নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ স্বাভিমান গামোচাক বিজতৰীয়া ৰূপ দিয়া সহ্য কৰা নহ’বঃ যুৱ-ছাত্ৰ পৰিষদ

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ তথাকথিত সমন্বয়ৰ নাম লৈ অসমীয়া জাতিৰ স্বাভিমান গামোচাখনক বিকৃত ৰূপত প্ৰস্তুত কৰি মন্ত্ৰী বিধায়ক একাংশক পিন্ধোৱা পৰিলক্ষিত হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁ‌ও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া আৰু সাধাৰণ সম্পাদক দেৱাশীষ দাসে এক বিবৃতিযোগে জনাইছে যে বাংলা সাহিত্য সভাৰ  অনুষ্ঠানটিত মন্ত্ৰী ৰণোজ পেগু আৰু মন্ত্ৰী বিমল বৰা উপস্থিত আছিল। দুয়োগৰাকী মন্ত্ৰীয়ে সেই বিতৰ্কিত গামোচা লৈ হাঁহি হাঁহি প্ৰদৰ্শন কৰি ফটো তুলিলে। প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ নিজা নিজা পৰম্পৰা, সাজপাৰ আছে। চেনেহৰ গামোচাখনো অসমীয়াৰ পৰিচয়। গামোচাক লৈ এইদৰে কৰা মানে অসমীয়াৰ পৰিচয়টোক নিঃশেষ কৰা। গতিকে এই কাৰ্যক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো। সি লাগে যি সম্প্ৰদায়ৰে নহওক কিয় সকলোৱে নিজৰ নিজৰ কলা কৃষ্টিৰে অসমত জীয়াই থকাৰ অধিকাৰ নিশ্চয় আছে। তেনেস্থলত নিজস্ব স্বকীয় সমলেৰে নিজৰ পৰিচয় নিদি বেলেগৰ সংস্কৃতিক বিকৃত কৰাটো ঘৃণনীয়। অসমীয়াৰ সংস্কৃতিক বিকৃত কৰি এনেদৰে উপস্থাপন কৰাৰ ধৃষ্টতা নকৰিবলৈ আমি সংশ্লিষ্ট সকলোকে সকীয়াই দিছো।লগতে অসমীয়া জাতিৰ বৰঘৰত ভুমুকি মাৰি বিজতৰীয়া সংস্কৃতি বিয়পাব বিচাৰিলে ভয়ানক পৰিণতি ভুগিব লাগিব বুলিও জনাই দিছো।
প্ৰেৰক কনক হাজৰিকা
You might also like