নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰত যাত্ৰীবাহী বাছৰ দৌৰাত্ম্য : স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

চাপৰ থানাৰ অন্তৰ্গত বহলপুৰত পুনৰ যাত্ৰীবাহী বাছৰ দৌৰাত্ম্যত এজনী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত বহলপুৰৰ তটপাৰাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছে খুন্দা মৰাত গুৰুতৰভাৱে আহত হৈছিল হিমাকশ্বি ৰায় (আদি) নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী।

দুৰ্ঘটনাত মূৰত গুৰুতৰ আঘাত পোৱাৰ পিছতে পৰিয়ালৰ লোকে তেওঁক বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসাধীন অৱস্থাত সোমবাৰে নিশা ছাত্ৰীগৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লয়।

হিমাকশ্বি ৰায় বহলপুৰ SFS Sr. Secondary Schoolৰ ছাত্ৰী আছিল। তেওঁ বহলপুৰৰ তটপাৰা নিৱাসী ১০৮ সেৱাৰ চালক তিলক চন্দ্ৰ ৰায় আৰু অনজিতা ৰায়ৰ একমাত্ৰ কন্যা আছিল।

ছাত্ৰীগৰাকীৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ বেপৰোৱা গতি নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী

You might also like