সিদ্ধান্ত স্থগিত নে চূড়ান্ত? নাটকীয় পদত্যাগ, নিশাৰ ভিতৰতে স্পষ্ট হ’ব পাৰে চূড়ান্ত স্থিতি!
ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা দলত্যাগ কৰাৰ পিছতে কংগ্ৰেছত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ দলত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াকে ধৰি বহু জ্যেষ্ঠ নেতা।
ভূপেন বৰাৰ বাসগৃহত জ্যেষ্ঠ নেতাগৰাকীৰ দলত্যাগৰ সিদ্ধান্তক লৈ দীৰ্ঘ সময় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে আলোচনা চলে। তাৰ পিছতেই এখন সংবাদমেল সম্বোধন কৰে ভূপেন বৰাসহ বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাই। এই সংবাদ মেলত জিতেন্দ্ৰ সিঙে কয় যে ভূপেন বৰাৰ পদত্যাগ-পত্ৰ তেওঁলোকে গ্ৰহণ কৰা নাই। তদুপৰি ভূপেন বৰাই দলত্যাগৰ সিদ্ধান্ত উঠাই ল’লে বুলিও তেওঁ দাবী কৰে।
অৱশ্যে সংবাদ মেলতে জিতেন্দ্ৰ সিঙৰ সেই দাবী নস্যাৎ কৰে ভূপেন বৰাই। তেওঁ কয় যে এই বিষয়ত মই মোৰ ভাতৃ আৰু পৰিয়ালৰ সৈতে আলোচনা কৰিব লাগিব। আলোচনাৰ পিছত আজি নিশা বা কাইলৈ পুৱা সিদ্ধান্তৰ বিষয়ে জনাম। মোৰ সিদ্ধান্তৰ বিষয়ে আজি নিশা বা কাইলৈ পুৱা জিতেন্দ্ৰ সিঙক লগ কৰি মই মই সকলো জনাম।
দৰাচলতে ভূপেন বৰাৰ এই সিদ্ধান্তৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছে থৰকাছুটি হেৰুৱায়, সেয়ে যিকোনো প্ৰকাৰে কংগ্ৰেছত ৰখাৰ চেষ্টা চলাইছে APCC-এ।
ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী