নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ বছৰ বয়সতে বিয়াত বহিছিল শ্বুলেৰ মাহীৰ খ্যাত লীলাৰ; ৭৩ বছৰ বয়সত লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ বলীউডত প্ৰতি বছৰে বহু অভিনেত্ৰী আহে, কিন্তু এনে কম লোক হে আছে যি এই উদ্যোগটোত নিজৰ তিষ্ঠিবলৈ সক্ষম হয়। বলীউডলৈ এনে বহুতো শিল্পী আহিছিল যি কেৱল বহু ভাল কাম কৰাই নহয় বৰঞ্চ নিজৰ চৰিত্ৰ ৰূপায়নেৰে বা প্ৰদৰ্শনৰ বাবে আজিও সকলোৰে মাজত অমৰ হৈ আছে। তাৰ ভিতৰত এগৰাকী অভিনেত্ৰী হৈছে লীলা মিশ্ৰ।

মাহীৰ চৰিত্ৰত অমৰ হৈ ৰ’ল লীলাঃ

সাধাৰণতে প্ৰায় সকলো ছবিতে মা, খুৰী বা কেতিয়াবা মাহীৰ দৰে চৰিত্ৰত দেখা পোৱা গৈছিল এগৰাকী বিশেষ অভিনেত্ৰীক। তেওঁ হৈছে লীলা মিশ্ৰ। লীলা মিশ্ৰই ১৯৭৫ চনত মুক্তি লাভ কৰা ছবি শ্বুলেত বচন্টিৰ মাহীয়েকৰ ভূমিকাত অভিনয় কৰিছিল। ৰমেশ চিপ্পীৰ দ্বাৰা পৰিচালনা কৰা এই চিনেমাখনে তেওঁক সুন্দৰ চিনাকী দিছিল। লীলাৰ কথা কোৱাৰ কৌশল, তেওঁৰ উদ্বিগ্নতা আৰু হাঁহিৰ সৈতে তেওঁৰ কথাবতৰা সকলো দৰ্শকৰে মনত সাচ বঢ়োৱাইছিল।

লীলা মিশ্ৰই তেওঁৰ কেৰিয়াৰত ২০০ৰো অধিক ছবিত অভিনয় কৰিছিল আৰু বহুতো স্মৰণীয় চৰিত্ৰ ৰূপায়ন কৰিছিল। তেওঁৰ কেৰিয়াৰ ৪০ ৰ দশকতে আৰম্ভ হৈছিল।

৭৩ বছৰ বয়সত লাভ কৰিছিল বঁটাঃ

লীলা মিশ্ৰই তেওঁৰ পাঁচ দশকৰ কেৰিয়াৰত আনমোল ঘড়ী, আৱাৰা, প্যাছা, লাজৱন্টি, ছোলে, পাহেলি, চচমে বাদ্দুৰ, প্ৰেম ৰোগ আদিৰ দৰে বহুতো বিস্ময়কৰ চিনেমাত কাম কৰিছিল। তেওঁৰ ‘নানী মা’ নামৰ ছবিখনৰ বাবে ৭৩ বছৰ বয়সত তেওঁ প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।

এইগৰাকী চিৰতৰুণ অভিনেত্ৰীৰ হৃদৰোগৰ বাবে ১৯৮৮ চনৰ ১৭ জানুৱাৰীত মৃত্যু হয়।

You might also like