নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চায়টিকা ৰোগৰ লক্ষণ

- পৰশমণি বৰা

চায়টিকা ৰোগত সামান্য বিষৰ পৰা আৰম্ভ কৰি অতি অসহনীয় স্থিতিলৈকে যায়৷ বিষ পিঠিৰ তল অংশৰ পৰা আৰম্ভ হৈ তপিনা তথা ভৰিৰ পিছফালেৰে তলুৱা লৈকে বিয়পি পৰে৷ এই ৰোগত আক্রান্ত ৰোগীৰ বাবে চলা–ফুৰা, উঠা–বহা, শোৱা, গাডী চলোৱা, চিৰি বগোৱা আদি কাম কঠিন আৰু কষ্টকৰ হৈ উঠে৷ কিছুমান ৰোগীয়ে কেইখোজমান দিয়াৰ পিছতেই বিষ আৰম্ভ হ’বলৈ ধৰে৷ কিছুমান ৰোগীয়ে চিধাকৈ শুলে আৰাম পায়, আকৌ কিছুমান ৰোগীয়ে চিধাকৈ শুবই নোৱাৰে৷ কাহিলে, হঁাচি মাৰিলে তথা দীঘলকৈ উশাহ ল’লেও বিষ আৰম্ভ হয়৷ ভৰি দুখন গধুৰ গধুৰ অনুভৱ হৈ থাকে৷
চায়টিকা নাডী আমাৰ স্নায়ু সংস্থানৰ প্রধান নাডী৷ এই নাডী শৰীৰৰ সকলোতকৈ দীঘল বাত নাডী৷ এই নাডীডাল মেৰুৰজ্জুৰ শেষ অংশৰ পৰা ওলাই তপিনাৰ মাজেৰে পাৰ হৈ ভৰিৰ পাছফালেদি তললৈ নামি যায়৷ আঁঠুৰ ঠিক ওপৰ অংশত এই নাডী দুভাগত বিভক্ত হৈ গোৰোহাৰ ওপৰৰ গাঁঠিৰ কাষেৰে তলুৱালৈ নামি যায়৷ পিছফালেৰে আঁঠুৰ ওচৰত দুভাগত বিভক্ত হৈ সৰু গাঁঠিৰ কাষেৰে তলুৱালৈ বিয়পি পৰিছে৷ চায়টিকা নাডী মেৰুৰজ্জুৰ পৰা ওলাই নিতম্ব আৰু ভৰিৰ যি অংশৰ মাজেদি তলুৱালৈ যায়, সেই অংশত এই বাত নাডীৰ লগত সম্বন্ধিত যি বিষ উৎপন্ন হয়, তাকে চায়টিকা বুলি কোৱা হয়৷

