ওদালগুৰিৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান
ওদালগুৰিৰ অতিৰিক্ত সত্ৰ ন্যায়ধীশৰ আদালতে ওদালগুৰিৰ কলাইগাঁৱত সংঘটিত এটা হত্যাকাণ্ড ঘটনাৰ ৰায়দান কৰি পিতৃ হত্যাকাৰী নিৰঞ্জন ৰাভাক ১০ বছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে।
চৰকাৰী অধিৱক্তা মহিৰাম খাখলাৰীয়ে সদৰী কৰা তথ্য মতে যোৱা ২০২৪ চনৰ ৯ নৱেম্বৰ তাৰিখে কলাইগাঁও থানাৰ অন্তৰ্গত টোকনকাটা গাঁৱৰ লংকেশ্বৰ ৰাভা নামৰ লোকজনক নিজ পুত্ৰ নিৰঞ্জন ৰাভাই কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰি পুখুৰীত পেলাই দিয়ে।
উক্ত দিনাই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰ ভিত্তিত নিৰঞ্জন ৰাভাক কলাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ক্ষিপ্ৰ তদন্ত আগবঢ়ায়। অৱশেষত ওদালগুৰিৰ অতিৰিক্ত সত্ৰ ন্যায়ধীশ ৰাণী বড়োৰ আদালতে সমগ্ৰ ঘটনাৰ সাক্ষী- প্ৰমাণৰ আধাৰত ঘটনাৰ চূড়ান্ত ৰায়দান কৰি হত্যাকাৰী নিৰঞ্জন ৰাভাক ১০ বছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে।
ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী