নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহিব নেকি তৃতীয় ঢৌ? ক’ভিডৰে যুঁজিবলৈ সাজু চৰকাৰ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ক’ভিডৰ সম্ভাব্য তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰ সাজু হৈ আছে৷ আজি শিলচৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে সকলোৱে ভেকচিন ল’লে তৃতীয় ঢ়ৌৰ মোকাবিলা কৰিব পৰা যাব৷ তেতিয়া তৃতীয় ঢ়ৌ ভয়ানক নহ’বও পাৰে৷ এইক্ষেত্রত জনসাধাৰণে ক’ভিড ভেকচিনৰ প্রথম পালি এশ শতাংশ ল’ব লাগিব৷ দ্বিতীয় পালিও সময় মতে এশ শতাংশ ল’ব লাগিব৷ তৃতীয় ঢ়ৌৰ মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি সবল কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিলচৰ মেডিকেল কলেজ হাস্পতালত অতিৰিক্ত ৪০খন আই চি ইউ বিছনা আৰু ৪০খন শিশুসকলৰ বিছনাযুক্ত ভৱন মুকলি কৰা হৈছে৷ জনসাধাৰণক ক’ভিডৰ ভেকচিন লোৱাৰ ক্ষেত্রত গুৰুত্ব দিয়াৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিড আহিলেই অর্থনীতি বন্ধ হৈ যায়৷ নিয়োগৰ ক্ষেত্রত বহু সমস্যা আহি পৰে৷ সেয়ে ভেকচিন লৈ সকলোৱে সুৰক্ষিত হৈ থকা উচিত৷

আনহাতে, চিনেমা গৃহ মুকলিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দশম শ্রেণী, কলেজ, হোষ্টেলসমূহ ইতিমধ্যে খোলা হৈছে৷ চিনেমা গৃহসমূহো সময়ত খোলা হ’ব৷ চিনেমা গৃহ খোলাৰ ক্ষেত্রত চৰকাৰৰ কোনো আপত্তি নাই৷ কিন্তু চিনেমা গৃহ খোলাৰ পাছত যদি পুনৰ ক’ভিডৰ প্রাদুর্ভাৱ ঘটে, তেতিয়া আকৌ চিনেমা গৃহ বন্ধ কৰিব লাগিব৷ সেয়ে চৰকাৰে চিনেমা গৃহ খোলাৰ ক্ষেত্রত কিছু অপেক্ষা কৰিব লাগিব৷ ক’ভিড কোনো ৰাজনৈতিক ইছ্যু নহয়, স্বাস্থ্যজনিত ইছ্যু বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এইক্ষেত্রত তেওঁক হেঁচা দিব নালাগে বুলি মন্তব্য কৰে৷ মহামাৰীৰ পৰা পৰিত্রাণ পোৱাৰ বাবে তেওঁ সকলোকে ভেকচিন লোৱাৰ ক্ষেত্রত শিল্পীসকলে প্রচাৰ নকৰাৰ প্রসংগ উনুকিয়াই কয় যে শিল্পীসকল হৈছে ৰোল মডেল৷ শিল্পীসকল হৈছে সার্বজনীন৷ তেওঁলোকে ভেকচিনৰ বিষয়ে প্রচাৰ কৰিলে বহু বেছি মানুহে ভেকচিন ল’বলৈ যাব৷ সেয়ে তেওঁ শিল্পীসকলক গাঁৱলৈ গৈ ভেকচিনৰ ব্যাপক প্রচাৰ কৰাৰ আহ্বান জনায়৷

You might also like