নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলসাঁকো বিলৰ উচ্ছেদ : মুখ্যমন্ত্রীৰ আদৰণীয় পদক্ষেপ

দিগন্ত কলিতা

পাৰ হৈ যোৱা ফেব্ৰুৱাৰী মাহটো যোৱা ১২২ বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সবাতোকৈ গৰম মাহ আছিল৷ অহাবাৰ আৰু বেছি গৰম পৰিব বুলি ইতিমধ্যে তথ্য দিছে দেশৰ বতৰ বিজ্ঞান কেন্দ্রই৷ একে সময়তে আৰু এটা তথ্য যে ২০৫০ চনলৈ ভাৰতৰ চহৰৰ জনসংখ্যা প্রতিবছৰে বৃদ্ধি পাই গাঁও আৰু চহৰৰ সমানুপাতিক ৫০ শতাংশ হ’বগৈ৷ চহৰলৈ প্ৰব্ৰজনৰ স্বাভাৱিক প্রৱণতাৰ বাবে যোৱা কেইটামান বছৰতে গুৱাহাটীৰ জনসংখ্যাও দ্রুতগতিত বৃদ্ধি পাইছে৷ এতিয়া প্রশ্নটো হ’ল এই বাঢ়ি অহা জনসংখ্যা পৰিচালনা কৰিবলৈ আমি কৰিম কি? ২০ লাখ জনসংখ্যাৰ মহানগৰ এখন অকল চৰকাৰে সলনি কৰিব পাৰিবনে? আজি শিলসাঁকো বিলৰ উচ্ছেদত বহু ধুনীয়া ঘৰ ভাঙিবলগীয়া হৈছে৷ তাৰবাবে নেতিবাচক চক্রই এনে পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যেন এইখন চৰকাৰে জনতাৰ বিৰুদ্ধে গৈ কাম কৰিব বিচাৰিছে৷ কিন্তু সমালোচনাত অনবৰতে মুখৰ হৈ থকাসকলে নকয় যে ইয়াৰ সমাধাননো ক’ত৷ শিলসাঁকোত অট্টালিকাও থাকিব আৰু গুৱাহাটী বানমুক্তও হৈ থাকিব– সেয়াতো হ’ব নোৱাৰে৷ দুটাৰ যিকোনো এটাহে হ’ব৷ বহুতৰে দাবী আছিল কেৱল মধ্যবিত্ত, ক্ষমতাহীনৰ ঘৰ উচ্ছেদ হ’ব নোৱাৰিব, বৃহৎ হোটেল, ক্ষমতাশালী মানুহ ইয়াৰ পৰা যাতে সাৰি নাযায় তাৰ প্রতি লক্ষ্য ৰাখিব লাগিব৷ ৰাজ্য চৰকাৰে জিঞ্জাৰ হোটেল, ক্ষমতাশালী ৰাজনৈতিক নেতাও সাৰি নাযায় বুলি ঘোষণা কৰিলেই৷

সমালোচনা কৰিবলৈ তেনেই সহজ৷ ৰাজনৈতিক কথাত সমালোচনা কৰিলে কৰক, কিন্তু সকলোৰে ভালৰ বাবে লোৱা কামৰ বাবে অন্ততঃ সহযোগ কৰক৷ সমালোচনা কৰাৰ আগতে এবাৰ ভাবক এখন অভয়াৰণ্যৰ ভিতৰত কেনেকৈ এখন টাউনশ্বিপ গঢ় লৈ উঠিছিল৷ আজি বন্যপ্রাণী আৰু মানুহৰ অহৰহ সংঘাতৰ আঁৰত এইধৰণৰ বেদখলেই মূল কাৰক৷ প্রথমবাৰৰ বাবে এজন মুখ্যমন্ত্রীয়ে প্রচণ্ড সাহসেৰে ভোটাধিকাৰ নথকা বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্রহণ কৰিলে৷ ৰাজনৈতিক দৃষ্টিৰে চালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা পদক্ষেপৰ পৰা কোনো লাভালাভ নাই, বৰঞ্চ লোকচানহে হ’ব৷ কাৰণ লাওখোৱা অভয়াৰণ্যত পূৰ্বে বিচৰণ কৰা হাতী–গঁড়ৰ কোনো ভোটাধিকাৰ নাছিল আৰু ৰাজনৈতিক কোনো মুনাফাও নাছিল, তাৰবাবেই হয়তো কোনো চৰকাৰেই হাতী–গঁড়ৰ বিচৰণভূমি মুক্ত কৰাৰ বাবে ব্যৱস্থা লোৱা নাছিল৷ উচ্ছেদৰ এদিন পিছতে লাওখোৱাত মুক্তমনে হাতী বিচৰণ কৰি থকা দৃশ্যই যিকোনো সংবেদনশীল লোকৰ হূদয় আনন্দেৰে ভৰাই তুলিছিল৷

