নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌতম আদানীৰ হাতলৈ জনপ্রিয় নিউজ চেনেল NDTvৰ মালিকীস্বত্ব

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: দেশৰ জনপ্রিয় চেনেল এনডি টিভিৰ প্রতিষ্ঠাতা প্রণয় ৰয় আৰু তেওঁৰ পত্নী ৰাধিকা ৰয়ে পদত্যাগ কৰিলে৷ এছিয়াৰ এক নম্বৰ ধনাঢ়্য ব্যক্তি গৌতম আদানীৰ আদানী গ্রুপে এনডি টিভিৰ মালিকীস্বত্ব নিজৰ হাতলৈ নিয়াৰ পিছতে প্রখ্যাত সাংবাদিক প্রণয় ৰয় আৰু পত্নী ৰাধিকা ৰয়ে চেনেলটোৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে৷ আৰ আৰ পি আৰ হোল্ডিং প্রাইভেট লিমিটেড (আৰআৰপিআৰএইচ)ৰ ব’ড অৱ ডিৰেক্টৰৰ পৰা প্রণয় ৰয় আৰু ৰাধিকা ৰয়ে পদত্যাগ কৰিছে৷ উল্লেখ্য যে এনডি টিভিৰ চেয়াৰ পার্ছন প্রণয় ৰয় আৰু ৰাধিকা ৰয় হৈছে কার্যবাহী সঞ্চালক৷ এনডি টিভিয়ে কালি বোম্বে ষ্টক একচেঞ্জলৈ পত্র প্রেৰণ কৰি এই সন্দর্ভত স্পষ্ট কৰি দিয়ে৷ এনডি টিভিৰ পত্রত উল্লেখ কৰা হৈছে– প্রম’টাৰ গ্রুপ ভেহিকুল আৰ আৰ পি আৰ হ’ল্ডিং প্রাইভেট লিমিটেড (আৰআৰপিআৰএইচ) লিমিটেডে এনডি টিভিক জনোৱা মতে ২০২২ৰ ২৯ নৱেম্বৰত লিমিটেডৰ ব’ড অৱ ডিৰেক্টর্ছৰ বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকত সুদীপ্ত ভট্টাচার্য, সঞ্জয় পুগালিয়া আৰু শ্বেনথিল চিনিয়া চেংগালভাৰায়নক আৰ আৰ পি এইচৰ ব’ড অৱ ডিৰেক্টৰ হিচাপে নিযুক্তি দিয়া হৈছে৷ ২৯ নৱেম্বৰৰ পৰাই প্রণয় ৰয় আৰু ৰাধিকা ৰয়ে ব’ড অৱ ডিৰেক্টর্ছৰ পৰা কৰা পদত্যাগ গ্রহণ কৰা হৈছে৷ নিউ ডেলহী টেলিভিছন লিমিটেড, চমুকৈ এনডি টিভি হিচাপে প্রখ্যাত এই চেনেলটোৰ পৰা প্রতিষ্ঠাতা প্রণয় ৰয় আৰু তেওঁৰ পত্নী ৰাধিকা ৰয়ে পদত্যাগ কৰিলেও তেওঁলোকৰ হাতত এতিয়াও এনডি টিভিৰ ৩২.২৬ শতাংশ শ্বেয়াৰ আছে৷ নিউজ চেনেলটোৰ ব’ডৰ পৰা এতিয়াও ৰয় দম্পতীয়ে পদত্যাগ কৰা নাই৷ আনপিনে, গৌতম আদানীৰ আদানী গ্রুপৰ ২৯.১৮ শতাংশ শ্বেয়াৰ আৰ আৰ পি আৰত আছে৷

You might also like