নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াত এছিয়ান পেছিফিক গেমত দেশক প্ৰতিনিধিত্ব কৰিব নাহৰকটীয়াৰ হেমী দাস-নিতুমণি হাজৰিকাই

বিশেষ বাৰ্তা, ১০ মে: এইবাৰ পাকঘৰৰ ৰান্ধনিশাল এৰি ভাৰতক উজ্বলাবলৈ জগত সভালৈ ওলাইছে কনকলতাৰ দেশৰ দুগৰাকী মহিলা। যি সময়ত যোৰহাটৰ এগৰাকী যুৱতী কাণ্ড আৰু গুৱাহাটীৰ মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তৰ কাণ্ডই অসম জোকাৰি গৈছে, তেনে সময়তে অসমত জিলিকাবলৈ ভাৰতক প্ৰতিনিধিত্ব কৰি কোৰিয়া লৈ ওলাইছে দুগৰাকী মহিলা। উল্লেখযোগ্য যে দক্ষিণ কোৰিয়াৰ জিয়নবাকত অনুষ্ঠিত হবলগীয়া এছিয়ান পেছিফিক গেমত ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে নাহৰকটীয়াৰ দুগৰাকী মহিলাই। অহা ১২ মে পৰা দক্ষিণ কোৰিয়াত হবলগীয়া পেছিফিক মাষ্টাৰ গেমত অসমৰ ৩১ গৰাকী মহিলাই ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিবলগীয়া এই প্ৰতিযোগিতাত নাহৰকটীয়াৰ লাচিত নগৰৰ বোৱাৰী হেমী দাসে ছটফুট থ্ৰ দিচকাচ থ্ৰ আৰু জেভলিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। একেদৰে নাহৰকটীয়াৰ দীঘলা পথাৰৰ নিতুমনি হাজৰিকাই হামাৰ থ্ৰ, দিচকাচ থ্ৰ আৰু ছটফুট থ্ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সেই উদ্দেশ্যেৰে কালি এই দলটো দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে নাহৰকটীয়াৰ কেইবাটাও দল সংগঠনে খেলুৱৈ দুগৰাকীক একোখনকৈ ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে দুয়োগৰাকী মহিলাই সমূহ ৰাইজৰ আশীৰ্বাদ আৰু দীৰ্ঘদিন চলাই অহা অনুশীলনৰ ফলত এই প্ৰতিযোগিতাত পদক লাভ কৰি ভাৰত তথা অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like