নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপই নাপাব দখলত থকা সকলো সমষ্টি

আসন বুজাবুজিৰ অংক অগপ–বিজেপিৰ তিনি ঘণ্টাজোৰা গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ  বিধানসভা নির্বাচনত অগপই কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব, বিজেপিয়ে অগপৰ দখলত থকা কোন কোন সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব অথবা অগপই বিজেপিৰ দখলত থকা কোন কোন সমষ্টি এৰি দিব, এই বিষয়সমূহক লৈ চলি থকা তুমুল চর্চাৰ মাজতে আজি ইয়াকে লৈ অনুষ্ঠিত হ’ল মিত্রজোঁটৰ প্রথমখন গুৰুত্বপূর্ণ বৈঠক৷ আসন বুজাবুজিক লৈ অগপ–বিজেপিৰ মাজত সোমবাহৰে অনুষ্ঠিত প্রথমখন বৈঠকত অৱশ্যে চূড়ান্ত নহ’ল আসনৰ ভাগ–বাটোৱাৰাৰ বিষয়টো৷ উল্লেখ্য যে বিধানসভা নির্বাচনত প্রথম পর্যায়ৰ নির্বাচনৰ বাবে কাইলৈ আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ’ব৷ তাৰ এদিন পূর্বে সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হ’ল অগপ–বিজেপিৰ আসন বুজাবুজিকেন্দ্রিক বৈঠক৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী, সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যৰ লগতে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা আৰু দলৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা উপস্থিত থকা বৈঠকখনত মুখ্যতঃ কোন কোন আসনত অগপ আৰু বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব, সেই সন্দর্ভত বিস্তৃত আলোচনা হয়৷ প্রায় তিনি ঘণ্টাজোৰা এই বৈঠকখন সন্দর্ভত অগপ–বিজেপি নেতৃত্বই বিস্তৃতভাৱে কোনো তথ্য প্রকাশ কৰা নাই যদিও এই বৈঠকতে উভয় দলৰে কেইবাটাও সমষ্টি সালসলনিৰ দিশটোৰ ওপৰত সবিস্তাৰে আলোচনা কৰা হয়৷

মুখ্যতঃ অগপই কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিলে জয় সুনিশ্চিত, সেই সম্পর্কেও এই বৈঠকত আলোচনা কৰাৰ লগতে বিজেপিয়ে অগপক কোনকেইটা সমষ্টি এৰি দিব, তাৰ এক তালিকাও বিজেপিৰ তৰফৰ পৰা অগপৰ ওচৰত দাঙি ধৰা হয়৷ বৈঠক সন্দর্ভত বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি আসন বুজাবুজিৰ প্রথমখন বৈঠকতে অগপৰ তৰফৰ পৰা ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ এখন তালিকা বিজেপি নেতৃত্বৰ ওচৰত দাঙি ধৰা হয়৷ দৰাচলতে সেই তালিকাখনক লৈয়ে তিনি ঘণ্টাজোৰা বৈঠকত অধিক সময় আলোচনা চলে৷ এই আলোচনাত অগপৰ ওচৰত বিজেপিয়ে তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰিব খোজা আৰু জয় নিশ্চিত বুলি দাবী কৰি এখন তালিকা দাঙি ধৰে৷ কার্যতঃ এই দুয়োখন তালিকাক লৈ চলা আলোচনাত বহু সমষ্টিৰ ক্ষেত্রত উভয় দলে প্রায় বুজাবুজিত উপনীত হয় যদিও পাঁচখন আসনক লৈ দল দুটাই ঐকমত্যত উপনীত হ’ব নোৱাৰিলে৷

সূত্রটোৰ মতে, উজনি অসমৰ এখন, উত্তৰ অসমৰ দুখন, মধ্য অসমৰ এখন আৰু নামনি অসমৰ এখন আসনক লৈ অগপ–বিজেপিৰ মাজত জটিলতা সৃষ্টি হৈছে৷ ইফালে বিজেপিৰ আন এক সূত্রই প্রকাশ কৰা মতে, আগন্তুক নির্বাচনত বিজেপিয়ে অগপক ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ বাবেহে পৰামর্শ দিছে৷ সেই সমষ্টিকেইটা হ’ল– বিশ্বনাথ, বকো, সৰুক্ষেত্রী, মানকাচৰ, হাজো, নাওবৈচা, ছয়গাঁও, কলিয়াবৰ, বঙাইগাঁও আৰু বোকাখাত৷ ইয়াৰ বিপৰীতে অগপৰ নেতৃত্বই বিজেপিৰ ওচৰত উজনি অসমৰ চাবুৱা, নাহৰকটীয়া, লখিমপুৰ, ঢ়কুৱাখনা, তেজপুৰ, নগাঁও, বঢ়মপুৰ, পলাশবাৰী, বৰপেটা, ভৱানীপুৰ, কলাইগাঁও, ছিপাঝাৰ সমষ্টিকেইটাত প্রতিদ্বন্দ্বিতা কৰাৰ দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে আজিৰ বৈঠকক লৈ উভয় দলৰ মাজত দীঘলীয়া সময় যথেষ্ট আলোচনা চলাৰ পৰিপ্রেক্ষিতত এই বৈঠকত কোনো সিদ্ধান্ত গ্রহণ কৰা নহ’ল৷ ইফালে বৈঠকৰ পাছত অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, আজিৰ বৈঠকখন আছিল প্রাৰম্ভিক আলোচনাৰ বৈঠক৷ এই বৈঠকত আসন বুজাবুজিৰ ক্ষেত্রত কোনো চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷ পৰৱর্তী সময়ত পুনৰ বৈঠকত আসন বুজাবুজিক লৈ আলোচনা চলিব৷

