নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্য কামৰূপ কলেজত বাল্য বিবাহমুক্ত ভাৰত শীৰ্ষক সজাগতা শোভাযাত্ৰা

আজি চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত “বাল্য বিবাহ মুক্ত ভাৰত” বিষয়ক এখন সজাগতামূলক শোভাযাত্ৰা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আয়োজন কৰা এই শোভাযাত্ৰাৰ মূল লক্ষ্য আছিল সমাজত বাল্য বিবাহৰ কুফল সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা আৰু এই সামাজিক কুৰীতি নির্মূল কৰাৰ বাবে জনসমাজক উদ্বুদ্ধ কৰা।

শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাৰ লগতে অধ্যাপক-অধ্যাপিকাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। লগতে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীও শোভাযাত্ৰাত যোগ দি বিভিন্ন সজাগতামূলক শ্লোগান আৰু প্লেকাৰ্ডৰ জৰিয়তে বাল্য বিবাহ বিৰোধী বাৰ্তা প্ৰচাৰ কৰে।

ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ

You might also like