নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰিয়ামঘাটৰ ৩ হাজাৰ বিঘা ভূমিত প্রশাসনে চলাব বৃহৎ উচ্ছেদ

🔹 সীমান্তৰ কেইবাখনো গাঁৱত ড্ৰোন কেমেৰাৰে চলিছে জৰীপ

বিশেষ বাৰ্তা, ১৮ জুলাই : গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তত ড্রোন কেমেৰাৰ সহায়ত চলিছে জৰীপ৷ সৰুপথাৰ সমষ্টিৰ অন্তর্গত অসম–নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বেদখলকাৰীক উচ্ছেদ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পিছতে তৎপৰ হৈ পৰিছে সৰুপথাৰ সমজিলা প্রশাসনৰ লগতে বন বিভাগ৷ ইতিমধ্যে ড্রোনৰ সহায়ত সীমান্ত এলেকাত স্থানীয় প্রশাসন, চিআৰপিএফ, বন বিভাগৰ এটা বৃহৎ দসে জৰীপ আৰম্ভ কৰিছে৷ দুদিন ধৰি সীমান্ত অঞ্চলত এক বৃহৎ দলে চলাই আছে এই জৰীপ৷

উল্লেখ্য যে শেহতীয়াকৈ নগাঁও, ধিং, ৰূপহী, ডিমাপুৰ আদি অঞ্চলৰ পৰা বহু লোক আহি সীমান্ত অঞ্চলৰ বনাঞ্চল ধ্বংস কৰি বসবাস কৰিবলৈ লৈছে, যিয়ে অসমৰ জনজীৱনৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ বৃহৎ উচ্ছেদ অভিযানৰ স্থান প্রায় নিশ্চিত কৰিছে প্রশাসনৰ লোকে৷ উৰিয়ামঘাটৰ ৩,০০০ৰো অধিক বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত আছে বুলি জানিব পৰা গৈছে৷ সীমান্তৰ সোণাৰি বিল, পিঠাঘাট, খেৰবাৰী, দয়ালপুৰ, বিদ্যাপুৰ আদি অঞ্চল অচিনাক্ত বেদখলকাৰীৰ কবলত আছে৷ উল্লেখ্য যে পূর্বতকৈ ইয়াৰ পৰিমাণ প্রায় ৫০ শতাংশ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণাৰ পিছতে স্থানীয় প্রশাসন আৰু বন বিভাগ সষ্টম হৈ পৰিছে৷ যিকোনো মুহূর্ততে সীমান্ত এলেকাসমূহত চলিব উচ্ছেদ অভিযান৷ বিগত কিছু বছৰে বেদখলকাৰীৰ কবলত আছিল এহ বৃহৎ অঞ্চলসমূহ৷ সেয়ে চৰকাৰ তথা প্রশাসনৰ উচ্ছেদৰ পদক্ষেপক আদৰণি জনাইছে স্থানীয় দল–সংগঠনে৷

You might also like