নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত আছাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

লখিমপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি সদৌ আদিবাসী ছাত্র সন্হা (আছা)ৰ লখিমপুৰ জিলা সমিতিয়ে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। অৱস্থানথলীৰ পৰা তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। আছাই দাবী উত্থাপন কৰি কয়- আছাই আদিবাসী সমাজৰ বাবে অনুসূচীকৰণ আৰু অন্যান্য দাবীসমূহ চৰকাৰৰ সন্মুখত বিভিন্ন তথ্যসহকাৰে তুলি আহিছে। বর্তমানে কোকৰাঝাৰ জিলাত সংঘটিত ঘটনাই অসমত আদিবাসীসকলৰ অনুসূচীকৰণৰ প্রয়োজনীয়তাক পুনৰ প্ৰাসংগিক কৰি তুলিছে।

অসমত আদিবাসীসকলে ভাৰতীয় নাগৰিক ৰূপে সংবিধানপ্রদত্ত সন্মানসহকাৰে জীয়াই থকাৰ বাবে জনোৱা দাবীসমূহ চৰকাৰে পূৰণ কৰক। চৰকাৰে আগন্তুক ২০২৬ৰ অসম বিধানসভা নির্বাচনৰ পূর্বে আদিবাসী জনগোষ্ঠীক অনুসূচীকৰণৰ মর্যাদা প্রদান কৰক। ১৯ জানুৱাৰী, ২০২৬ তাৰিখে কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত ঘটনাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা সংঘৰ্ষৰ CBI তদন্ত কৰি দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্রদানৰ ব্যৱস্থা কৰক।

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ ঘটনাক কেন্দ্র কৰি আদিবাসীসকলক মাওবাদীৰ লগত জড়িত কৰিব বিচৰা কাৰ্যক তীব্র ভাষাৰে গৰিহণা দি এনেধৰণৰ ষড়যন্ত্রকাৰীসকলক ৰাজ্যৰ শান্তি-শৃংখলা ভংগৰ চেষ্টা কৰাৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণ কৰক। কোকৰাঝাৰ জিলাৰ হিংসাৰ পাছত জ্বলাই দিয়া আদিবাসী পৰিয়ালৰ গৃহসমূহৰ ক্ষেত্ৰত অসম আৰু বিটিচি চৰকাৰে শীঘ্রে স্থায়ী পকী ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে উচিত ক্ষতিপূৰণৰ প্ৰদান কৰক। আগন্তুক অসম বিধানসভা নির্বাচনৰ পূর্বে চাহ শ্রমিকৰ দৈনিক মজুৰি ৫৫০ টকালৈ বৃদ্ধি কৰক। অসম আদিবাসী ছাত্র সন্থাই আদিবাসীসকলৰ ন্যায়সংগত দাবীসমূহ পূৰণ হ’ব বুলি আশা কৰিছোঁ। অন্যথা অসমৰ আদিবাসীসকলৰ সংবিধানপ্রদত্ত অধিকাৰসমূহ পূৰণৰ বাবে আছাই তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিয়ে আছাৰ নেতৃত্বই। অৱস্থান ধৰ্মঘটথলীত আছাৰ জিলা সভাপতি বসন্ত কৰ্মকাৰ, সম্পাদক বিজু নায়কসহ ভালেমান সদস্যই অংশগ্রহণ কৰে৷

বিশেষ বাৰ্তা, লখিমপুৰ, ৫ ফেব্ৰুৱাৰী 

You might also like