নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীত অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবীত আছুৰ স্মাৰক-পত্ৰ

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দিনকদিনে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱা বুলি পূব ছমৰীয়া আৰু গৰৈমাৰী শাখা ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে৷

অভিযোগ অনুসৰি, গৰৈমাৰী বজাৰৰ পূব দিশৰ লগতে গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপৰ গৰু বজাৰ, পশু চিকিৎসালয়ৰ সমীপত একাংশ অসাধু লোকে অবৈধভাৱে তীৰ খেল চলাই আহিছে৷ তদুপৰি গৰৈমাৰী বজাৰৰ পূব পিনে সন্ধিয়াৰ পৰা দুপৰ নিশালৈ মদ সেৱন কৰি একাংশ মদাহীয়ে উৎপাত কৰি আহিছে৷

ইপিনে, পুখুৰীপাৰ, শিঙিমাৰী, চাম্পুপাৰা, হাতীশলা, হাতীপাৰা, বিহাপাৰা আদি অঞ্চলতো অবৈধ তীৰ, মদ, জুৱা আৰু অনলাইন ক্ৰিকেট জুৱা বৃদ্ধি পাইছে৷ ফলত নৱপ্ৰজন্ম ধ্বংসৰ গ্ৰাসত পৰাৰ লগতে সামাজিক পৰিৱেশো বিনষ্ট হৈছে৷ গৰৈমাৰী অঞ্চলত বৃদ্ধি পাই অহা অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবী জনাই পূব ছমৰীয়া আৰু গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে৷

নিয়মীয়া বাৰ্তা, সোণতলী, ১৬ ফেব্ৰুৱাৰী :

You might also like