নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহৰে বৈঠকত মিত্রতা অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত অগপৰ

পলাশবাৰীৰ ঐক্য সমাৰোহত ঘোষণা নেতৃত্বৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ দেওবাৰে ৰামপুৰ হাইস্কুল খেলপথাৰত সমৱেত হোৱা অগণিত জনতাই প্রমাণ কৰিছে যে পলাশবাৰীৰ জনতা অসম গণ পৰিষদৰ লগত আছে৷ হিলদল ভাঙি ওলাই অহা হাজাৰ হাজাৰ জনতাই বুজি উঠিছে আঞ্চলিক দল অগপৰ কিয় প্রয়োজন৷ অগপ দলে সদায় খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ স্বার্থত থিয় দি আহিছে আৰু দি যাব৷ অসমৰ খাটিখোৱা জনতাৰ বুকুৰ পৰা অগপক হেজাৰ চেষ্টা কৰিও কাঢ়ি নিব পৰা নাই আৰু নোৱাৰে৷’ –আজি পলাশবাৰী সমষ্টিৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত অগপৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই এই মন্তব্য কৰে৷ সভাপতি বৰাই কংগ্রেছ দলক তীব্র ভাষাৰে আক্রমণ কৰি কয় যে ক্ষমতাৰ লোভত এই দলটোৱে বদৰুদ্দিন আজমলৰ লগত মিত্রতা কৰিবলৈ উঠিপৰি লাগিছে৷ দীর্ঘদিনীয়া কংগ্রেছ শাসনত অসমৰ খিলঞ্জীয়া লোক বর্তমান বহিৰাগতৰ আগ্রাসনত পৰি নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হৈছে বুলি অগপ সভাপতিজনে মন্তব্য কৰে৷

সভাত বক্তব্য আগবঢ়াই অগপৰ কার্যকৰী সভাপতি তথা জলসম্পদ মন্ত্রী কেশৱ মহন্তই সমাগত ২০২১ৰ নির্বাচনতো বিজেপিৰ লগত অগপৰ মিত্রতা অক্ষুণ্ণ থাকিব বুলি কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাজ্যিক বিজেপি নেতৃত্বৰ উপস্থিতিত হোৱা আলোচনাত চূডান্ত হয় বুলি সদৰী কৰে৷ মহন্তই অসমৰ জনতাৰ ঘৰে ঘৰে গৈ অগপৰ আঞ্চলিকতাবাদৰ ভেটি মজবুত কৰিবলৈ কর্মীসকলক আহ্বান জনায়৷ অসম গণ পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক তথা পলাশবাৰীৰ অগপ নেতা ডাঃ কমলাকান্ত কলিতাৰ সভাপতিত্বত হোৱা সভাখনত বক্তব্য আগবঢ়াই পলাশবাৰীৰ জনতাৰ আঞ্চলিকতাবাদৰ প্রতি যে অকুণ্ঠ সমর্থন আছে, সেয়া আজিৰ ১৫ সহস্রাধিক জনতাৰ উপস্থিতিয়ে প্রমাণ কৰে বুলি ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই উল্লেখ কৰে৷ সভাত তিনি মাহ পূর্বে অগপত যোগদান কৰা জনপ্রিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে পৰিৱর্তন কৰিব পৰাকৈ ওলাই অহা বাবে উপস্থিত মহিলাসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ সভাত প্রতিমা বৰুৱা পাণ্ডেৰ দুটাকৈ কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত জনতাক আহ্লাদিত কৰে৷ আজিৰ সভাত প্রবীণ হাজৰিকা, পোনাকণ বৰুৱা, জ্যোতিপ্রসাদ দাস, অতুল কোচ, সুনীল ডেকা, মনোজ শইকীয়া, মামণি বৰা, অধিবক্তা গিৰীন্দ্র ঠাকুৰীয়া, জিতু বৰগোহঁাইকে ধৰি বহুসংখ্যক নেতা–নেত্রী উপস্থিত আছিল৷ সভাৰ আৰম্ভণিতে পলাশবাৰী বিধান পৰিষদৰ সভাপতি ড০ অবনী কুমাৰ দাসে ডাঃ কমলাকান্ত কলিতাৰ বলিষ্ঠ নেতৃত্বত পলাশবাৰী সমষ্টিত যে অগপৰ সুদিন ঘূৰি আহিছে, সেয়া আজিৰ হাজাৰ হাজাৰ জনতাৰ উপস্থিতিয়ে প্রমাণ কৰিছে বুলি কোৱাৰ লগতে অভ্যাগতসকলক আদৰণি জনায়৷ ডাঃ কমলাকান্ত কলিতাই তেওঁৰ শৈশৱৰ শৈক্ষিক জীৱনৰ কঠীয়াতলী ৰামপুৰ হাইস্কুল খেলপথাৰত আজি সমষ্টি পুনৰুদ্ধাৰ সম্পর্কীয় সভাখন সফলতাৰে আয়োজন কৰি ধন্য হোৱা বুলি বক্তব্য আগবঢ়ায়৷

You might also like