নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটত বিপিএফ

নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত অসমলৈ অহা প্রথমগৰাকী ৰাষ্ট্রীয় পর্যায়ৰ নেতা (নেত্রী) হৈছে প্রিয়ংকা গান্ধী ৱদ্রা৷ তেওঁ সোমবাৰে দুদিনীয়া কার্যসূচীৰে অসমত উপস্থিত হয়৷ ভ্রমণসূচীৰ প্রথমটো দিনত কংগ্রেছ নেত্রীগৰাকীয়ে লখিমপুৰ আৰু বিশ্বনাথত দলটোৰ কার্যসূচীত অংশগ্রহণ কৰে৷ ইয়াৰ মাজতে তেওঁ চাহ জনগোষ্ঠী (আদিবাসী)ৰ ঋুমুৰ দলৰ সৈতে নৃত্যত ভাগ লয়৷ লগতে বিহু দলৰ সৈতে হাত চাপৰিৰে অংশগ্রহণ কৰে৷ ইয়াৰ ৰাজনৈতিক তাৎপর্য স্পষ্ট৷ তেওঁ ৰাজ্যখনৰ নির্বাচনী প্রেক্ষাপট সলনি কৰিব পৰা দুটা বৃহৎ জনসমষ্টিৰ হূদয় জোকাৰণি তোলাৰ বাবেই সেই প্রয়াস চলাইছে৷ কৃষ্টি–সংস্কৃতিৰ সৈতে জনসাধাৰণৰ আৱেগ আৰু আত্মাৰ সম্পর্ক থাকে৷ তাতেই টোকৰ মৰাৰ প্রয়াস প্রিয়ংকা গান্ধী ৱদ্রাৰ৷ নেত্রীগৰাকীৰ আগমনে অসমৰ কংগ্রেছীসকলক উজ্জীৱিত কৰি তোলাও দেখা গৈছে৷ এইটো কংগ্রেছৰ বাবে নিশ্চয়কৈ আশাৰ কথা৷
নির্বাচনী অধিসূচনা জাৰিৰ পিছত কংগ্রেছৰ বাবে আন এটা সুখকৰ অধ্যায় সন্নিৱিষ্ট হৈছে৷ সেইটো হ’ল, মহাজোঁটত বিপিএফৰ অংশগ্রহণ৷ অসমৰ সকলো বিজেপিবিৰোধী ৰাজনৈতিক দলক মহাজোঁটত চামিল কৰি দিছপুৰ দখলৰ স্বপ্ণ ৰচনা কৰা কংগ্রেছ নেতৃত্বই বিপিএফক কাষত পাই হাততে স্বর্গখন পোৱাৰ দৰে প্রতিক্রিয়া প্রকাশ কৰা পৰিলক্ষিত হৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতিৰ পৰা দলটোৰ ভিন্ন পর্যায়ৰ নেতাৰ বক্তব্য, অভিব্যক্তি আদিত এইটো নির্মলভাৱে প্রকাশ পাইছে৷ কিন্তু বিপিএফৰ অংশগ্রহণে সঁচাকৈ মহাজোঁটক লাভান্বিত কৰিবনে?
