নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আজমল অসমৰ শত্ৰু নহয়, আজমলৰ লগত হাত মিলালে একো ক্ষতি নহয়”-হীৰেণ গোহাঁই

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আজমল অসমৰ শত্ৰু নহয়, আজমলৰ লগত হাত মিলালে একো ক্ষতি নহয়। আজমলৰ সমৰ্থনত এই মন্তব্য হীৰেণ গোহাঁইৰ।

সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয়, “আজমলক দেশৰ শত্ৰু বনাই, আঞ্চলিকভাৱে শত্ৰু বনাই এটা খেল খেলা হৈছে। বিৰোধী দলবোৰে চিন্তা কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু! আজমলে অসমক শেষ কৰিব পাৰিবনে! তেওঁৰ তেনে ইচ্ছা আছে যেন মোৰ নালাগে। আজমলে যে সাংঘাতিক কিবা ষৰযন্ত্ৰমূলক অভিপ্ৰায় আছে, মোৰ তেনেকুৱা ধাৰণা হোৱা নাই। এয়া কেৱল বিজেপিৰ এটা মিছা আৰু ভুৱা প্ৰচাৰ। এই বিপদজনক ক্ষণত তেওঁৰ লগত ৰাজনৈতিকভাৱে হাত মিলালে একো ক্ষতি হ’ব বুলি মই নাভাবো।”

You might also like