নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ–আজমলে ছেমিফাইনেলত হাৰিলে ফাইনেল খেলাৰ সুযোগ নাপাব

ওদালগুৰি–ৰৌতা–ওৰাঙ বিশাল ৰোড শ্বঃ পথৰ দুকাষে জনতাৰ উষ্ম আদৰণি বিত্তমন্ত্রীক

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমল বিটিচি নির্বাচনত প্রাসংগিক নহয়৷ বিটিচি নির্বাচন তেওঁলোকৰ বাবে ছেমিফাইনেল বুলি কোৱাটো হাস্যকৰ৷ কাৰণ ছেমিফাইনেলত হাৰি থাকিলে ফাইনেল খেলিবলৈ সুবিধা নাপাব৷ আজি ওদালগুৰি জিলাৰ ৩৯নং পাঁচনৈ ছেৰফাং সমষ্টিত বিজেপিৰ প্রক্ষেপিত প্রার্থী দীপক মৌৰৰ হৈ প্রচাৰ চলাবলৈ আহি এক বিশাল বাইক ৰেলীত ভাগ লৈ এইদৰে সংবাদ মাধ্যমৰ আগত অভিমত ব্যক্ত কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ লগতে কয়– বিজেপিৰ লগত কোন প্রতিদ্বন্দ্বিতাত আহিব, সেয়া মই নকওঁ৷ কিন্তু পাঁচনৈ ছেৰফাঙত বিজেপিৰ বিজয় নিশ্চিত আৰু প্রথম পর্যায়ৰ নির্বাচনত ওদালগুৰি আৰু বাক্সা দুয়োখন জিলাতে বিজেপিয়ে ৯০ শতাংশ আসন লাভ কৰিব৷ বৃহস্পতিবাৰে দুপৰীয়া মাজবাট আই টি আই ক্রীড়াংগনত হেলিকপ্ঢাৰেৰে প্রদার্পণ কৰাৰ সময়ত জনপ্রিয় নেতাগৰাকীক বিজেপিৰ হাজাৰ হাজাৰ কর্মী, সমর্থক আৰু গুণমুগ্ধ ৰাইজে ভাৰত মাতা কী জয়, বন্দে মাতৰম, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ আদি ধ্বনিৰে উষ্ম আদৰণি জনায়৷ ইয়াৰ পাছতে সংসদ পল্লৱলোচন দাস, ৩৯নং পাঁচনৈ ছেৰফাং সমষ্টি আৰু ৪০নং ৰৌতা সমষ্টিৰ বিজেপি প্রার্থী ক্রমে দীপক মৌৰ, কস্তুৰাম বাগলাৰীসহ তেওঁ এখন পুষ্পসজ্জিত বাহনত উঠি লগত প্রায় পাঁচ–ছয় সহস্রাধিক বাইকেৰে দৃষ্টিনন্দন বিশাল ৰেলীত ওৰাং–ৰূপামাজবাট পথেৰে আগুৱাই গৈ ওৰাং, ওৰাঙৰ পৰা ১৫নং ৰাষ্ট্রীয় পথেৰে ৰৌতা সমষ্টি অভিমুখে ৰাওনা হয়৷ সুদীর্ঘ প্রায় ৪৭ কিলোমিটাৰ এই বিশাল ৰোড শ্ব’টো ৰৌতা অভিমুখে আগবাঢ়ঁোতে মাজবাট নগৰীৰ মাজমজিয়া, ঐতিহাসিক মহামুনি দেৱালয়ৰ পদূলি, মহলিয়াপাৰা গাঁৱৰ চ’ক, হাবিগাঁও শান্তি চ’ক, ওৰাং চাহ বাগিচাৰ গধূলি বজাৰ চ’ক আৰু ওৰাং সামূহিক স্বাস্থ্যকেন্দ্রৰ কাষত পুষ্প বর্ষণ কৰি বিভিন্ন বস্ত্রৰে উষ্ম সন্মান যাচে সহস্রাধিকজনে৷

