নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ কাম–কাজে বিৰোধী নেতা–কর্মীক বিজেপিমুখী কৰিছে

সাক্ষাৎগ্রহণঃ উৎপল চক্রৱর্তী

সাক্ষাৎগ্রহণকাৰীৰ ফোনঃ ৮৬৩৮৪–৪৫৭৭৪
ফটোঃদিব্যজ্যোতি ৰাভা

একেৰাহে দুটাকৈ কার্যকালৰ বাবে ৰাজ্যখনত ক্ষমতাত অধিষ্ঠিত হোৱা বিজেপি দল এতিয়া অসমত অপ্রতিৰোধ্য শক্তি হিচাপে পৰিগণিত হৈছে৷ কিন্তু যোৱা বিধানসভা নির্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যায় যে মুছলমান সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিয়ে প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ ইয়াৰ কাৰণ কি বুলি ভাবে?
বিজেপি দলৰ জন্মলগ্ণৰে পৰা কংগ্রেছ দলে মুছলমানবিৰোধী হিচাপে মুছলমানসকলৰ মনত ঋণাত্মক ধাৰণা সৃষ্টি কৰি আহিছে৷ তাৰ পৰিপ্রেক্ষিততে আজিও বহু মুছলমান মানুহে বিজেপি দলক তেওঁলোকৰ বিৰোধী বুলি ভাবে৷ অৱশ্যে আপুনি ক’বৰ দৰে যোৱা বিধানসভা নির্বাচনত আমি মুছলমানৰ ভোট নোপোৱা নহয়৷ শতাংশ হিচাপত কম পাইছোঁ৷ কিন্তু ক্রমান্বয়ে মুছলমানৰ ভোট বাঢ়ি আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সকলো জাতি–জনগোষ্ঠী, সম্প্রদায়ৰ বাবে যিদৰে কাম কৰি আহিছে, আমি ভাবোঁ– অন্যান্য জাতি–জনগোষ্ঠীৰ দৰে অনাগত দিনত আমি মুছলমানসকলৰো নিশ্চিতভাৱে মন জয় কৰিবলৈ সক্ষম হ’ম৷ বিজেপিৰ দর্শন হৈছে প্রথমতে দেশ গঠন, দ্বিতীয়তে দল আৰু তৃতীয়তে ব্যক্তি৷ এই দর্শনেৰে বিজেপিৰ প্রতিগৰাকী কার্যকর্তা, প্রধানমন্ত্রীৰ পৰা মুখ্যমন্ত্রীকে ধৰি বুথ সভাপতিসকলে অহৰহ কাম কৰি আহিছে৷ বিগত বছৰবোৰত কংগ্রেছ আৰু কমিউনিষ্টে অকল নিজৰ স্বার্থ পূৰণৰ বাবে, ব্যক্তিগত লাভালাভৰ বাবে সমাজলৈ পিঠি দি কাম কৰাৰ পৰিণতিতে ভাৰতবর্ষ বিশ্বৰ শেষত থাকিবলগীয়া হৈছিল৷ ২০১৪ চনত প্রধানমন্ত্রী মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰাহে ভাৰতবর্ষৰ স্বাভিমান, গৰিমা উভতি অহাৰ লগতে প্রত্যেকটো জাতি, উপ–জাতিৰ উন্নয়নৰ দিশত প্রকৃত কাম আৰম্ভ হয়৷ এটা কথা স্পষ্টভাৱে কওঁ– বিশ্বৰ ভিতৰতে ভাৰতবর্ষত ইছলামসকল সকলোতকৈ সুখত আছে৷
যোৱা বিধানসভা নির্বাচনৰ সময়ত কংগ্রেছ–এআইইউডিএফৰ্ মাজত হোৱা মিত্রতা ইতিমধ্যে ছেদ হৈছে৷ এই মিত্রতা ছেদৰ ফলত অনাগত দিনত হ’বলগীয়া নির্বাচনত নিশ্চিতভাৱে বিজেপি দল উপকৃত হ’ব৷ আপুনি কি কয়?
