বিশ্বকাপৰ টিকটৰ মূল্য ৫ হাজাৰলৈ হ্রাস, অনুৰাগীৰ প্রতিবাদৰ পিছত নৰম হ’ল ফিফা
অনুৰাগীৰ প্রতিবাদৰ পিছত কোমল হয় ফিফা৷ প্রতিযোগিতাখনৰ মেচৰ টিকটৰ মূল্য হ্রাস কৰিলেও এই টিকট সকলো অনুৰাগীয়ে লাভ নকৰিব৷ নির্দিষ্টসংখ্যকৰ বাবেহে এই টিকট সংৰক্ষিত কৰি ৰখা হৈছে
ফিফা বিশ্বকাপ ফুটবলক লৈ অনুৰাগীৰ মাজত আৰম্ভ হৈছে জল্পনা–কল্পনা৷ অহা বর্ষত আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলৰ টিকটৰ দাম সন্দর্ভত এক ডাঙৰ আপডেট দিলে বিশ্ব ফুটবলৰ শাসক সংস্থাটোৱে৷
ইতিমধ্যে প্রতিযোগিতাখনৰ সূচী ঘোষণা কৰাৰ পিছত প্রতিযোগিতাখনৰ মেচৰ টিকটৰ মূল্যও ঘোষণা কৰিছিল ফিফাই৷ ভাৰতীয় মুদ্রাত সর্বনিম্ন টিকটৰ মূল্য ১.৭০ লাখ টকা৷ টিকটৰ এই আকাশলংঘী দাম শুনি আৰম্ভ হৈছিল প্রতিবাদ৷ প্রশ্ন উত্থাপন হয় যে সাধাৰণ মানুহে ইমান টকাৰে কেনেকৈ টিকট কিনিব৷
অনুৰাগীৰ প্রতিবাদৰ পিছত কোমল হয় ফিফা৷ প্রতিযোগিতাখনৰ মেচৰ টিকটৰ মূল্য হ্রাস কৰিলেও এই টিকট সকলো অনুৰাগীয়ে লাভ নকৰিব৷ নির্দিষ্টসংখ্যকৰ বাবেহে এই টিকট সংৰক্ষিত কৰি ৰখা হৈছে৷
ফিফাৰ সভাপতি জিয়ানী ইনফাণ্টিনোৱে কয় যে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ মেচসমূহৰ টিকটৰ মূল্য ৫ হাজাৰ টকা নির্ধাৰণ কৰা হৈছে৷ অৱশ্যে এই টিকট সকলোৱে লাভ নকৰিব৷ ফিফাই নির্দিষ্টসংখ্যক দর্শকৰ বাবে এই মূল্য নির্ধাৰণ কৰিছে৷ ফিফাৰ মতে এই নির্দিষ্ট সমর্থকসকল হ’ল সেইসকল, যিসকলে পূর্বে নিজৰ প্রিয় দলটোৰ মেচ উপভোগ কৰিছে৷ সেই দর্শকক চিনাক্ত কৰা হ’ব বুলি বিশ্ব ফুটবল শাসক সংস্থাই জনাইছে৷
ফিফাৰ তথ্য অনুসৰি, প্রতিখন খেলৰ বাবে দুয়োটা দলৰ ৪০০ৰ পৰা ৭৫০ সমর্থকক এই কম মূল্যৰ টিকট দিয়া হ’ব৷ প্রতিখন ষ্টেডিয়ামতে তেওঁলোকৰ বাবে বিশেষ আসন থাকিব৷ ইয়াৰ নাম হ’ব সমর্থক প্রৱেশ স্তৰ৷ বাকী দর্শকে ইমান কম মূল্যত টিকট লাভ নকৰিব৷ তেওঁলোকে টিকট কিনিব লাগিব যি দাম নির্ধাৰণ কৰা হৈছে৷
অৱশ্যে বহু অনুৰাগীয়ে ফিফাৰ এই পদক্ষেপক মানি ল’ব বিচৰা নাই৷ উল্লেখ্য যে ২০২৬ চনৰ বিশ্বকাপ তিনিখন দেশৰ ১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইয়াৰ ভিতৰত আমেৰিকাত ১১খন, মেক্সিকোত ৩খন আৰু কানাডাত ২খন ষ্টেডিয়াম আছে৷ ইয়াৰে আমেৰিকাৰ মাত্র ১১খন ষ্টেডিয়ামতে কমমূল্যৰ টিকট থাকিব৷
ফিফাই কয় যে কানাডা আৰু মেক্সিকোৰ ষ্টেডিয়ামত এই সুবিধা উপলব্ধ নহ’ব৷ ইয়াৰ ফলত দর্শকৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে৷
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