নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেউজ বিপ্লৱেৰে স্বনিৰ্ভৰশীল হোৱাৰ সপোন জুপাংবাৰীৰ অজয় ৰাভাৰ

কৰ্মই জীৱনৰ ধৰ্ম। ঠিক তেনেদৰে পৰিশ্ৰমেই হ’ল উন্নতিৰ মূল। হয়, কৰ্মক জীৱনৰ ধৰ্ম হিচাপে গ্ৰহণ কৰি পৰিশ্ৰমৰ জখলাৰে বগাব জনাসকলেহে এদিন সফলতাৰ বিজয় মুকুট পিন্ধিবলৈ সক্ষম হয়। এই ঈপ্সিত সাৰ্থকতাৰ বাবে লাগে মাথোঁ অপৰিসীম ধৈৰ্য আৰু ঐকান্তিক প্রচেষ্টা। ঠিক তেনেকৈ কেৱল কৃষিকৰ্মক জীৱনৰ লক্ষ্য হিচাপে লৈ আগবাঢ়ি যোৱাজন নিশ্চিতভাৱে সফল হোৱাৰ নিদৰ্শনো অলেখ। কৃষিকৰ্মকে জীৱনৰ সংকল্প হিচাপে লোৱা তেনে এজন যুৱকৰ অদম্য কৰ্মস্পৃহা বাৰুকৈয়ে মন কৰিবলগীয়া ।

কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী এটি সৰ্ববৃহৎ অঞ্চল। প্ৰাকৃতিক উপাদানেৰে পৰিপুষ্ট অঞ্চলটোৰ গাড়ীলিকৰ সমীপৱৰ্তী ২নং জুপাংবাৰী গাঁৱত জন্মগ্ৰহণ কৰা অজয় ৰাভা নামৰ যুৱকজনে জন্মভূমিৰ উৰ্বৰা ভূমি চহাই সেউজী সপোনৰ বীজ সিঁচিবলৈ মন মেলে ৷ শিশুপাল ৰাভাৰ কৰ্মোদ্যমী পুত্ৰ অজয়ে বহু বছৰ আগৰে পৰাই ছাগলী পালনৰ লগতে নেমু, জালুক আদিকে ধৰি বিভিন্ন কৃষিকৰ্মত আত্মনিয়োগ কৰি আহিছিল ৷ কিন্তু সময়ৰ গতিত নিজকে কিছু আগুৱাই নিয়াৰ প্ৰয়াস কৰে অজয়ে ৷ পিছে সপোনৰ বাটত খোজ দিবলৈ গৈ আৰ্থিক দৈন্যৰ বাবে কিছু বিপাঙত পৰে যদিও থমকি নৰ’ল। নিজৰ মনৰ দৃঢ়তাৰে ২০১৮ বৰ্ষত অজয়ে নিজৰ তামোলৰ বাৰীখনকে বন্ধকীত দিয়ে ৷ তাৰ পাছত সেইখিনিকে মূলধন হিচাপে লৈ নিজ গাঁও ২নং জুপাংবাৰীৰ লগতে ঐতিহাসিক চানডুবি বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাৰেগাঁৱৰ উপৰি কেইবাঠাইতো প্ৰায় চল্লিশ বিঘা ভূমি লীজত লৈ মালভোগ কলৰ খেতি আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ৷

প্ৰথমতে প্ৰায় চাৰিশ কলপুলি আন ঠাইৰ পৰা ক্ৰয় কৰি আনি কৃষিক্ষেত্ৰত নামি পৰে ৷ ক্ৰমান্বয়ে প্ৰবল আত্মবিশ্বাসী অজয়ৰ শ্ৰম আৰু প্ৰতিপালনত সেউজীয়া আশাৰ সপোনে পোখা মেলিবলৈ আৰম্ভ কৰে। সময়ৰ গতিত তেওঁৰ প্ৰতি টোপাল তপত ঘামৰ বিনিময়ত কলৰ বাগিচাখন লাহে লাহে ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। বৰ্তমানলৈকে কোনোধৰণৰ চৰকাৰী সহায়-সহযোগিতা অবিহনে একমাত্ৰ নিজৰ গাঁঠিৰ ধনেৰে থলুৱা সঁচ আৰু পৰম্পৰাগত গ্ৰাম্য কৃষি প্ৰণালীৰে কৃষিকাৰ্য অব্যাহত ৰাখিছে তেওঁ ৷ তেনেকৈয়ে আশানুৰূপ ফচল লাভ কৰা বুলি উল্লেখ কৰিছে যুৱ কৃষক অজয়ে। আনকি কষ্টোপাৰ্জিত ফচল বিক্ৰীৰ ক্ষেত্ৰতো কোনোধৰণৰ অসুবিধা নাই বুলি ব্যক্ত কৰে তেওঁ ৷ স্থানীয় তথা ভিন্ন প্ৰান্তৰ ব্যৱসায়ীয়ে কৃষিক্ষেত্ৰৰ পৰাই কল ক্ৰয় কৰা বুলি জানিবলৈ দিয়ে ৷

আনহাতে, এই বছৰটোত কলখেতিৰ পৰা কমেও ২০ লক্ষাধিক টকা উপাৰ্জন হ’ব বুলিও আশা প্ৰকাশ কৰে যুুৱ কৃষকগৰাকীয়ে। উল্লেখনীয় যে বিজ্ঞানসন্মতভাৱে কৃষিকাৰ্য সম্পাদন কৰিব পৰাকৈ মাটি চহাবৰ বাবে ট্রেক্টৰ, সংৰক্ষণৰ বাবে শীতল গৃহ তথা পানী যোগানকে ধৰি যাৱতীয় ব্যৱস্থাসমূহৰ সুযোগ পালে আৰু অধিক উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে অজয়ে । মন কৰিবলগীয়া কথাটো হ’ল, উক্ত কলখেতি পৰিচৰ্যাৰ নামত কেইবাজনো স্থানীয় লোকক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা বুলিও জানিবলৈ দিয়ে। উল্লেখনীয় যে গঞা কৃষকৰ সন্তান হিচাপে নিজৰ প্রগতিশীল কর্মমুখী চিন্তাচৰ্চাৰে কৃষিকাৰ্যত আত্মনিয়োগ কৰি স্বনিৰ্ভৰশীলতাৰ সপোনক সাকাৰ ৰূপ দিবলৈ সক্ষম হোৱাটো বাৰুকৈয়ে প্ৰশংসনীয়।

নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ২৬ ডিচেম্বৰ :

You might also like