নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ বৰ্ণাঢ্য সামৰণি

🔴“ছাত্ৰ-ছাত্ৰীৰ সফলতাত মাধ্যম অন্তৰায় হব নোৱাৰে” : প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ : মৰিগাঁৱৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠিতম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হীৰক জয়ন্তীৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচী কালি সামৰণী পৰিল। ২, ৩ আৰু ৪ ডিচেম্বৰত অনুষ্ঠিত প্ৰতিটো কাৰ্যসূচীত বৃহত্তৰ গেৰুৱা অঞ্চলৰ ৰাইজৰ হিয়াৰ আমঠু বিদ্যালয় খনিৰ এই ঐতিহাসিক ক্ষণত ৰাইজৰ বিপুল সমাগম পৰিলক্ষিত হয়। কাৰ্যসূচী অনুসৰি দুই ডিচেম্বৰৰ পুৱা ভাগত গছপুলি ৰোপন, আদৰণি তোৰণ উন্মোচন, স্হায়ী তোৰণ উন্মোচন, বিদ্যালয়ৰ পতাকা উত্তোলন, হীৰক জয়ন্তীৰ ৬০ খন পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পন, প্ৰীতি মুলক কাবাদি খেল, গ্ৰন্থমেলা উন্মোচন আৰু বিয়লি এক বজাত অনুষ্ঠিত কৰা হয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিচিত্ৰানুষ্ঠান। সন্ধ্যা ৫ বজাত বন্তি প্ৰজ্বলনেৰে সামৰণী পৰে প্ৰথম দিনাৰ কাৰ্যসূচী। কাৰ্যসূচী সমূহ আঁত ধৰে আদৰণী সমিতিৰ সম্পাদক বাবুল বৰাই। তিনি ডিচেম্বৰ তথা দ্বিতীয় দিনা পুৱা ৯ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন কাৰ্যসূচীৰ পাছতে মুকলি কৰা হয় এটি ৰক্তদান শিবিৰ। অঞ্চলটোৰ বহুসংখ্যক লোকে ৰক্তদান কৰে ৰক্তদান শিবিৰটোত। পৰৱৰ্তী সময়ত সেইদিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পুথিভড়াল মুকলি, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা, প্ৰাক্তন ছাত্ৰ আৰু গুৰু শিষ্যৰ “অন্তৰংগ আলাপ” আদি অনুষ্ঠানৰ পাছতে বিয়লি এক বজাৰ পৰা আৰম্ভ হোৱা প্ৰাক্তন ছাত্ৰৰ মুকলি সন্মিলন। মুকলি সন্মিলনখনি উদ্বোধন কৰে গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সহ আয়ুক্ত শুকৰাম চৌহানে। হীৰক জয়ন্তীৰ ছাত্ৰ সন্মিলনীৰ সভাপতি প্ৰণৱ গোস্বামীয়ে আঁত ধৰা মুকলি সন্মিলনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বক্তব্য ৰাখে অৱসৰ প্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই। ভাস্কৰ জ্যোতি মহন্তই ভাষণ প্ৰসঙ্গত বৰ্তমান শিক্ষাৰ গুৰুত্ব তথা নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গঢ় লোৱা অশুভ পৰম্পৰাৰ পৰা নিজক ৰক্ষা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। তেওঁ কয়, অসমৰ এটি অতি বিপৰ্যয় কালত এই বিদ্যালয় খন প্ৰতিষ্ঠা কৰিছিল এইটো অঞ্চলৰ মহান লোক সকলে। ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ সন্দৰ্ভত তেওঁ কয়, এজন ছাত্ৰৰ সফলতাৰ অন্তৰালত মাধ্যম কেতিয়াও অন্তৰায় হব নোৱাৰে। তেওঁ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি গৌৰৱেৰে কয়, “মই নিজেই এনে এখন অতি পিছ পৰা গাঁৱৰ অসমীয়া মাধ্যমৰ সাধাৰণ বিদ্যালয়ত অধ্যয়ন কৰিছিলো। লাখটকীয়া স্কুলত পঢ়া নাছিলো। গতিকে ছাত্ৰ-ছাত্ৰীৰ মাজত দামী স্কুলত পঢ়াৰ প্ৰতিযোগিতাতকৈ ছাত্ৰ-ছাত্ৰীৰ গভীৰ আত্মবিশ্বাসৰহে প্ৰয়োজন।” তেওঁ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি, বাল্য বিবাহৰ দৰে ভয়াবহ ব্যাধিৰ ভয়ানক পৰিণতিৰ কথাও কয়। সভাত সন্মানীয় অতিথি হিছাবে উপস্হিত থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ পঞ্জিয়ক ড০ মৃণাল বৰা, আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া। ড০ মৃণাল বৰায়ো ভাষন প্ৰসঙ্গত বৰ্তমান শিক্ষা ব্যৱস্হা সন্দৰ্ভত তত্বগধুৰ বক্তব্য ৰাখে। সভাৰ অন্তত সন্ধ্যা বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তোষেশ্বৰ শৰ্মাই। সন্ধ্যা ৬ বজাৰ পৰা অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰি ৰাষ্ট্ৰীয় বটা প্ৰাপক বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই কেবাটাও গীত পৰিবেশন কৰি মন্তমুগ্ধ কৰে কেইবাসহস্ৰ দৰ্শকক। অনুষ্ঠানৰ মাজতে সকলোকে হাঁহিবলৈ আহ্বান জনায়। সাংস্কৃতিক অনুষ্ঠানত কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, পল্লবী শৰ্মা, বেহাৰ বাৰীৰ ৰূপমকে প্ৰমোখ্য কৰি আন কেবাজনো শিল্পীয়ে গীত পৰিবেশন কৰে। চাৰি ডিচেম্বৰত পুৱা ভাগতে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰা। শুভাযাত্ৰা উদ্বোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে। শুভাযাত্ৰাৰ পিছত বিয়লি এক বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বুবু মনি গোস্বামীয়ে । সভা খন উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই সভাতে স্মৃতি গ্ৰন্হ “হীৰক অঞ্জলী” উন্মোচন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভৱেন চন্দ্ৰ নেওগে। সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বক্তব্য ৰাখে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে, সন্মানীয় অতিথি হিচাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই। ড০ মৃদুল হাজৰিকাই শিক্ষাৰ গুৰুত্ব সন্দৰ্ভত তত্বগধুৰ বক্তব্য আগবঢ়াই। বিশেষ সন্মানীয় অতিথি হিচাবে উপস্থিত থাকি তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা আদিয়েও গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। ইয়াৰ সমান্তৰালকৈ সভাত উপস্হিত থাকে ভূৰাগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ কন্দৰ্প শইকীয়া, হাইস্কুল শিক্ষক সন্হাৰ মৰিগাঁৱৰ সম্পাদক অনিল চন্দ্ৰ নাথ, বড়ো কছাৰী উন্নয়ন পৰিষদৰ সদস্য মথুৰা বসুমতাৰী, তিৱা স্বায়ত্ব পৰিষদৰ সদস্য দুলাল ব্ৰহ্মকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ঠ ব্যক্তি। নিশা ন বজাৰ পৰা আৰম্ভ হয় বৰ্ণিল সাস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াত বিভিন্ন নৃত্যানুষ্ঠানৰ লগতে বিশেষ আকৰ্শন হিচাবে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতিয়াই আগবঢ়াই গীতৰ শৰাই। এনেদৰেই বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণী পৰিল গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী।

প্ৰেৰক আবুল কালাম

You might also like