নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ পাছতেই আৰম্ভ হ’ব বৰাকৰ মিনি সচিবালয়ৰ কামঃ ২০২২ত কর্কট হাস্পতাল

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ বৰাক উপত্যকাৰ কাছাৰ জিলাৰ উন্নয়নৰ বাবে বৃহৎ ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দুদিনীয়া কাছাৰ জিলা ভ্রমণ সামৰি সোমবাৰে শিলচৰ আৱর্ত ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই শাৰদীয় দুর্গাপূজাৰ পাছতে বৰাকত মিনি সচিবালয়ৰ নির্মাণৰ কাম আৰম্ভ হ’ব বুলি প্রকাশ কৰে৷ অহা ২৪ ছেপ্টেম্বৰত এই কামৰ বাবে নিবিদা হ’ব৷ ইয়াৰ বাবে চৰকাৰে ১১৬ কোটি টকা মঞ্জুৰ কৰিছে৷ সেইদৰে গুৱাহাটীৰ দৰে শিলচৰ চহৰকো বর্ধিত কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিলচৰৰ উপায়ুক্তৰ কার্যালয়টো চহৰৰ বাহিৰলৈ লৈ যোৱা হ’ব৷ উপায়ুক্তৰ কার্যালয়, আৱর্ত ভৱনকে ধৰি সংলগ্ণ বিভাগসমূহক লৈ এই কার্যালয়টো এটা ইণ্টিগ্রেটেড কার্যালয়লৈ ৰূপান্তৰ কৰিবলৈ ৫০ কোটি টকা ধার্য কৰা হৈছে৷ ইয়াৰ বাবে উপায়ুক্তক ১০ বিঘা মাটি আবণ্টন দিবলৈ নির্দেশ দিয়া হৈছে৷

বর্তমানৰ উপায়ুক্তৰ কার্যালয়, আৱর্ত ভৱনৰ স্থান মুকলি অঞ্চল হিচাপে ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ সেইদৰে অহা বছৰ পূজাৰ আগে আগে শিলচৰ কেঞ্চাৰ হাস্পতালখনো সম্পূর্ণ হৈ উঠিব আৰু তাত অত্যাধুনিক লাইনাক মেচিন সংস্থাপন কৰা হ’ব৷ শিলচৰ মেডিকেল কলেজতো কেথলেব সংস্থাপিত কৰা হ’ব৷ একেদৰে অঞ্চলটোত নির্মীয়মাণ ৫০০খন বিছনাযুক্ত হাস্পতালখনৰ কামো অহা দুবছৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷ গুৱাহাটীৰ দৰে শিলচৰ আৰু ডিব্রুগড় চহৰ দুখনো পৌৰ নিগমলৈ উন্নীত কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে শিলচৰৰ ৰাসিৰখাৰীত এখন উৰণীয়া সেতু নির্মাণৰ প্রস্তাৱ লোৱা হৈছে৷ চহৰখনৰ যান–জঁট নিৰাময়ৰ বাবে বিকল্প উৰণীয়া সেতু নির্মাণৰ বাবে স্থানৰ অভাৱ আছে৷ এইক্ষেত্রত কোনোবাই মাটি এৰিলে উৰণীয়া সেতু নির্মাণৰ ব্যৱস্থা কৰা হ’ব৷

আনহাতে, ঐতিহ্যমণ্ডিত ভুবন পাহাৰৰ উন্নয়নৰ বাবে পর্যটন বিভাগে ১০ কোটি টকা ধার্য কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ধলাইৰ পৰা ভুবন তীর্থলৈ পথ নির্মাণৰ বাবে লোকনির্মাণ বিভাগক প্রাক্কলন যুগুতাবলৈ দিয়া হৈছে৷ অহা দুবছৰৰ ভিতৰত এই কাম হোৱাৰ আশা কৰা হৈছে৷ সেইদৰে কছাৰী ৰজাৰ ৰাজধানী ঐতিহাসিক খাচপুৰক কেন্দ্র কৰি বৰাকলৈ পর্যটনৰ আকর্ষণ বৃদ্ধিৰ প্রয়াসৰ লগতে প্রতিটো কীর্তিচিহ্ণ সংৰক্ষণ কৰাৰ ওপৰতো গুৰুত্ব দিয়াৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কলাক্ষেত্রৰ আর্হিত খাচপুৰ ৰজাবাৰী নির্মাণ কৰা হ’ব৷

ইপিনে, অসম–মিজোৰাম সীমান্তৰ পৰিস্থিতি সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সীমান্তৰ পৰিস্থিতি এতিয়া শান্ত৷ সীমান্তত এতিয়া চি আৰ পি এফ নিয়োজিত হৈ আছে৷ নতুনকৈ সীমান্তত কোনো বেদখল হোৱা নাই৷ বৰং বেদখল কৰা ২০০ হেক্টৰ মাটি উদ্ধাৰহে কৰা হৈছে৷ উগ্রপন্থীৰ ক্ষেত্রতো চৰকাৰ কঠোৰ বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীয়ে উগ্রপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব৷ হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ কাছাৰ কাগজ কলৰ কর্মচাৰীসকলৰ সমস্যাও খুব সোনকালে সমাধান হ’ব৷ বৰাক উপত্যকাত পর্যাপ্ত গেছ থকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অঞ্চলটোত গেছভিত্তিত উদ্যোগ স্থাপন হ’লে উদ্যোগটোৱে বৰাকৰ লগতে ত্রিপুৰাৰ পৰাও গেছ লাভ কৰিব৷

ইফালে, বৰাক–ব্রহ্মপুত্রক লৈ পৃথক দৃষ্টিভংগীৰে নাচাবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বৰাক আৰু ব্রহ্মপুত্র উপত্যকা ভৌগোলিক ক্ষেত্রত পৃথক যদিও দুয়োটা উপত্যকাই একেখন অসমৰেই৷ সেয়ে এই বিভাজন আনিব নালাগে৷ বৰাকত চৰকাৰী কার্যালয়ত তৃতীয়–চতুর্থবর্গৰ্ কর্মচাৰীৰ ৮৫ শতাংশ লোকেই বৰাক উপত্যকাৰ৷ বর্তমান যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া হৈছে৷ যিসকলে সাক্ষাৎকাৰত উত্তীর্ণ হ’ব, তেওঁলোকে নিযুক্তি লাভ কৰিব৷ সেয়ে চৰকাৰী চাকৰিৰ ক্ষেত্রত বৰাক উপত্যকাৰ যুৱক–যুৱতীক অগ্রাধিকাৰ দিয়া নহয় বুলি কোৱা কথা সত্য নহয়৷

You might also like