নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দায়িত্বজ্ঞানহীন শক্তি বিভাগ : ডিব্ৰুগড়ৰ আনন্দ নগৰত ছঘণ্টা ধৰি বিদ্যুত যোগান ব্যাহত

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলা APDCL/ASEB বিভাগৰ উপশাখা (২)ৰ অধীনত থকা ডিব্ৰুগড় আনন্দ নগৰৰ লগতে ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ প্ৰায় ৬/৭ ঘন্টা ধৰি বিদ্যুত কৰ্তন কৰাক লৈ ডিব্ৰুগড় জিলা বিদ্যুত বিভাগৰ প্ৰতি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। কিয়নো কালিৰ পৰা ডিব্ৰুগড়ৰ আকাশ মেঘাচ্ছন্ন হৈ থকাৰ উপৰি আজি চিপচিপীয়া বৰষুণৰ বাবে দিনতে আন্ধাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে ৷ তদুপৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাও চলি থকাত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলেও অধ্যয়ন কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে। ডিব্ৰুগড় জিলা APDCL /ASEB উপশাখা (২) কাৰ্যালয়ৰ দায়িত্বত থকা বিষয়াসকলে কেৱল আজিয়েই যে অবিবেচকী লগতে চৰম দায়িত্বহীনতাৰ পৰিচয় দাঙি ধৰিছে এনে নহয় পূৰ্বেও বিদ্যুতৰ গ্ৰাহক সকলৰ কোনো সমস্যাৰ প্ৰতি কাণসাৰ নিদিয়া পৰিলক্ষিত হৈ আহিছে৷ উল্লেখ্য যে ডিব্ৰুগড় ASEB/APDCL কাৰ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগতে ডিব্ৰুগড় আনন্দ নগৰ অৱস্থিত৷ সমীপৱৰ্তী স্থানীয় বিদ্যুতৰ গ্ৰাহক সকলৰ সমস্যাৰ প্ৰতিয়ে যদি ডিব্ৰুগড় APDCL/ASEB উপশাখাৰ কাৰ্যালয়ে (২) গুৰুত্ব নিদিয়ে তেনে চৰ্তত নিলগৰ ঠাই সমূহৰ গ্ৰাহকসকলৰ সমস্যাক কেনেধৰণে ল’ব সেয়াও ৰাইজে প্ৰশ্ন তুলিছে। ইফালে -জৰুৰীকালীন ভাবে অভিযোগ দিবলৈ 943570614 আৰু উপশাখা (২) দায়িত্বত থকা বিষয় ববীয়াৰ 9435706120 এই যোগাযোগৰ নম্বৰকেইটা গ্ৰাহকৰ বাবে মুকলি কৰা হৈছিল যদিও গ্ৰাহকৰ কথাত কোনোধৰণৰ গুৰুত্বই দিব নিবিচাৰে -গ্ৰাহকে ফোন কৰিলে কয় ক’ৰবাত জুই লাগিছে,ন’হলে বিদ্যুতৰ তাঁৰ ছিগিছে ,নতুবা বিদ্যুতৰ খুঁটা ভাগিছে বুলি কয়। ৰহস্যময় কথাটো এয়ে যে পূৰ্বে গ্ৰাহকক বিদ্যুতৰ যোগান দিয়াত পলম হ’লে গ্ৰাহকে যেতিয়া উপশাখা (২) বিষয়ববীয়াক ফোন কৰে -তেতিয়া গ্ৰাহকৰ মুখৰ পৰা জানিবলৈ পোৱা অনুসৰি বিদ্যুতৰ তাঁৰ ছিগিছে এঘন্টা সময় ৰ’ব লাগিব বুলি কয় যদিও ৫মিনিটৰ পিছতে কাৰেণ্ট আহে। আচলতে উপশাখা (২)ৰ বিষয়ববীয়াসকলৰ এই কথাটোৱেই প্ৰমাণ কৰে যে উপশাখা (২)ৰ অধীনত থকা বিদ্যুত যোগান ধৰাত ক’ত কি হৈছে সেয়া একোৱেই বিষয়বীয়াই ক“ব নোৱাৰে ৷ গ্ৰাহকে ফোন কৰিলে কেৱল আভুৱাভাৰি কথাহে কয় বুলিও অভিযোগ উঠিছে ৷ আজি উপায়ান্তৰ হৈ আনন্দ নগৰ কেতবোৰ নিবাসীয়ে জিলা উপায়ুক্ত বিশ্বজিত পেগুক ফোনযোগে উপশাখা (২)বিৰুদ্ধে অভিযোগ দিয়ে অনাগত দিনত ডিব্ৰুগড় জিলা ASEB/APDCL ৰ উপশাখা (২) ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীয়ে গ্ৰাহকৰ জীৱনক লৈ যদি হেঁতেলি খেলে তেন্তে এই বিভাগটোত তলা ওলোমাই দিয়া হ’ব বুলিও স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like