নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাৰাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ অফ মন্ত্ৰী ৰণোজ পেগুৰ

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সম্পৰ্কে নাগৰিকক অৱগতকৰণ আৰু তেওঁলোকক সবলীকৰণৰ লক্ষ্যৰে দেশজোৰা প্ৰচাৰ কাৰ্য্যসূচী বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অসমত যাত্ৰা অব্যাহত আছে। আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কামৰূপ জিলাৰ আজাৰা গাঁও পঞ্চায়তত এই বিকশিত ভাৰত সংকল্প যাত্ৰা উদ্বোধন কৰে। সভাত সমৱেতক সম্বোধনেৰে পেগুৱে কয়, “বিকশিত ভাৰত সংকল্প যাত্ৰাই দেশৰ প্ৰতিটো প্ৰান্ততে জনসাধাৰণক একত্ৰিত কৰিছে। চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজিক সৰ্বস্তৰৰ লোকে আদৰণি জনাইছে। এই পদক্ষেপে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু এই যাত্ৰাই চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধাৰাজি সকলোৱে লাভ কৰিব পৰাটো নিশ্চিত কৰিছে।” নাগৰিক সেৱা বৰ্ধনৰ লক্ষ্যৰে ভিবিএছৱাই কাৰ্য্যক্ৰমসমূহে ভিন্ন সমাজকেন্দ্ৰিক পদক্ষেপ প্ৰশস্তকৰণেৰে জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিছে। এই যাত্ৰাকালত স্থানীয় লোকসকলক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ সংযোগ প্ৰদান, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, আধাৰ কাৰ্ড পঞ্জীয়ন, পিএম স্বনিধি আঁচনিত পঞ্জীয়ন আদি সুবিধা প্ৰদানেৰে আৰ্তজনলৈ এই সুবিধাৰাজিৰ সহজলভ্যতা নিশ্চিত কৰা হয়। চৰকাৰী আঁচনিসমূহৰ সুফলৰাজি সম্পৰ্কে ব্যক্তকৰণেৰে গুৱাহাটীৰ মণিপুৰী বস্তিৰ বাসিন্দা দাৰুগা দাসে কয় যে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাই তেওঁক জীৱিকা আহৰণত সহায় কৰিছে। এই কাৰ্য্যসূচীৰ প্ৰচাৰৰ অংশ হিচাপে বিষয়া আৰু পিআৰআইৰ সদস্যসকলে সমগ্ৰ অসমৰ ৰাইজক চৰকাৰী আঁচনিসমূহৰ সম্পৰ্কে অৱগতকৰণেৰে ইয়াৰ সুবিধাৰাজি কেনেকৈ লাভ কৰিব পাৰি, সেই বিষয়ে অৱগত কৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন উন্নয়নমূলক আঁচনিৰ তথ্যসমৃদ্ধ পত্ৰিকাও অনুষ্ঠানস্থলীত উপস্থিতসকলক বিতৰণ কৰা হয়।

#বাৰ্তা ডেস্ক

You might also like