ডিভাইড আছাম ফিফটী ফিফটীৰ পৰা শেহতীয়াকৈ বিটিআৰৰ গঠনলৈকে অসমৰ এটা নির্দিষ্ট ভূখণ্ডত বডো জনগোষ্ঠীয় লোকসকলে ভিন্ন পন্থাৰে আন্দোলন কৰি আহিছে৷ আন্দোলনকেইটাই পৰিষদীয় অঞ্চলৰ বাহিৰত বসবাস কৰা বডোসকলৰো আৱেগ তথা জাতীয় চেতনাক চুই গৈছিল৷ দূৰৈৰ পৰাই তেওঁলোকে বিএচি, বিটিচি অথবা বিটিআৰত বসবাস কৰা স্ব–জনগোষ্ঠীয় লোকৰ উত্তৰণক আগ্রহেৰে লক্ষ্য কৰি আহিছে৷ তদুপৰি, উপেন্দ্রনাথ ব্রহ্ম কেৱল পৰিষদীয় অঞ্চলৰেই নহয়, সমগ্র বডো জাতিটোৰ পিতা৷ সেয়ে পৰিষদীয় অঞ্চলটোৰ পৰা কোনো নেতা কাষলৈ গ’লে তেওঁলোকে পৰম আগ্রহেৰে সেই নেতাৰ কথা শুনে৷ হাগ্রামা মহিলাৰীয়ে প্রথমবাৰৰ বাবে ইয়াৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি অসমৰ ৰাজনীতিত নিজৰ বাবে এটা সুকীয়া স্থান উলিয়াই লৈছে৷ পৰিষদীয় অঞ্চলৰ বাহিৰত বসবাস কৰা বডো জনগোষ্ঠীয় লোকসকলকে লৈ তেওঁ অমুক দলক, তমুক দলক অসমৰ শাসনলৈ অনা বুলি বুকু ডাঠি কয়৷ মহাজোঁটত অংশীদাৰ হোৱাৰ পিছতো তেওঁ বিজেপিক উদ্দেশ্যি কোৱা কথাখিনিত একেই অহংকাৰ প্রকাশ পাইছিল৷ কিন্তু এইবাৰ হাগ্রামা মহিলাৰীৰ সেই দাবী পূর্ণ হোৱাৰ সম্ভাৱনা কম৷ প্রায় দুটা দশকৰ ৰাজনীতিত শেহতীয়াকৈ তেওঁ এটা ভুল কৰি থৈ আহিল৷ বিটিচিৰ বাহিৰত বসবাস কৰা বডোসকলৰ বাবে বিটিআৰ চুক্তিয়ে দিয়া বডো–কছাৰী পৰিষদখনৰ তেওঁ বিৰোধিতা কৰিলে৷ বিটিআৰৰ বডোসকলৰ দৰেই পৰিষদীয় অঞ্চলৰ বাহিৰত বসবাস কৰা বডোসকলেও মনে–প্রাণে বিচাৰিছিল, তেওঁলোকৰ বাবেও হওক স্বায়ত্ত শাসনৰ ব্যৱস্থা৷ কিন্তু তাত হেঙাৰ হোৱাৰ চেষ্টা চলাই হাগ্রামা মহিলাৰীয়ে তেওঁলোকৰ আকাংক্ষা–দূৰন্ত হেঁপাহক যেন উপলুঙাহে কৰিলে৷ ইয়াৰ পাছত হাগ্রামা মহিলাৰীয়ে কোনখন মুখ লৈ তেওঁলোকৰ কাষলৈ যাব? তেওঁলোকৰ কাষলৈ গ’লেও বডো জনসাধাৰণে তেওঁৰ কথা শুনিবনে? ইয়াৰ মাজতে আন এটা ঘটনা ঘটিল৷ পৰিষদখনৰ দিহা কৰি বিজেপিয়ে পৰিষদৰ বাহিৰত বসবাস কৰা বডোসকলৰ মাজলৈ সোমোৱাৰ পথ প্রশস্ত কৰি ল’লে৷ ইউবিপি’ নামৰ সংগঠনটোৰ নেতা–কর্মীসকলে বিজেপিত যোগদান কৰিলে৷ এতিয়া যদি কোনোৱে কয়, পৰিষদীয় অঞ্চলৰ বডো জনগোষ্ঠীৰ মাজত হাগ্রামা মহিলাৰীৰ কোনো স্থান নাই, তাক বিপিএফ বা হাগ্রামা মহিলাৰীয়ে কিদৰে নাকচ কৰিব? আনহাতে, পৰিষদীয় অঞ্চলৰ ১২টা সমষ্টিতো বিপিএফৰ নিৰংকুশ সাফল্যক লৈ দাবী কৰিব পৰা পৰিৱেশ এতিয়া নাই৷ পৰিষদখনৰ শাসন ক্ষমতা ইউপিপিএলৰ হাতত৷ প্রমোদ বডোৱে বিজেপি আৰু জিএছপিৰ সমর্থনত পৰিষদখন চলাই আছে৷ পৰিষদীয় সাধাৰণ নির্বাচন শেষ হ’বলৈ কিমান দিননো