কংগ্রেছ আৰু এআইইউডিএফে কেতিয়াবা গোপনে, কেতিয়াবা খোলাখুলিকৈ মিত্রতা কৰে৷ তেওঁলোক একেটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ যোৱা লোকসভা নির্বাচনৰ সময়ত কলিয়াবৰত গৌৰৱ গগৈৰ স্বার্থত এআইইউডিএফে প্রার্থিত্বই নিদিলে৷ মঙলদৈতো এআইইউডিএফে প্রার্থিত্ব নিদিলে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা জন্মলগ্ণৰে পৰা আছে৷ তেওঁলোকৰ মিত্রতা থকা সত্ত্বেও ২০১৪ চনৰ লোকসভা নির্বাচনত আমি ৭খন আসনত জয়লাভ কৰোঁ৷ ২০১৯ৰ লোকসভা নির্বাচনত ৯খন আসনত জয়লাভ কৰিছোঁ৷ ২০২৪ত আৰু অধিক আসনত জয়লাভ কৰিম বুলি বিশ্বাস আছে৷
 সম্প্রতি ৰাজ্যত কংগ্রেছ দল দুর্বল হোৱাৰ বিপৰীতে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল শক্তিশালীভাৱে গা কৰি উঠা দেখা গৈছে৷ যোৱা উপ–নির্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলে দ্বিতীয় স্থান লাভ কৰে৷ ভৱিষ্যতে ৰাজ্যখনত ৰাইজৰ দলে প্রধান বিৰোধী দল হিচাপে আত্মপ্রকাশ কৰিব বুলি ভাবে নেকি?
বর্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে কংগ্রেছতকৈ ৰাইজৰ দল আগবাঢ়ি যাব৷ কিন্তু এজন বিধায়কে কেতিয়াও শক্তিশালী বিৰোধী হ’ব নোৱাৰে৷ বর্তমান ৰাজ্যত বিৰোধী দলৰ স্থিতি দুর্বল৷ এয়া গণতন্ত্রৰ বাবে অশুভ সংকেত৷ আমি শিৱসাগৰৰ দলৰ প্রভাৰী হিচাপে লাভ কৰা মানুহৰ অনুভৱৰ পৰা কৈছোঁ– শিৱসাগৰ সমষ্টিত ৰাইজে অখিল গগৈক নির্বাচিত কৰি এতিয়া ভুল কৰা বুলি অনুভৱ কৰিছে৷ অখিল গগৈয়ে শিৱসাগৰৰ ৰাইজৰ সুখ–দুখত ৰাইজৰ লগত থিয় দিয়া নাই৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল– অখিল গগৈয়ে বিধানসভাৰ মজিয়াত যেনেধৰণৰ আচৰণ কৰিছে, ঐতিহ্যমণ্ডিত শিৱসাগৰৰ গুণী–জ্ঞানী লোকে তেনে আচৰণ ভাল পোৱা নাই৷ অখিল গগৈৰ আচৰণত লজ্জাবোধ কৰিছে৷
যোৱা বিধানসভা নির্বাচনত অজাপ আৰু ৰাইজৰ দলে বিজেপিৰ ‘বি’ টীম হিচাপে কাম কৰা বুলি বিভিন্ন পক্ষই অভিযোগ কৰি আহিছে৷ এই সংক্রান্তত আপুনি কি কয়?
দুয়োটা দলেই ‘কা’বিৰোধী৷ ‘কা’বিৰোধী পক্ষ কেনেকৈ বিজেপিৰ ‘বি’ টীম হ’ব? বৰং তেওঁলোক সকলোৱে কংগ্রেছৰ লগত মিলি ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল৷ তেওঁলোক প্রকৃততে কংগ্রেছৰ ‘বি’ টীম নে বিজেপিৰ ‘বি’ টীম, জনসাধাৰণে ক’ব৷
সম্প্রতি কংগ্রেছ বিধায়ক–নেতাৰ বিজেপি গমনৰ জোৱাৰ উঠিছে৷ আপোনাৰ দৃষ্টিত ইয়াৰ কাৰণ কি?
আচলতে ভোটাৰ ৰাইজেই ভোট সলনি কৰে৷ একেই ভোটাৰে ১৯৮৫ত অগপক, ১৯৯১ত কংগ্রেছক, ১৯৯৬ত অগপক, ২০০১ৰ পৰা ২০১১লৈ কংগ্রেছক, ২০১৬ৰ পৰা ২০২১লৈ বিজেপি মিত্রজোঁটক ভোট দি ক্ষমতাত অধিষ্ঠিত কৰিছে৷ বিধায়ক–নেতাসকল ভোটাৰৰ ওপৰত নির্ভৰশীল৷ ভোটাৰ ৰাইজ যিফালে যাব, নেতাসকলো সেইফালে যাব৷ কেন্দ্রত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাজ্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ কাম–কাজে ভোটাৰ ৰাইজক বিজেপিৰ প্রতি আকৃষ্ট কৰিছে৷ সেইবাবে নেতাসকলো বিজেপিমুখী হৈছে৷ অদূৰ ২৫–৩০ বছৰলৈ অন্য দলে অসমত চৰকাৰ কৰাৰ আশা ক্ষীণ৷ তেনে সম্ভাব্য পৰিস্থিতিৰ বিষয়ে অনুধাৱন কৰিয়েই কংগ্রেছৰ বিধায়ক, নেতাসকলে বিজেপি মিত্রজোঁটৰ প্রতি আকৃষ্ট হৈ যোগদান কৰি আছে বা কৰিবলৈ আগ্রহ ব্যক্ত কৰিছে৷
২০১৪ চনৰ পৰাই বিজেপিৰ এটা গুৰুত্বপূর্ণ প্রতিশ্রুতি আছিল– ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ৷ কিন্তু আজিলৈকে সেই প্রতিশ্রুতি ৰূপায়ণ কৰিব পৰা নাই৷ কিয় এই প্রতিশ্রুতি পূৰণত বিলম্ব হৈছে?
