নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক শতাংশও ৰাজনৈতিক জ্ঞান নাই ভূপেন বৰাৰ : ধুবুৰীত আজমল

নিয়মীয়া বাৰ্তা, ১০ মেঃ “মই বাৰে বাৰে কৈ আছো ভূপেন বৰা চাহাবৰ ৰাজনৈতিক জ্ঞান ১ শতাংশও নাই। তেখেত নাজানে এইবাৰ যদি আমাৰ ল’গত মিত্ৰতা নকৰে তেতিয়া তেওঁলোকে দুটাৰ পৰা তিনিটা আসনত হাৰিব আৰু এই হৰাটো আমাক গৈ কেন্দ্ৰত ক্ষতি কৰিব।” এইদৰে আজি ধুবুৰীৰ আৱৰ্ত ভৱনত স্থানীয় সংবাদকৰ্মীৰ সন্মুখত মন্তব্য কৰে স্থানীয় সাংসদ তথা এআইইউডিএফ দলৰ চুপ্ৰিমো বদৰুদ্দিন আজমল। তেখেতে আৰু কয় যে, “মহাজোঁট বন্ধনত সকলো দল এক হৈ আছে-হাজাৰ হাজাৰ ৰেকৰ্ডিং আছে। আমি কৈ আছোঁ যিমানেই তুমি গালি পাৰা কিন্তু এদিন হুঁচ আহিব।” ল”গতে আজমলৰ হিন্দীত কটাক্ষ, “তব কুছ লুটাকে হুঁচ আয়া তো কেয়া হুৱা!” সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীৰ তাৎপৰ্য্যপূৰ্ণ ভাষ্য, “যদি আমাৰ ল’গত মিত্ৰতা নকৰে প্ৰদ্যুত বৰদলৈক জিকাব পাৰিব নেকি? আপোনালোকে কওক। গৌৰৱ গগৈক জিকাব পাৰিব নেকি? আব্দুল খালেকক জিকাব পাৰিব নেকি? যদি তিনিখন আসন নোহোৱা হয়- বাকি? উজনি অসমততো কংগ্ৰেছৰ কোনো ভেঁটিয়েই নাই। কি আশা আছে? সপোন দেখি আছে!” কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক কটাক্ষ কৰি তেওঁৰ মন্তব্য, “ভূপেন বৰা চাহাব এনেকুৱা এজন সভাপতি – মই পৃথিৱীত দেখা নাই। দাৱী কৰি আছে ১৪টা লোকসভা আসনৰ ১৪টাতে জিকিম। আমি ইয়াত বহি তালি বজাই আছোঁ নেকি? বিজেপি তালি বজাই থাকিব – ভূপেন বৰাই ১৪টা লৈ যাব? পগলাই কি নকয়, ছাগলীয়ে কি নাখায়।” সাংবাদিকৰ এক প্ৰশ্নত ৰাইজৰ দলৰ নেতা লুৰিণজ্যোতি গগৈৰ কোনো ভেঁটি নাই বুলি মন্তব্য কৰি আজমলে কয় যে, “মই লুৰিণজ্যোতি গগৈৰ নামেই মুখত নলওঁ। মই নাম লৈ তেখেতক হিৰো বনাম নেকি? কিয় হিৰো বনাম?” উল্লেখ্য যে, সাংসদগৰাকীয়ে আজি নিজৰ সাংসদ পুঁজিৰ ২০১৯-২০ বৰ্ষৰ ধনেৰে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ গাওঁ পঞ্চায়তক আনুষ্ঠানিক ভাৱে এখন এম্বুলেন্স প্ৰদান কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like