নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নিৰ্বাচনৰ পূৰ্বে নহয় সমষ্টি পুনৰ নিৰ্ধাৰণঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সমষ্টি নিৰ্ধাৰণৰ সন্দৰ্ভত বহু ধৰণৰ খবৰ প্ৰকাশ হৈ আছে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ নহয়, ডিলিমিটেশ্যনৰ এক্টৰ মতে ২০০১চনৰ জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ হ’ব। যেতিয়ালৈকে সংবিধান সংশোধন কৰি ২০১১ চনটো অনা নহয় তেতিয়ালৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’বই নোৱাৰে। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া গতিকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইটো সম্ভৱ নহয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like