নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী লালডুহোমা

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ মিজোৰামত ৮ ডিচেম্বৰত জেডপিএমত নেতৃত্বত চৰকাৰে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিচাপে লালডুহোমাই শপত লব৷ শাসকীয় দল মিজো নেচনেল ফ্রণ্ট চমুকৈ এমএনএফক উৎখাত কৰি জ’ৰাম পিপুলছ ম’ভমেণ্ট চমুকৈ জেডপিএমে চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় মেজিক সংখ্যা অতিক্রম কৰি ২৭খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতেই ৮ ডিচেম্বৰত জেডপিএমৰ চৰকাৰে শপত গ্রহণ কৰিব৷ লালডুহোমাৰ আইজলস্থিত বাসগৃহত আজি জেডপিএমৰ নৱনির্বাচিত বিধায়কসকলে লালডুহোমাক বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত কৰে। ৪০জনীয়া আসনত ২৭খন জেডপিএমে লাভ কৰাৰ বিপৰীতে এমএনএফে ১০, কংগ্রেছে ১ আৰু বিজেপিয়ে দুখন আসন লাভ কৰে৷ উল্লেখ্য যে মিজোৰামৰ নতুন মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিবলগীয়া জেডপিএমৰ নেতা লালডুহোমা এগৰাকী প্রাক্তন আইপিএছ বিষয়া৷ চাকৰিৰ পৰা পদ্যত্যাগ কৰি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা লালডুহোমাই আপিএছ বিষয়া হিচাপে প্রয়াত প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ সুৰক্ষাৰ দায়িত্বত আছিল৷ ১৯৮৪ চনত মিজোৰামৰ পৰা কংগ্রেছী সাংসদ হৈছিল যদিও দলবিৰোধী আইনৰ অধীনত সেই পদ হেৰুৱাবলগীয়া হয়৷ ইয়াৰ পাছতেই তেওঁ আঞ্চলিকতাবাদী দল জ’ৰাম নেচনেল পার্টী গঠন কৰে৷ মন কৰিবলগীয়া যে সাংসদ আৰু বিধায়ক হিচাপে দলবিৰোধী আইনৰ অধীনত অযোগ্য ঘোষিত হোৱা দেশৰ প্রথমজন ৰাজনীতিক লালডুহোমা৷ বিগত বিধানসভা নির্বাচনত জেএনপি নেতৃত্বাধীন জেডপিএমৰ মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ তেওঁ জয়লাভ কৰিলেও জেডপিএমে চৰকাৰ গঠন কৰিব পৰাকৈ আসন লাভ কৰা নাছিল৷ বিৰোধী দলপতি হিচাপে বিধানসভাত দায়িত্ব লাভ কৰে যদিও পাছলৈ দলবিৰোধী আইনৰ অধীনত পুনৰ অযোগ্য ঘোষিত হয়৷ অৱশ্যে পাছলৈ উপ নির্বাচনত তেওঁ পুনৰ বিধায়ক হিচাপে নির্বাচিত হয়৷ এইবেলি তেওঁৰ নেতৃত্বতেই বিধানসভা নির্বাচনত জেডপিএমে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাটো নিশ্চিত হয়৷

#বাৰ্তা ডেস্ক

You might also like