হৈছে? পৰিষদীয় অঞ্চলৰ জনসাধাৰণে মিত্রজোঁটক ইমান সোনকালে নাকচ কৰাৰ সম্ভাৱনা নাই৷ পৰিষদীয় নির্বাচনত বিপিএফে কোকৰাঝাৰ আৰু চিৰাং জিলাত আশাতীত সফলতা লাভ কৰিছে৷ বিধানসভা নির্বাচনৰ প্রেক্ষাপট বেলেগ৷ সমষ্টিৰ আকাৰ, জনগাঁথনিগত ৰূপো সুকীয়া৷ অর্থাৎ কংগ্রেছকে ধৰি মহাজোঁটৰ নেতাসকলে বিপিএফৰ অংশগ্রহণক লৈ যিমান উচ্ছ্বসিত হৈ পৰিছে, বাস্তৱে সেই ছবিখন প্রতিফলিত কৰা নাই যেন লাগে৷
লুৰিণজ্যোতিৰ ওপৰত আক্রমণ
য’ত যুক্তিৰ শেষ হয়, তাৰ পৰাই খঙৰ আৰম্ভ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনৰ ওপৰত দেওবাৰে সংঘটিত হোৱা আক্রমণৰ ঘটনাটোও তাৰেই প্রতিফলন বুলি ক’ব পাৰি৷ ঘটনাটোত জডিত থকাসকলৰ অজাপ নেতা লুৰিণজ্যোতি গগৈৰ সৈতে ব্যক্তিগত শত্রুতা বা আখেজ পূৰণ কৰিবলৈ একো নাছিল৷ তেওঁ সেইটো অঞ্চলৰ বাসিন্দা নহয়৷ তেওঁ এটা ৰাজনৈতিক দলৰ সভাপতি৷ ইয়াৰ সৰল অর্থটো হৈছে, আক্রমণৰ লক্ষ্য দলটো৷ তাৰ মানে অজাপৰ বর্তমানত শাসক দলটো ভীতিগ্রস্ত হৈছে৷ এই ভীতিগ্রস্ততা সামগ্রিকভাৱে ৰাজ্যিক ভিত্তিত হ’ব পাৰে নতুবা সমষ্টি বিশেষত উদ্ভৱ হোৱা অনিশ্চয়তাৰ বাবেও হ’ব পাৰে৷ কিন্তু এটা কথা ঠিক যে নির্বাচন দুৱাৰডলিত উপস্থিত হোৱাৰ সময়ত কোনেও দুর্বল অথবা ক্ষতি কৰিব নোৱাৰা দলৰ ওপৰত তেনেদৰে বাহুবল প্রদর্শন নকৰে৷ বৰং সময়খিনি নিজৰ দল নাইবা প্রার্থীৰ বাবে খৰচ কৰিবলৈ যত্ন কৰা হয়৷ মুষ্টিমেয় আক্রমণকাৰীকেইজনে ঘৃণনীয় কামটো কৰি শাসক দলটোৰ দুর্বলতাক উদঙাই দিলে৷ শতাধিক আসনত জয়ী হ’ম বুলি প্রবল আত্মবিশ্বাস প্রদর্শন কৰা দল এটাই তেনে কামত লিপ্ত হোৱাটো অশোভনীয়৷ ইয়ে আত্মবিশ্বাস নামৰ ঢ়াকনিখনেৰে ঢ়াকি ৰাখিব খোজা দুর্বলতাক পোহৰলৈ অনা বুলি বিৰোধীক সমালোচনা কৰিবলৈ আৰু ভোটাৰক দলটো সন্দর্ভত নতুনকৈ ভবাৰ সুযোগহে দিব৷ সঁচা কথা ক’বলৈ গ’লে আজিৰ তাৰিখলৈ অসমৰ শাসন ক্ষমতালৈ আহিব পাৰিব বুলি জনসাধাৰণক মোটামুটিকৈ পতিয়ন নিয়াব পৰা একমাত্র দলটোৱেই হৈছে বিজেপি৷ ইয়াৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁট নতুবা অজাপ–ৰাইজৰ দলৰ মিত্রজোঁটক লৈ অদ্যাপি তেনেধৰণৰ বাতাৱৰণ ৰাজ্যখনত সৃষ্টি হোৱা নাই৷ সংশ্লিষ্ট দলৰ উগ্র সমর্থকৰ বাহিৰে আনে দুয়োটা মিত্রজোঁটে অসমত চৰকাৰ গঠন কৰিব পৰাকৈ শক্তিশালী বুলি ভবাৰ পৰিৱেশ এই মুহূর্তত সৃষ্টি হোৱা নাই৷ এনে প্রেক্ষাপটত বিজেপিৰ কোনো কর্মীয়ে তেনেধৰণৰ দুষ্কার্যত লিপ্ত হোৱাটো দলটোৰ বাবে সুখকৰ কাম হ’ব নোৱাৰে৷ সুস্থ গণতান্ত্রিক পৰিৱেশৰো ই পৰিপন্থী৷

You might also like