নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি অগপ নেতৃত্বৰ

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা সিদ্ধান্তক অসম গণ পৰিষদ দলে আদৰণি জনাইছে আৰু এই প্ৰক্ৰিয়াৰ আৰম্ভণিতে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সমন্বিতে আয়োগৰ এটি প্ৰতিনিধি দলক আজি অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এটি সঁজাতী দলে সাক্ষাৎ কৰে। সভাপতি বৰাৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে দেশৰ নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ ভাষিক, সংস্কৃতি, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা সুনিশ্চিত কৰাৰ দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ আহ্বান জনায়। দলটোৱে লগতে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰে। ২০০১ চনৰ লোকপিয়লৰ তথ্যত উজনি অসমৰ জিলাসমূহৰ তুলনাত নামনি আৰু মধ্য অসমৰ কিছু জিলাত জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন পৰিস্ফুট হৈছে। অবৈধ প্ৰব্ৰজন আৰু ৰাষ্ট্ৰীয় জনসংখ্যা নিয়ন্ত্ৰণ নীতি মানি নচলাৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ কিছু জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ উজনি অসমৰ জিলাসমূহৰ তুলনাত যথেষ্ট বৃদ্ধি পৰিলক্ষিত হৈছে। সেয়েহে উজনি অসমৰ জিলাসমূহত সমষ্টিৰ সংখ্যা যাতে হ্ৰাস নহয়, তাৰ প্ৰতিও দলে আয়োগৰ দৃষ্টি আকৰ্ষণ কৰে। বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্য অসম। সমষ্টিসমূহত প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমপ্ৰতিনিধিত্ব নিশ্চিত কৰি এটা সমষ্টিৰ পৰা আন এটা সমষ্টিৰ মাজত ৩০ শতাংশ ভেৰিয়েচনৰ দলে পোষকতা কৰে। প্ৰতিনিধি দলটোৱে অসম তথা অসমবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচনী আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিনিধি দলটোত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ-সভাপতি কুমাৰ দীপক দাস, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, ডাঃ কমলা কলিতা, সত্যব্ৰত কলিতা উপস্থিত থাকে।

You might also like