আনহাতে, অগপৰ সভাপতি অতুল বৰাই কয় যে বৈঠকত নিশ্চিতভাৱে সমষ্টিক লৈ আলোচনা চলিছে যদিও চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ অগপই নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে বহিহে চূড়ান্ত কৰিব৷ অগপৰ নেতৃত্বৰ এনে ভাষ্যৰ বিপৰীতে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া সোণোৱালৰ মন্তব্য আছিল–অগপৰ দখলত থকা ১৪টা সমষ্টি দলটোৱে বিচাৰিলেই নাপাব৷ এই ১৪টা সমষ্টিৰ যিকেইটা সমষ্টিত অগপৰ জয় সুনিশ্চিত, সেই সমষ্টিকেইটাহে অগপই পাব৷ উল্লেখ্য যে আসন বুজাবুজিক লৈ ইতিমধ্যে বিজেপি নেতৃত্বই স্পষ্ট কৰি দিছে যে যিবোৰ সমষ্টিত বিজেপিৰ প্রার্থী জয়ৰ সম্ভাৱনা অধিক, তাত বিজেপিৰ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব৷ একেদৰে যিবোৰ সমষ্টিত অগপৰ জয়ৰ সম্ভাৱনা অধিক, তাত অগপই প্রতিদ্বন্দ্বিতা কৰিব৷ মিত্রজোঁটৰ মূল লক্ষ্য হ’ব– আসন বুজাবুজিৰে অধিক সমষ্টি দখল কৰা আৰু দিছপুৰত এখন চৰকাৰ গঠন কৰা৷ ইয়াৰ বাবে বিজেপি–গপ দুয়ো দলে ত্যাগ স্বীকাৰ কৰিব লাগিব৷ উল্লেখ্য যে আজিৰ বৈঠকত আসন বুজাবুজিক লৈ চূড়ান্ত সিদ্ধান্ত নহ’ল যদিও বিষয়টোক লৈ পুনৰ আজি নিশা বা কাইলৈ আন এক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

আনহাতে, মিত্রজোঁটৰ প্রার্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে বিজেপি–গপ আৰু ইউ পি পি এল দিল্লীলৈ যাত্রা কৰিব৷ অহা ৫ মার্চত ৰাষ্ট্রীয় নেতৃত্বই চূড়ান্ত কৰিব মিত্রজোঁটৰ প্রার্থীৰ তালিকা৷ আজি বৈঠকৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে আসন ভাগ–বাটোৱাৰাক লৈ আজি কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও কেতবোৰ দিশত আজি এলানি সিদ্ধান্ত লোৱা হৈছে৷ কিন্তু দিল্লীত বিজেপিৰ কেন্দ্রীয় সমিতি, অগপৰ কেন্দ্রীয় সমিতি আৰু ইউ পি পি এলৰ কেন্দ্রীয় সমিতিৰ বৈঠকতহে প্রার্থীৰ তালিকা চূড়ান্ত হ’ব৷ আনহাতে, বিজেপিৰ দখলত থকা ৬০টা সমষ্টিত চলোৱা সমীক্ষা সম্পূর্ণ হৈ উঠা বুলি জানিবলৈ দি সভাপতি ৰঞ্জিত দাসে কয়– কাইলৈ নির্বাচন সমিতিৰ বৈঠকত এই ৬০টা সমষ্টিৰ সমীক্ষাৰ প্রতিবেদন দাখিল কৰা হ’ব৷ তাৰ পাছতে ইয়াক কেন্দ্রীয় সমিতিৰ চূড়ান্ত সিদ্ধান্তৰ বাবে প্রেৰণ কৰা হ’ব৷ সভাপতি দাসে ইয়াকো উল্লেখ কৰে যে প্রার্থিত্বৰ ক্ষেত্রত অসমৰ ১২৬টা সমষ্টিত ৰাষ্ট্রীয় নেতৃত্বই তিনিটাকৈ সমীক্ষা ইতিমধ্যে সম্পূর্ণ কৰিছে৷ আনহাতে, ৬০টা সমষ্টিৰ বাবে ৬০গৰাকী বিষয়ববীয়াই প্রতিটো সমষ্টিৰ বিপৰীতে দাখিল কৰিছে একোখনকৈ প্রতিবেদন৷ একেদৰে ৰাজ্যিক সভাপতি হিচাপে ময়ো প্রস্তুত কৰিছোঁ সমষ্টিৰ বিপৰীতে এখন প্রতিবেদন৷ কাইলৈ হ’ব লগা নির্বাচনী সমিতিৰ বৈঠকত এই সমিতিৰ প্রতিবেদন দাখিলৰ পাছতেই ইয়াক ৰাষ্ট্রীয় নেতৃত্বলৈ প্রেৰণ কৰা হ’ব৷ লক্ষণীয় যে আজি মিত্রজোঁটৰ প্রথমখন বৈঠকৰ পাছতেই অগপৰ সভাপতি অতুল বৰাৰ চৰকাৰী বাসভৱনত আন এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত আসন ভাগ–বাটোৱাৰাক লৈ আঞ্চলিক দলটোৰ মাজত আন এক আলোচনা অনুষ্ঠিত হয়৷

You might also like