নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আজমলৰ অক্সিজেন লাগে কংগ্রেছক

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ পুনৰ বদৰুদ্দিন আজমলৰ অক্সিজেনৰ প্রয়োজন হৈছে কংগ্রেছক৷ যোৱা বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বিজেপিক ক্ষমতাচ্যুত কৰাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কংগ্রেছে এআইইউডিএফৰ সৈতে মিত্রতা কৰি মহাজোঁট গঠন কৰে৷ কিন্তু নির্বাচনী ফলাফলত পুনৰ বিজেপি মিত্রজোঁটে জনাদেশ লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছতেই নির্বাচনী বিপর্যয়ৰ বাবে এআইইউডিএফক জগৰীয়া কৰি কংগ্রেছে দলটোৰ সৈতে মিত্রতা ছেদ কৰে৷ যোৱা অক্টোবৰ মাহত অনুষ্ঠিত ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনত কংগ্রেছে অকলেই যুঁজত অৱতীর্ণ হয়৷ এতিয়া সেই কংগ্রেছেই পুনৰ সহায় বিচাৰিছে এআইইউডিএফৰ৷ মূলতঃ অহা মার্চত হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নির্বাচনৰ পৰিপ্রেক্ষিততে এতিয়া কংগ্রেছক প্রয়োজন হৈছে এআইইউডিএফকে ধৰি অন্যান্য বিৰোধী দলৰ সমর্থন৷ অহা ২ এপ্রিলত বর্তমানৰ ৰাজ্যসভাৰ দুই কংগ্রেছ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কার্যকাল সামৰণি পৰিব৷ ৰাজ্যসভাৰ আসন দুখনৰ বাবে অহা মার্চত নির্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু এইবাৰ বিধানসভাত থকা কংগ্রেছৰ শক্তিৰে এখন আসনো দলটোৱে দখল কৰিব নোৱাৰে৷ দুখন আসনৰ বাবে হ’বলগীয়া এই নির্বাচনত এখন আসনত জয়ী হ’বলৈ প্রয়োজন ৪২গৰাকী বিধায়কৰ সমর্থনৰ৷ কিন্তু বর্তমান বিধানসভাত কংগ্রেছৰ বিধায়কৰ সংখ্যা মাত্র ২৭গৰাকী৷

ইয়াৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে ইতিমধ্যে শাসক দল বিজেপিৰ পক্ষত অৱস্থান লৈছে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদো কংগ্রেছত থকা–নথকাটো অনিশ্চয়তাৰ মাজত আছে৷ ইয়াৰ পিছতো আসন্ন ৰাজ্যসভা নির্বাচনত কংগ্রেছে এখন আসনৰ বাবে প্রার্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ মঙলবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি শইকীয়াই কয় যে ৰাজ্যসভাৰ এখন আসনত বিৰোধীয়ে প্রার্থিত্ব দিব৷ বিধানসভাৰ প্রতিটো বিৰোধী দলৰ এইক্ষেত্রত তেওঁ সমর্থন বিচাৰে৷ এআইইউডিএফৰ পৰাও সমর্থন বিচাৰি তেওঁ কয় যে আন সময়ত বিৰোধী হিচাপে প্রত্যেকে পৃথকভাৱে থাকিব যদিও সদনৰ মজিয়াত সকলো বিৰোধী একত্রিত হৈ থকাৰ পক্ষপাতী৷ বিৰোধী দলপতি শইকীয়াৰ এই ভাষ্যই কংগ্রেছ দল যে পুনৰ এআইইউডিএফৰ কাষ চাপিবলৈ সাজু হৈছে, তাকেই স্পষ্ট কৰে৷ মন কৰিবলগীয়া এয়ে যে এআইইউডিএফ, চিপিআই (এম) আৰু ৰাইজৰ দলৰ সমর্থন লাভ কৰিলে কংগ্রেছে ৰাজ্যসভাৰ এখন আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ ইপিনে, ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগত বিৰোধী দলপতি শইকীয়াই যুটীয়া সংসদীয় কমিটীয়ে ইতিপূর্বে দাখিল কৰা চুপাৰিছ অনুসৰি জনগোষ্ঠীকেইটাক জনজাতিৰ মর্যাদা দিয়াৰ দাবী জনায়৷ সেইদৰে মাটিৰ মূল্যবৃদ্ধিৰ প্রসংগত তেওঁ কয় যে নিটি আয়োগৰ পৰামর্শ অনুসৰি চৰকাৰে নিজস্ব পুঁজি বৃদ্ধিৰ বাবেই মাটিৰ দাম বৃদ্ধি কৰিব বিচাৰিছে৷ মাটিৰ দাম বৃদ্ধিৰ লগে লগে অধিক দলিল ক্রয় কৰিব লাগিব আৰু তাৰ পৰা চৰকাৰে অধিক ৰাজহ লাভ কৰিব৷

You might also like