গাৰ্গক ন্যায় দিয়ক, জুবিন গাৰ্গক ন্যায় দিব নোৱৰা অসম চৰকাৰ হায় হায়, ৱি ৱাণ্ট জাষ্টিছ্‌, জুবিন গাৰ্গক ন্যায় দিব লাগিবই, জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বন্ধ কৰক, জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰা বন্ধ কৰক, আছু লংলীভ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি হায় হায় আদি বিভিন্ন শ্ল’গানেৰে তিনিচুকীয়াৰ আকাশবতাহ মুখৰিত কৰে। সমদলৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কায্যনিৰ্বাহক জিতেন্দ্ৰ চুতীয়াই শাসকীয় চৰকাৰৰ লগতে প্ৰতিটো ৰাজনৈতিক দললৈ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰে । লগতে বিজেপি দলে জুবিন অনুৰাগীৰ চাৰ্টিফিকেট প্ৰদান কৰিব নালাগে বুলি ক্ষোভ প্ৰকাশ কৰি ৰজাই ৰাজপথত নামিলে কাৰ ওপৰত ন্যায় বিচাৰিব বুলি মন্তব্য কৰে জিতেন্দ্ৰ চুতীয়াই । সমান্তৰালভাৱে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতীম নেওগ আৰু সাধাৰণ সম্পাদক কনচেং গগৈয়ে কয় যে, কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপিৰ চৰকাৰ থকাৰ পাছতো আজি এটা মাহে জুবিন গাৰ্গক ন্যায় দিব পৰা নাই আৰু এতিয়া বিজেপি য়ে ৰাজপথত নামি ৰাজনীতি কৰিবলৈ আহিছে ৷ এনে ৰাজনীতি নকৰিবলৈ বিজেপিক সকীয়নি প্ৰদান কৰিছোঁ ৷ জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল, সদায় ৰাজনীতিৰ পৰা আঁতৰত আছিল ৷ গতিকে তেনে এগৰাকী ব্যক্তিৰ স’তে ৰাজনীতি কোনোপধ্যেই সহ্য কৰা নহ’ব ।

বিশেষ বাৰ্তা, তিনিচুকীয়া, ২৩ অক্টোবৰ :
You might also like