পূর্বৰ চৰকাৰসমূহে এই বিষয়টোক লৈ কেৱল খেলা কৰিলে৷ বছৰ বছৰ ধৰি চলি অহা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ কার্যক্ষেত্রত একোৱেই নকৰিলে৷ কেন্দ্র আৰু ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম আৰম্ভ হয়৷ ইতিমধ্যে ৯০ শতাংশ কাম সম্পূর্ণ হৈছে৷ ১০ শতাংশ কামহে বাকী আছে৷ এই ক্ষেত্রত প্রশাসনিক কিছু বাধ্যবাধকতা আছে৷ সেইবোৰ আঁতৰোৱাৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে৷
r কিন্তু আপোনালোকৰ প্রতিশ্রুতি আছিল– চৰকাৰ গঠনৰ ১০০ দিনৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা দিব?
নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতিসমূহৰ ৯০ শতাংশই নির্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰা হৈছে৷ বাকী যি ১০ শতাংশ বাকী আছে, সেয়াও চৰকাৰে ৰূপায়ণ কৰিব৷ প্রতিশ্রুতি পালনক লৈ বিজেপি দায়বদ্ধ৷
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্রতো বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যর্থতাৰ অভিযোগ উঠিছে৷ এই বিষয়ত আপুনি কি কয়?
১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল৷ চুক্তিখন হোৱাৰ পিছত বহু চৰকাৰ আহিল৷ কিন্তু পূর্বৰ চৰকাৰসমূহে চুক্তিখনৰ ৬নং দফা ৰূপায়ণৰ বাবে পদক্ষেপ ল’বলৈ সাহস কৰা নাছিল৷ সেই সময়ত বিষয়টো কাগজৰ পাততে সীমাবদ্ধ আছিল৷ বিজেপি দল ক্ষমতালৈ অহাৰ পিছতহে বিষয়টো সংসদৰ মজিয়ালৈ আহে৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বিষয়টো বিজেপি চৰকাৰেহে পেপাৰৰ পৰা পার্লিয়ামেণ্টলৈ আনে৷ ৬নং দফা ৰূপায়ণৰ প্রচেষ্টা আমাৰ অব্যাহত আছে৷ আমাৰ দৃঢ় বিশ্বাস– আমি কৰিব পাৰিম৷
সম্প্রতি নিত্যব্যৱহার্য সামগ্রীকে ধৰি প্রতিবিধ সামগ্রীৰ দামবৃদ্ধিয়ে অসমৰ জনসাধাৰণক সাংঘাতিক ধৰণে জুৰুলা কৰিছে৷ কিন্তু কার্যক্ষেত্রত দেখা গৈছে– চৰকাৰে জনসাধাৰণক দামবৃদ্ধিৰ পৰা সকাহ দিব পৰা নাই৷ ইয়াৰ কাৰণ কি?
ক’ৰোনাকালত সমগ্র বিশ্বতে দামবৃদ্ধি হৈছে৷ পূর্বৰ চৰকাৰসমূহে অসমক উৎপাদনশীল ৰাজ্য কৰাৰ বাবে কোনো কাম কৰা দেখা নগ’ল৷ ফলত অসমে এতিয়াও প্রায়বোৰ সামগ্রীয়েই বাহিৰৰ পৰা ক্রয় কৰিবলগীয়া হয়৷ সেইবোৰ ৰাজ্যই যি দাম নির্ধাৰণ কৰে, আমি সেয়া দিবলগীয়া হয়৷ অর্থনৈতিকভাৱে যদি বিশ্লেষণ কৰে, তেতিয়াহ’লে দেখিব– চাহিদা আৰু যোগানৰ ওপৰত দাম নির্ধাৰণ হয়৷ জনসংখ্যা বৃদ্ধি হোৱাটোও দামবৃদ্ধিৰ আন এটা কাৰণ৷ জনসংখ্যা বৃদ্ধিয়ে যোগান আৰু চাহিদাৰ ওপৰত ক্রিয়া কৰে৷

You might also like