চায়টিকা ৰোগৰ কাৰণ-
এই ৰোগ হোৱাৰ অনেক কাৰণ হ’ব পাৰে৷ যেনে মেৰুদণ্ডৰ লাম্বাৰ(lumber) অংশৰ হাডসমূহৰ মাজত কিবা জন্মগত বিকৃতি থকা তথা এই অংশৰ হাডসমূহত কিবা বিকাৰ আহি পৰা, মেৰুদণ্ডৰ কাষত যিকোনো প্রকাৰৰ ফোঁহা হোৱা, মেৰুদণ্ডৰ কোনো ভাগ ফুলি উঠা, প্রষ্টেট গ্রন্থি বাঢ়ি যোৱা, অথবা মূত্রাশয়, গর্ভাশয় তথা ডিম্ব গ্রন্থিৰ কোনো ৰোগো ইয়াৰ কাৰণ হ’ব পাৰে৷ বহুদিনীয়া কোষ্ঠবদ্ধতাও এই ৰোগৰ কাৰণ হ’ব পাৰে৷ বিশেষজ্ঞসকলৰ মতে চায়টিকা নাডী শৰীৰৰ সকলোতকৈ দীঘল নাডী৷ এই নাডীক বাত নাডী বুলিও কোৱা হয়, কিয়নো ইয়াৰ ওপৰত বাতৰ (বায়ু) প্রকোপ বেছি হয়৷ একেৰাহে বহু সময় ধৰি বহি থাকিলেও চায়টিকা বিষ হ’ব পাৰে৷ কিছুমান মহিলাই তিতা কাপোৰ পিন্ধি বহু সময় ধৰি বাথৰুমত কাপোৰ ধুই থাকে, এনে অৱস্থাতো শীতল পানীৰ সম্পর্কত বাত প্রকোপ বৃদ্ধি হৈ এই ৰোগৰ উৎপত্তি হ’ব পাৰে৷ ঋতুস্রাৱ অনিয়মিত হোৱা, অত্যধিক মাত্রাত হোৱা, একেবাৰে কমকৈ হোৱা বা পীডাযুক্ত ঋতুস্রাৱৰ বাবেও বাত নাডীৰ ওপৰত হানিকাৰক প্রভাৱ পৰে৷ ফলত চায়টিকা ৰোগ সৃষ্টি হ’ব পাৰে৷ শীত ঋতুত বাত প্রকোপ বৃদ্ধি হৈ এই ৰোগৰ তীব্রতা বৃদ্ধি কৰে৷ বেছিভাগ অৱস্থাতে কোনো এটা ভৰিতহে এই বিষ দেখা দিয়ে৷ ডায়েবেটিছ তথা ভিটামিনৰ অভাৱত এই ৰোগ বাঢ়ি যায়৷
চায়টিকা ৰোগৰ একুপ্রেচাৰ চিকিৎসা
চিকিৎসা আৰম্ভ কৰাৰ আগেয়ে এই ৰোগৰ মূল কাৰণসমূহ জানি ল’ব লাগে৷ শীতল বাতাৱৰণত থকা আৰু শীতল খাদ্য পদার্থ সেৱন কৰা লোকসকল এই ৰোগত বেছিকৈ আক্রান্ত হয়৷ সেয়েহে চিকিৎসাৰ প্রাৰম্ভতে ৰোগীক শীতল বাতাৱৰণ আৰু শীতল খাদ্যৰ পৰা দূৰত ৰাখিব লাগিব৷ যিহেতু কোষ্ঠবদ্ধতাও এই ৰোগৰ অন্য এটা কাৰণ, সেয়েহে সর্বপ্রথমে কোষ্ঠবদ্ধতা দূৰ কৰিব লাগিব৷ কোষ্ঠবদ্ধতাৰ প্রাকৃতিকভাৱে নিৰাময়ৰ বিষয়ে ইতিমধ্যে মার্চ মাহৰ সংখ্যাটোত বর্ণনা কৰা হৈছে৷ কোষ্ঠবদ্ধতা দূৰ কৰিবৰ বাবে এনিমাৰো ব্যৱহাৰ কৰিব পাৰি৷ একুপ্রেচাৰৰ দ্বাৰা চায়টিকা ৰোগ সম্পূর্ণৰূপে নিৰাময় হ’ব পাৰে৷ এই ৰোগ দূৰ কৰিবৰ বাবে ভৰিৰ লাম্বাৰ(lumber), চেক্রাম, কিডনী আৰু মূত্রাশয় সম্বন্ধীয় প্রতিবিম্ব কেন্দ্রত চাপ দিব লাগে৷ ইয়াৰ উপৰি গোৰোহাৰ মধ্যভাগত চাপ দিব লাগে৷ এই অংশ যিহেতু কঠিন সেয়েহে ইয়াৰ চাপ দিবৰ বাবে ৰবৰ বা কাঠৰ যিকোনো উপকৰণ লোৱা উচিত৷
ভৰিৰ তর্জনী আৰু মধ্যমা আঙুলিত মালিচ কৰাৰ দৰে চাপ প্রয়োগ কৰিলে যথেষ্ট আৰাম পোৱা যায়৷
ভৰিৰ গাঁঠিৰ কাষৰ বাহিৰ ফালে থকা অংশত চাপ দিব লাগে৷ ভৰিৰ তল অংশ আৰু হাত আৰু ভৰিৰ ওপৰ দুয়ো আঙুলিৰ মাজৰ চেনেল চাৰিটাত চাপ দিলে এই বিষত সকাহ পোৱা যায়৷
কাটি হৈ শুই হাতখন ভৰিৰ ওপৰত ৰাখিব লাগে৷ হাতৰ মধ্যমা আঙুলিয়ে ভৰিৰ বাহিৰ ভাগৰ যি অংশত স্পর্শ কৰিব, সেই অংশত হাতৰ আঙুলিৰে গভীৰ চাপ দিব লাগে৷ এই কেন্দ্র চায়টিকাৰ লগত বিশেষভাৱে সংলগ্ণ৷ প্রত্যেক বিন্দুতে ৰোগীৰ সহন শক্তি অনুযায়ী কেইছেকেণ্ডমানৰ পৰা এক দুই মিনিটলৈকে চাপ দিব পাৰি৷ ৰোগীক একটীয়া কৰি শুৱাই লৈ ভৰিৰ বাহিৰ ফালে থকা চাৰিটা বিন্দুত হাতৰ আঙুলিৰে তলৰ দিশত আধা মিনিটমান সময় তিনিবাৰকৈ চাপ দিব লাগে৷

You might also like