আজমল ছুপাৰ–৪০ : হোজাইত NEET-JEE-2025ত সফলতা লাভ কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা
হোজাইস্থিত মৰিয়ম আজমল ৱমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনোলজীৰ চৌহদত আজি আজমল ফাউণ্ডেচনৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। আজমল ছুপাৰ–৪০ আঁচনিৰ জৰিয়তে NEET আৰু JEE–2025 পৰীক্ষাত সফলতা অৰ্জন কৰি দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা ৫৫০ৰো অধিক কৃতী শিক্ষাৰ্থীক সভাত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সভাত আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমল, মুখ্য ন্যাসৰক্ষী চিৰাজুদ্দিন আজমলসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
NEET–২০২৫ত আজমল ছুপাৰ–৪০ৰ হিমন্ত পৰাণ শইকীয়াই ৬০৬ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ লগতে বহু শিক্ষাৰ্থীয়ে AIIMS আৰু GMCHসহ বিভিন্ন প্ৰতিষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰে। JEE–2025তো IIT গুৱাহাটী, খড়্গপুৰ, ধানবাদ আৰু ইন্দোৰত একাধিক শিক্ষাৰ্থী নিৰ্বাচিত হয়।
দৰিদ্ৰ অথচ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ সপোন পূৰণৰ লক্ষ্যৰে ২০১৬ চনত আৰম্ভ হোৱা আজমল ছুপাৰ–৪০ আঁচনিয়ে সম্পূৰ্ণ বিনামূলীয়া আৰু ৰেহাইযুক্ত কোচিঙৰ জৰিয়তে আজিলৈকে হাজাৰ হাজাৰ শিক্ষাৰ্থীক সফলতাৰ পথ দেখুৱাইছে। সভাৰ অন্তত কৃতী শিক্ষাৰ্থী আৰু শিক্ষক–শিক্ষয়িত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
নিয়মীয়া বাৰ্তা, ডবকা, ৩১ ডিচেম্বৰ