ইয়াৰ পাছতেই ওৰাং চাৰিআলিত ১৫নং ৰাষ্ট্রীয় পথত প্রৱেশ কৰে৷ এই সময়ত ওৰাঙত বিজেপিৰ নির্বাচনী কার্যালয়ৰ সন্মুখত তিনি শতাধিক দলীয় কর্মকর্তা, সমর্থক, বয়োজ্যেষ্ঠ নাগৰিক, ৰাইজে উষ্ম আদৰণি জনায়৷ ৰাষ্ট্রীয় পথৰ দাঁতিত ক্রমে নিচিলামাৰী, বগৰীবাৰী, গেলাবিল হাইস্কুল প্রাংগণ, গেলাবিল চাৰিআলি, গেলাবিল কৃষ্ণগুৰু সেৱাশ্রম প্রাংগণ, শ্রীমন্ত শংকৰদেৱ গেলাবিল সত্র–নিকট স্থান, গ্রাম্য নগৰী ধনশ্রীঘাট চাৰিআলি, ৰৌতা হাটখলা আদিত ৰাইজ, বিজেপিৰ বহু সহস্রাধিক লোক, কর্মী আৰু সমর্থকে হিমন্ত বিশ্ব শর্মাক গামোচা আৰু আৰনাই, ফুলৰ মালা আদিৰে সম্বর্ধনা জনোৱাৰ লগতে জয়ধ্বনিৰে উষ্ম আদৰণি জনায়৷ পাছত নেতাগৰাকী ৰৌতা পৰিষদীয় সমষ্টিৰ বড়োবজাৰ বঙালী গাঁৱত পাঁচ সহস্রাধিক লোকৰ উপস্থিতিত এখন নির্বাচনী সভাত অংশগ্রহণ কৰেগৈ৷ ইপিনে পাঁচনৈ ছেৰফাং সমষ্টিৰ বিজেপি কর্মী আৰু সমর্থকসকলে ধনশ্রীঘাটৰ পৰা মেৰাবিল, গৰৈমাৰী, চিলংখুটি, বেটেলী চাহ বাগিচা হৈ মাজবাটস্থিত বিজেপিৰ নির্বাচনী কার্যালয়লৈ উভতি আহে৷ ইফালে ওদালগুৰিত বিশাল বাইক ৰেলী আৰু দুখনকৈ জনসভাত অংশগ্রহণৰ পাছত সন্ধিয়া পাঁচ বজাত ওদালগুৰিত উপস্থিত হোৱা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ওদালগুৰিত সাত কিলোমিটাৰজোৰা পদযাত্রাত অংশগ্রহণ কৰি নির্বাচনী প্রচাৰ চলায়৷ বিটিচিৰ ৩৭নং পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী ৰাধেশ্বৰী বড়ো আৰু ৩৮নং পৰিষদীয় সমষ্টিৰ প্রার্থী বিৰদাও বসুমতাৰীৰ হৈ ওদালগুৰিৰ গোল্মাগাঁও হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰা পদযাত্রা ওদালগুৰিৰ গোল্মা চ’ক, নলবাৰী কঁঠালগুৰি, পুৰণি গৰৈবাৰী, মিছন ৰোড, সাপ্তাহিক বজাৰ হৈ ওদালগুৰিৰ শ্বহীদ বেদী আৰু বিষ্ণু ৰাভা কৃষ্টি সংঘ প্রাংগণৰ সন্মুখৰ পৰা ওদালগুৰিৰ ৰাস ময়দানত উপস্থিত হয়৷ হাজাৰ হাজাৰ সমর্থকক লগত লৈ পদযাত্রা কৰা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভৈৰৱকুণ্ড সমষ্টিৰ লগতে ধনশ্রী সমষ্টিৰ ৰাইজে ঠায়ে ঠায়ে ফুলৰ থোপা, মালা, ফুলাম গামোচা, আৰনাই আদিৰে আদৰণি জনায়৷ পদযাত্রাৰ পাছত নিশা ৮.৩০ বজাত ওদালগুৰিৰ ৰাস ময়দানত এখন জনসভা সম্বোধন কৰি কয়– মোৰ জীৱনৰ নির্বাচনী অভিজ্ঞতাৰ পৰা কৈছোঁ যে এতিয়া আৰু বিটিচিৰ বি পি এফ প্রতিযোগিতাত নাই৷ বিজেপিৰ প্রতি ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰিয়ে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে মন্ত্রী ড০ শর্মাই৷

You might also like