শিলসাঁকো বিলৰ বেদখলৰ ঠাইত এটি অনন্যসুন্দৰ হ্রদ বনোৱাৰ চৰকাৰে পৰিকল্পনা কৰিছে৷ কাইলৈ আমাৰ ল’ৰা–ছোৱালীৰ কাৰণে খেলপথাৰ মুকলি বতাহ, মুকলি ঠায়ো লাগিব, লগতে পৰিৱেশ ভালে থাকিব লাগিব আৰু আমি চৰকাৰী, বনৰ মাটি, গুৱাহাটীৰ পানী গৈ পৰা পিটনি পুতি ঘৰো নির্মাণ কৰিম, এয়াতো চৰম স্বার্থপৰৰ দৰে কথা হ’ব৷ দুটাৰ যিকোনো এটা বাছি ল’ব লাগিব আৰু পৰিৱেশক বাছনি কৰাৰ বাহিৰে বিকল্প আমাৰ হাতত নাই৷ ইতিমধ্যেই বহুত দেৰি হ’ল, ইতিমধ্যেই বহুত ভুল হ’ল৷ গতিকে এতিয়া শুধৰণি কৰোঁতে কাৰোবাৰতো লোকচান হ’বই৷ সেইজন আপুনি বা মই যিকোনো এজন হ’ব পাৰোঁ৷ এতিয়া প্রশ্ন হ’ল বহু বছৰ আগতে কোনোবাই ভুল কৰিছিল বুলি এতিয়া ভুলৰ শুধৰণিৰ চেষ্টা কৰিব নালাগে নেকি? আগৰ চৰকাৰে, আগৰ মন্ত্রী বিষয়াই ভুল কৰিলে বুলি বেদখল ব্যাহত থাকিব দিব লাগে নেকি? পৰিৱেশ ৰক্ষা, বন বেদখলমুক্ত কৰাৰ দৰে কাম চলি থাকিব লাগে আপোচবিহীনভাৱে৷ অন্যথা তৰ আৰু পৰিৱেশে কি ৰূপ লৈছে আমি সকলোৱে দেখিছোঁ৷ পলমকৈ হ’লেও ইতিবাচক কথা এয়েই যে, বহু বাধা, প্রত্যাহ্বান অতিক্রম কৰি হ’লেও বনভূমি, জলাশয় উদ্ধাৰ কৰিবলৈ প্রথমবাৰৰ বাবে এজন মুখ্যমন্ত্রীয়ে সংকল্প লৈছে৷

এই কাম কেৱল মুখ্যমন্ত্রীৰ নিজৰ বাবে নহয়, আমাৰ সকলোৰে ভালৰ বাবেহে কৰিছে৷ ২০২১ৰ মে’ মাহৰ পৰা আজিৰ তাৰিখলৈকে মিত্রজোঁটৰ চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা সংস্কাৰৰ পদক্ষেপেবাৰ এবাৰ মনত পেলাওক৷ আমি সৌভাগ্যৱান যে এনে এজন মুখ্যমন্ত্রী পাইছোঁ, যিজনে কেতিয়াও নহ’ব, কোনেও নোৱাৰিব, এইবোৰ এনেকৈয়ে থাকিব বুলি নভবা কামবোৰ মুখেৰে নহয়, বৃহৎ স্বার্থত সঁচাই হাতে–কামে কৰি দেখুৱাইছে৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমাৰ ৰাজ্যখনে ড০ হিমন্ত বিশ্ব শর্মাদেৱৰ দৰে এগৰাকী বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিব পৰা সাহসী মুখ্যমন্ত্রী লাভ কৰিছে৷ এনেকুৱা এজন কর্মদক্ষ মুখ্যমন্ত্রী অতীততো পোৱা নাছিলোঁ আৰু ভৱিষ্যতত যে পাম তাৰ কোনো নিশ্চয়তা নাই৷ মুখ্যমন্ত্রী মহোদয়ে ৰাজনৈতিক স্বার্থৰ ঊর্ধ্বত গৈ আমাৰ পৰৱর্তী প্রজন্মৰ পৰিৱেশ অনুকূল ভৱিষ্যতৰ বাবে, সামূহিক কল্যাণৰ বাবে দৃঢ়তাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷ তাৎক্ষণিক ৰাজনৈতিক লাভালাভ আৰু জাতি–ধর্ম–ভাষাৰ সাময়িক গণ্ডীৰ বাহিৰত তেওঁ দূৰদৃষ্টিসম্পন্ন সামূহিক ভৱিষ্যতকেন্দ্রিক স্বার্থত সিদ্ধান্তসমূহ গ্রহণ কৰিছে৷ ৰাজনীতি আৰু ভোটৰ অংকৰ ঊর্ধ্বলৈ গৈ মুখ্যমন্ত্রীয়ে লোৱা এই পদক্ষেপক কেৱল এজন জনপ্রতিনিধি হিচাপে নহয়, প্রকৃতি মাতৃৰ চকুপানী দেখি মর্মাহত হোৱা এজন সাধাৰণ ব্যক্তি হিচাপে অন্তৰৰ পৰা সমর্থন জনাইছোঁ৷ বৃহৎ স্বার্থ ৰক্ষা কৰিবলৈ সৰু সৰু বলিদান দিবলৈ সকলো সাজু থাকিব লাগিব ৷ কাৰণ শিলসাঁকো হওক, লাওখোৱা হওক মুখ্যমন্ত্রীয়ে লোৱা পদক্ষেপ আমাৰ ভৱিষ্যৎ প্রজন্মৰ বাবে মুক্ত বতাহৰ উপহাৰৰ দৰে৷

লেখক, কমলপুৰ সমষ্টিৰ বিধায়ক
ফোনঃ ৯৪৩৫০–১৯২১৯

You might also like