নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটৰ ৭০ৰ পিছত বিজেপিৰ ১০০+ কেনেকৈ

যোগদান সমাৰোহত হাগ্রামাৰ প্রশ্ন

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ  বিটিআৰৰ ১২খন আসনতেই বিপিএফৰ প্রার্থী জয়ী হ’ব আৰু মহাজোঁটে চৰকাৰ গঠন কৰিব৷– এই দাবী বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ৷ আজি গোসাঁইগাঁও চহৰৰ সমীপত এখন বিশাল যোগদান সমাৰোহত ভাগ লৈ মহিলাৰীয়ে কয় যে বিজেপিয়ে ১০+ আসন দখল কৰিব বুলি যি দাবী কৰিছে সেয়া অমূলক৷ অসম বিধানসভাত ১২৬খন আসন আছে আৰু ইয়াৰে ৭০খন আসন মহাজোঁটে লাভ কৰিব৷ তেনে পৰিস্থিতিত বিজেপিয়ে কেনেকৈ ১০+ আসন লাভ কৰিব? বিজেপিৰ এই দাবী অবাস্তৱিক বুলি তেওঁ অভিহিত কৰে৷ মহিলাৰীৰ মন্তব্য– বিপিএফকে ধৰি ৭টা দলক লৈ মহাজোঁট গঠিত হৈছে৷ এই মহাজোঁটৰ শক্তি অধিক৷ ৭ দলৰে ভোট লাভ কৰিব মহাজোঁটৰ প্রার্থীয়ে৷

আনহাতে, বিটিচিৰ ১২খন আসনত মহাজোঁটৰ একমাত্র বিপিএফে প্রার্থী প্রক্ষেপ কৰিব বুলি স্পষ্ট কৰি দি মহিলাৰীয়ে কয় যে বিপিএফৰ প্রার্থীক মহাজোঁটৰ আন দলকেইটাই সহায় কৰিব৷ সেইদৰে বিটিচিৰ বাহিৰত মহাজোঁটৰ প্রার্থীক সহায় কৰিব বিপিএফে৷ বিধানসভা নির্বাচনৰ পিছতে বিপিএফে পুনৰ বিটিচি দখল কৰিব বুলিও মহিলাৰীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তেওঁ জনোৱা মতে, ১২ মার্চৰ পৰা ১৫ মার্চৰ ভিতৰত বিপিএফে তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রার্থী তালিকা ঘোষণা কৰিব৷ বিপিএফৰ উপ–সভাপতি শোভাৰাম বসুমতাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত যোগদান কার্যসূচীত যুৱ বিপিএফৰ কেন্দ্রীয় সাধাৰণ সম্পাদক প্রহ্লাদ ব্রহ্মই কয় যে শংকৰ–আজানৰ দেশৰ পৰা সাম্প্রদায়িক বিজেপিক বিদায় দিয়াৰ বাবে মহাজোঁট গঠন হৈছে৷ আজিৰ যোগদান কার্যসূচীত বিজেপি, ইউপিপিএল, জিএছপি আৰু কংগ্রেছ ত্যাগ কৰি দুই সহস্রাধিকে বিপিএফত যোগদান কৰে৷
বিপিএফৰ দুই বিধায়ক বঞ্চিত
টিকটৰ পৰা বঞ্চিত হ’ল বিপিএফৰ দুগৰাকীকৈ বিধায়ক৷ ৪জনীয়া প্রথমখন তালিকা প্রকাশ কৰাৰ পিছত সেয়ে দলটোৰ একাংশ কর্মী দলীয় নেতৃত্বৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে৷ পানেৰী বিধানসভা সমষ্টিত একেৰাহে চাৰিবাৰ প্রতিনিধিত্ব কৰা কমলী বসুমতাৰীৰ প্রার্থিত্ব এইবাৰো নিশ্চিত আছিল যদিও শেষ মুহূর্তত তেওঁক বঞ্চিত কৰা হয়৷ এই কার্যত স্বাভাৱিকতে বিধায়িকাগৰাকীৰ সমর্থকসকল হতাশ হৈ পৰিছে৷ কমলী বসুমতাৰীয়ে কোনো প্রতিক্রিয়া প্রকাশ নকৰিলেও আন এজন বঞ্চিত বিধায়কে মুকলিকৈ অসন্তুষ্টি প্রকাশ কৰিলে নেতৃত্বৰ বিৰুদ্ধে৷ ৬৫নং কলাইগাঁও সমষ্টিৰ বর্তমানৰ বিধায়ক মহেশ্বৰ বড়োৱে প্রার্থিত্ব নোপোৱাৰ পিছতে ভেৰগাঁও জিলা বিপিএফৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ অৱশ্যে তেওঁ দল সলনি নকৰে বুলি স্পষ্ট কৰি দিছে৷ দুয়োগৰাকী বিধায়কৰ সমর্থকসকল হতাশ হৈ পৰাৰ লগতে একাংশই আন দলৰ সপক্ষে ভোট দিব বুলি মুকলিকৈ প্রকাশ কৰিছে৷ উল্লেখ্য যে সদ্য কংগ্রেছ ত্যাগী দুর্গাদাস বড়োক কলাইগাঁৱত বিপিএফৰ প্রার্থিত্ব প্রদান কৰা হৈছে৷ কালি বিপিএফত যোগদান কৰাৰ পিছতে কলাইগাঁৱত দাস বড়োৰ প্রার্থিত্ব ঘোষণা কৰা হয়৷ আনহাতে পানেৰীত কমলী বসুমতাৰীৰ স্থানত কৰুণাকান্ত স্বর্গীয়াৰীক এইবাৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিছে বিপিএফে৷

You might also like