নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজা সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ দুৰ্গা পূজা সমাগত। কিন্তু ৰাজ্যত বৃদ্ধি হৈ আছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে। তেনে সন্দৰ্ভত দুৰ্গা পূজা অনুষ্ঠিত কৰা নকৰাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদিহে মানুহে স্বেচ্ছাই ক’ভিড নিয়মসমূহ মানি চলে তেন্তে সংক্ৰমণ কম হ’ব আৰু মানি নচলিলে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব।

এইবাৰ যিহেতু বিহু অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ল, অম্বুবাচী অনুষ্ঠিত নহ’ল ঠিক তেনেদৰে পূজায়ো কেৱল ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে পালন কৰক। এনে হ’লে আক্ৰান্তৰ সংখ্যা কমিব। জনসাধাৰণে পূজাই পালন কৰিম বুলি ভাবি মুকলিকৈ ওলালে বৃদ্ধি হ’ব সংক্ৰমণ বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

 

You might also like